শ্ৰদ্ধাঞ্জলি

অমৰজ্যোতি


হে মহান 

তোমাক জনাও মোৰ

সশ্ৰদ্ধ প্ৰণাম

তুমি প্ৰজ্ঞাৰ সাধক

তুমি জ্ঞানৰ আলোকময় জ্যোতি

তোমাৰ জ্ঞানে

পোহৰায় অজ্ঞানৰ এন্ধাৰ বাট

সুন্দৰ কৰে সমাজ

তোমাৰ সুন্দৰ মন

তোমাৰ ব্যস্ততাপূৰ্ণ শিক্ষকতা জীৱন

সমাজৰ বাবে এক নিদৰ্শন

সুস্থ সমাজ 

বলিষ্ঠ মানৱ সম্পদ গঢ়াত

তোমাৰ অৱদান আছিল অপৰীসিম

তোমাৰ কোমল হূদয়

তোমাৰ নিজস্ব জ্ঞানৰ সত্তা

আন দহজন জ্ঞান পিপাসুৰ বাবে

প্ৰেৰণা স্বৰূপ

আই জননীৰ তুমি আছিলা 

সুযোগ্য সন্তান

যাৰ বাবে তুমি আজি

মহিয়ান

তোমাৰ ছাত্ৰ প্ৰেম

তোমাৰ বিশাল প্ৰাণ্ডিত্বই উদ্ধুদ্ধ কৰে 

সত সহস্ৰজন নবীন শিক্ষা গুৰুক৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ