স্মৃতিৰ মানসপটত সৰু মোমাইদেউ

আইমা [ৰাজলক্ষী লাহন]



মাহঁতৰ ছজনীয়া সহোদৰৰ পঞ্চমজন আছিল ৰবিন মোমাইদেউ৷ মাতুল বংশৰ সৰু মামাৰ সৈতে আছিল আমাৰ ঘনিষ্ঠতা আৰু গাঢ় আত্মীয়তাবোধ৷ কিয়নো বাকীসকল নিজৰ কৰ্মক্ষেত্ৰ অনুসৰি আমাৰ পৰা দূৰৈত আছিল৷ সেয়েহে সৰুৰেপৰাই তেখেতৰ নিবিড় সান্নিধ্যত আমি অতি আন্তৰিকতাৰে বাস কৰিছিলো৷ মনত থকাৰে পৰা মামা শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল যেন অনুভৱ কৰিছিলো৷ কিয়নো আমাৰ চাউৰুকীয়া আৰু বালিগাঁৱৰ ব্যৱধান মাত্ৰ দুই কিলোমিটাৰ৷ এই কম দূৰত্বত চাইকেল চলাই তেখেত প্ৰায়েই আমাৰ ঘৰৰ বিচনাত শুই পৰিছিল৷ তেওঁ সৰুৰে পৰা মেধাৱী ছাত্ৰ আছিল কিয়নো ঢকুৱাখনাৰ পৰা বৃত্তিসহ প্ৰাথমিক শিক্ষা সাং কৰি পৰৱত্ত¹ কালত উত্তৰ লক্ষীমপুৰত উচ্ছ শিক্ষা আৰু উৰিষ্যাৰ পৰা বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি লখিমপুৰৰ কলেজিয়েট হাইস্কুলত চাকৰি জীৱনৰ পাতনি মেলাৰ উপৰিও তেখেত ত্ৰ.ড্ড.ট্ৰ. পদৰ বাবেও উপযুক্ত প্ৰাথ¹ হিচাবে বিবেচিত হৈছিল৷ ঘৰুৱা অসুবিধাৰ বাবে তেওঁ উক্ত পদত মকৰল নহৈছিল৷

১৯৮১ চনত আমাৰ পুথাদেউৰ মৃত্যু হৈছিল৷ পুথাদেউৰ মৃত্যুৰ পিছত অকলশৰীয়া এনাই আৰু ঘৰৰ দায়িত্ব কান্ধপাতি লৈ তেখেতে Graduate Post পৰা অৱনমিত হৈ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ Intermediate Post চাকৰিত নিয়োজিত হৈছিল৷ ইয়াৰ পিছত মামী শ্ৰীযুক্তা চন্দ্ৰমা দুৱৰীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ সুখৰ সংসাৰৰ পাতনি মেলিছিল৷ এক দীঘলীয়া পৰিক্ৰমাত ব্যক্তিগতভাৱে মই জীৱনত শৃংখলিতভাৱে জীয়াই থকাৰ বিভিন্ন দিশ সমূহৰ বিষয়ে জ্ঞান লাভ কৰিছিলো৷ বিশেষকৈ পঢ়াৰ প্ৰতি আগ্ৰহী হৈ এগৰাকী সু-নাগৰিক হোৱাৰ পথ দেখুওৱাৰ উপৰিও নিজ উপাৰ্জনৰ পথ উলিওৱাৰ বাবে বিশেষ গুৰুত্ব দিছিল, অৱশ্যে দুৰ্ভাগ্যবশতঃ এই দিশত মই অপাৰগ হৈছো৷ তেখেতৰ আটাইকেইটা সন্তানক  সু-শিক্ষা প্ৰদান কৰি সমাজৰ একোজন বলিষ্ঠ মানৱৰূপে প্ৰতিষ্ঠিত কৰি থৈ গৈছে৷ কৃষি কৰ্মৰ প্ৰতিও তেওঁৰ বিশেষ গুৰুত্ব আছিল৷ বৰ্তমানৰ ফাট-বিহু তলীত তেওঁলোকৰ বাওখেতিৰ বাবে হাল বাওঁতে মই তেওঁক চাহ দিবলৈ নদীৰ একাঁঠু পানীত পাৰ হোৱাৰ কথা মনত পৰে৷ উক্ত ঠাইখিনি অতি নিজান হোৱাৰ বাবে একে দৌৰে শিমলু তল পাইছিলো৷  কিছুমান ধেমেলীয়া কথাইও মনত বৰ খোৰাক যোগাইছিল৷ আবেলি গৰু বিচাৰিবলৈ বজাৰৰ গলিলৈ যাবলৈ ওলাই কৈছিলআমাৰ টাউনীয়া গৰুৱে কাগজ আৰু পলিথিন খায় আৰু বজাৰত থাকে৷ তহঁতৰ গাঁৱলীয়া সৰুৱে ঘাঁহ খায় আৰু পথাৰত চৰে, এনেকুৱা টাউনীয়া ঘৰত থাকি স্কুল পঢ়িবি বুলি লে, তই নেথাক ঘৰ গোণা হৈছ৷

সমাজ সচেতন ব্যক্তি হিচাপে ঢকুৱাখনাৰ যিকোনো সামাজিক অনুষ্ঠান যেনে-- ‘মেগামিক্স প্ৰকৃতি সংঘ’, ‘প্ৰৱীন নাগৰিক সংস্থা’, ‘সাহিত্য সভাঢকুৱাখনা শাখাৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হোৱাৰ উপৰিওমেধাবী বিদ্যাপীঠনামৰ এখন বিদ্যালয় গঢ়ি তুলিছিল৷

ইয়াৰোপৰি ব্যক্তিগতভাৱে মোৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ বাবে দিহা-পৰামৰ্শ লৈ আগবাঢ়িছিলো৷ বাহ্যিক দৃষ্টিত ছাত্ৰ-ছাত্ৰীৰ বাবে লেবাছাৰ আৰু জধলা মামাজনক হেৰুৱাই অন্তৰত এক তীব্ৰ বিষ অনুভৱ কৰিছো৷ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰেই কামনাৰে৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি