বৰতাৰ স্মৃতি

পৰী [পঞ্চমী] বৰগোহাঁই


শ্ৰদ্ধাৰ বৰতা উৎসৱৰ বতৰতে লগৈ৷ ৰংবিহীনতাই আগুৰি ধৰিলে গোটেই ঘৰখনকে৷ বৰতা নাই৷ আমাৰ বাবে এক হুমুনিয়াহ৷ এক বিৰাট শূন্যতা৷ তথাপিও চিৰন্তন সত্যক স্বীকাৰ কৰিছো৷ 

আমি জন্মৰে পৰাই পাইছো, একে পৰিৱেশতে আছো৷ ইমান সোনকালে ভবাই নাছিলোঁ৷ বৰতা নাথাকিলেও বৰতাৰ কিছুমান কথাই খুন্দিয়াই থাকিব৷

ঘৰত মোক সকলোৱে পঞ্চমী বুলিয়েই মাতে৷ কিন্তু বৰতাই মোক কোনোদিনেই পঞ্চমী বুলি নামাতিলে৷ মাতে পচমনি বুলি৷ তেই লগ নাপাওঁক পচমনি বুলিয়েই মাতিব৷ পচমনি বুলি মাতোতেই বৰমাই কেতিয়াবা ভেকাহি মাৰি উঠে, কিনো পচমনি বুলি মাতে৷ বৰতাই কিন্তু তেতিয়া একো কোৱা নাছিল, মাত্ৰ মিছিকিয়াই হাঁহিছিলহে৷ অকল মোকেই নহয় আমাৰ ঘৰৰ গোটেই কেইজনীকে বৰতাই নিজে দিয়া নামেৰে মাতিছিল৷ আমাৰ প্ৰতিটো খবৰেই ৰাখিছিল৷ কটন মহাবিদ্যালত পঢ়ি থকাৰ সময়ত পূজা, বিহুৰ বন্ধুত যেতিয়া ঘৰলৈ গৈছিলোঁ তেতিয়া সুধিছিল কেতিয়া যাবি, তাত কেনেকুৱা কি, গুৱাহাটীৰ দদাইদেউৰ ঘৰলৈ গৈ আছ নহয়ঞ্জ বিয়া হোৱাৰ পিছত সেই প্ৰশ্ন কেইটা সলনি হৈ স্কুল, দৰমহা, ঘৰত সীমাৱদ্ধ আছিল৷ বৰতাই মোক কোৱা বা সোধা কথাবোৰ তেনেই সাধাৰণ৷ কিন্তু মোৰ বাবে অসাধাৰণ আছিল৷ কাৰণ বৰতাই কথাকেইটা মোক বৰ আন্তৰিকতাৰে সুধিছিল৷ সেই আন্তৰিকতা আৰু নাপাম৷

আমি গোটেই বাই-ভনীবোৰ লগ লে যি হুলস্থুল কৰো, সেই হুলস্থুল বা কামবোৰত অতিস্থ হৈ ডাঙৰকৈ টান কথা এষাৰ কৈ নাপালে বৰতাই৷ শান্ত বৰতাই কাকো অশান্তি নকৰাকৈ লগৈ৷ বৰতা যতেই আছে শান্তিৰে থাকক৷ মাত্ৰ আশীৰ্বাদ কৰি থাকিলেই ল৷ আমি বহুদূৰ যাবলৈ আছে৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ