মিষ্টাৰ ৰবীন

পাপু


বেদান্তদাই [সৰু আপাদেউৰ পুতেক] লেতই এনেই অকলে আমনি পোৱাতকে মোৰ লগতে মাধুৰিমাহঁতৰ ঘৰৰ অন্নপ্ৰাসন্ন খাই আহোগৈ৷মই ভাবিলোঁ পৰিকল্পনাটো বৰ বেয়া নহয়, সেইদিনা ৰাতি বেদান্তদাৰ ঘৰত কিছু দেৰিলৈকে থকাৰ কথা আছিলে, গতিকে বেদান্তদা যদি নাথাকে মই অকলে কি কৰি থাকিম৷ তেওঁৰ লগতে লো, তাত ইতিমধ্যে অনুষ্ঠান শেষ বৰেই হৈছিল৷ মানুহৰ আহ-যাহ শেষ হৈছিলগৈ প্ৰায়, আমাক মাতি নি ভিতৰত টেবুলখনতে বহিবলৈ দিলে, লগত আৰু দুজনমান তেওঁলোকৰ চিনাকি মানুহ৷ ৰাতি প্ৰায় চাৰে সাত মান বাজিছিল ছাগৈ৷ দেখিছোঁ দেউতা সোমাই আহিছে৷ বাৰু, ঠিক আছে-- দেউতাৰ এইটো নিয়মেই৷ নিমন্ত্ৰণ পালে মুঠতে দহো বন কাতি কৰি যাব৷ তাৱৈদেউৱে দেউতাক মাতি মেলি আমি বহি থকা টেবুলখনতে বহিবলৈ দিলে৷ বেদান্তদাৰ কাষতে বহি দেউতাই এফালৰ পৰা মানুহকেইজনৰ লগত চিনাকি বলৈ আৰম্ভ কৰি দিলে, “এওঁ কোন? এওঁ? , , তালৈ মই গৈছোঁ নহয়... ছাইকেল মাৰি গৈছোঁইত্যাদি৷ মই দেউতালৈ চাই আছোঁ, মনতে ভাবি আছোঁ মানুহকেইজনে খাবলৈ বহি এনেকৈ কথা পাতি থাকিবলৈ কিমান যে আমনি পাইছে৷ গতিকে দেউতাক ঘৰলৈ গৈ লাগিব খোৱাৰ সময়ত মানুহৰ লগত চিনাকি নহলেও হয়, পাছতো পৰা যায়৷ তেনেকৈ চিনাকি হৈ হৈ এটা সময়ত মোলৈ আঙুলি টোঁৱাই দেউতাই বেদান্তদাক সুধিলে এওঁ কোন? বেদান্তদাই অলপ সময় দেউতালৈ চালে, ওচৰতে তাৱৈদেউও আছিলে, দুইজনেওৱা সেইটো পাপু আক৷ডায়েবেটিছৰ বাবে দেউতাৰ আগফালৰ দাঁতকেইটা সৰি সৰি নাইকিয়া হৈছিলগৈ৷ থকা দাঁতটোকে উলিয়াই ফেলফেলকৈ হাঁহি, ‘পাপু??  তই আকৌ কেলেই আহিলি ইয়ালে, ধৰিবই পৰা নাছিলোঁ তোক...’

দেউতাই সদায় ৰাতিপুৱা বহুদূৰ খোজ কাঢ়িবলৈ গৈছিল৷ বৰষুণ দিয়াৰ দিনা ছাতি এটা লৈ লেও গৈছিল৷ খোজ কাঢ়ি কাঢ়ি খোজ কঢ়া প্ৰতিযোগিতাত অংশ লৈ পুৰস্কাৰো পাইছিলো৷ এবাৰ ভেটাৰ্ণ স্পৰ্টছৰ বাবে বাংগালুৰুৰ পৰাও আহিলগৈ৷ মনে মনে মোৰ অলপ চিন্তা, ঘৰত থাকোঁতেই দেউতাৰ স্বাস্থ্যৰ বাবে চিন্তা লাগি থাকে, মা নাথাকিলে যথেষ্ট দিগদাৰি৷ এনে অৱস্থাত অকলে, তাকো ইমান দূৰলৈ৷ বাহঁতৰো একেই চিন্তা৷ দেউতাৰ লগত কথা পাতিলোঁ, তেওঁৰ কথাৰ সুৰত যথেষ্ট আত্মবিশ্বাস, ‘পাৰিম নহয় মই, আৰু অকলে নাযাওঁ আৰু যাব খেলিবলৈ যোৱা মানুহ গতিকে যোৱাটোত আৰু আপত্তি কৰাৰ থল নাথাকিল৷ তাৰ পাছত তেওঁ গৈ আহিলগৈ, আৰু সকলোলৈ উপহাৰো লৈ আহিলে৷ মোলৈ আনিছিল এটা টি-ছাৰ্ট৷ কাপোৰ কানি কিনাৰ ক্ষেত্ৰত সদায় মা নহলে বা৷ দেউতাই যদি আনে, কিতাপ-বহী-আলোচনী৷ গতিকে বাংগালুৰুৰ পৰা মোলে কাপোৰ অনা কথাটোত মই যথেষ্ট আচৰিতেই হৈছিলোঁ, তাতকৈ বেছি আচৰিত হৈছিলোঁ টি-ছাৰ্টটো খুব জোখৰ আছিল৷

যি নহওক, দেউতাৰ এই ৰাতিপুৱা খুব সোনকালে উঠি খোজ কঢ়াৰ অভ্যাসটোৰ এটা দিনৰ সুফল ময়ো পাইছিলোঁ৷ সৰুতে সদায় ৰাস চাওঁ, কিন্তু ৰাতিপুৱালৈকে থাকি ৰাসলীলা চোৱাৰ সুযোগ কেতিয়াও হোৱা নাছিল৷ ছেভেনমানত থাকোঁতে দেউতাই আগদিনা লে ৰাতিপুৱা মই খোজ কাঢ়িবলৈ যোৱাৰ সময়ত উঠিবি, ৰাস চামগৈ৷ পিছদিনা পুৱা তিনিমান বজাত ঠাণ্ডাত কঁপি কঁপি ওলালোঁ৷ দেউতাই বিন্দাছ ঘাঁহিগাঁৱৰ ৰাসমণ্ডপলৈ মোক সোমোৱাই নি মহাৰাসলীলা চোৱাৰ সৌভাগ্যকণ কৰি দিলে৷সেই ঠাণ্ডাখনত যে কেনেকৈ তেওঁ স্বাস্থ্যৰক্ষাৰ বাবে খোজ কঢ়াৰ অভ্যাসটো বজাই ৰাখিছিল ভাবিলে আচৰিত লাগে৷

স্কুলৰ অলপ ডাঙৰ শ্ৰেণী পাইছোগৈ৷ দেউতাৰ সাধাৰণতে খং উঠা দেখা নাছিলোঁ, মোৰ আগত সাধাৰণতে খং নেদেখুৱাইছিল৷ কিন্তু বেলেগৰ ওপৰত কেতিয়াবা খং উঠা দেখি মোৰ অলপ ভয়েই লাগিছিল৷ মিটিংবোৰত কেতিয়াবা খাৰাংখাচকৈ কৈ দিছিল৷ আৰু দেউতাই খুব ডাঙৰ ডাঙৰকৈ হাঁচি মাৰিছিল৷ এনেকুৱা কাৰণবোৰ ভাবি মেলি মই স্কুলত কিবা মিটিং লে দেউতা উপস্থিত থকাটো বিচৰা নাছিলোঁ৷ কিন্তু সব মিটিঙলৈ ছাইকেলখন লৈ লৈ সময়ত ওলাইছিলগৈ৷ তেনেকুৱা এটা বয়সতে এদিন মই স্কুলৰ পৰা আহি পাইছোঁ, আৰু লগালগ কৰিছোঁ কি-- নতুনকৈ চিলোৱা ছাৰ্টটো খুলি ধুই দিছোঁ৷ কাৰণ কাইলৈ আকৌ ধুনীয়াকৈ স্কুললৈ ওলাব লাগিব৷ মই ধুই মেলি ৰচীত মেলিবলৈ লৈছোঁ, দেউতা সেইখিনিতে আছিল৷ কিবা কাৰণত ছাগৈ তেওঁৰ খঙো উঠি আছিল, তাতে স্কুলৰ পৰা মোৰ কিবা অলপ ‘‘ৰেকৰ্ডদুদিনমানৰ আগেয়ে ঘৰলৈ আহিছিল৷ মই ছাৰ্টটো মেলিবলৈ লৈ দেউতাক লো, দেতা অলপ আঁতৰি দিয়কচোন ছাৰ্টটো মেলোঁ৷ তেওঁ আঁতৰি দিলে, তাৰপাছত গৈ থাকোঁতে মোক কৈ , ‘পাপু তই অলপ বেয়া হৈছ

স্কুলৰ পৰা কিবা অভিযোগ লে সেইবোৰৰ আলোচনা সদায় মায়ে কৰিছিলে৷ সেইদিনা প্ৰথমবাৰৰ বাবে দেউতাৰ মুখত তেনেদৰে শুনি মোৰ নিজকে বহুত অপৰাধী যেন লাগি গৈছিল৷

সৰুতে মোৰ এনে লাগিছিল দেউতাই মোক ইমানো বেছি মৰম নকৰে ছাগে৷ এবাৰ পূজাত সৰু আপাদেউৰ নাতি ৰা দুটাক তেওঁ দুখন পুতলা গাড়ী উপহাৰ দিলে৷ মোৰ মতে এয়াতো ঘোৰ অন্যায়৷ মোকতো কাহানিও তেনেকৈ দি নাপালে৷ কিন্তু ডাঙৰ হৈ আহোতে লাহে লাহে অনুভৱ কৰিবলৈ লো দেউতা আৰু মাই আমাক কৰা মৰমৰ ধাৰণাটো কিছু বেলেগ আছিল৷ মৰম কৰিছিল, কিন্তু কাহানিও পোনপটীয়াকৈ প্ৰকাশ নকৰিছিল৷ কিন্তু কিবা এটা ভুল কৰিলে সেয়া চিধাচিধিকৈ গাত লগাকৈ কৈ দিছিল যাতে দুনাই কৰিবলৈ সাহস কৰিব নোৱাৰোঁ৷ সেইবাৰ আমাৰ স্কুলত বিজ্ঞান প্ৰদৰ্শনী এখন হৈছিল৷ মানুহ এজনৰ আগত মই মোৰ মডেলটো বুজাই আছোঁ, তেনেতে মোৰ লগৰে এজনে কৰোঁ বুলি কিছুমান উল্টাপুল্টা প্ৰশ্ন সুধি মোক লাজত পেলালে৷ এতিয়াটো মই ওলোটাই কৰিবই লাগিব কামটো, নহলে সি জিকি যাব মোতকৈ৷ গতিকে মইয়ো সুযোগৰ অপেক্ষাত লো৷ দেখিলোঁ সি তাৰ মডেলটো বজাবলৈ আৰম্ভ কৰিছে, মানুহ এজনে খুব মনোযোগেৰে তাৰ কথাবোৰ শুনি আছে৷ লগালগ তাৰ ওচৰলৈ গৈ তাকো যা-তা প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলোঁ, সি নোৱাৰাটোওএইটোও নাজাননেবুলি কৈ ৰণখনত যে জিকিলোঁ তাকে প্ৰমাণ কৰি আহিলোঁ৷ কিছুদিন পাছত আমি সকলোৱে সদায় গধূলি বহাৰ দৰে আগফালৰ বাৰান্দাত বহি আছোঁ, গধূলিৰ চাহ খাই আছোঁ৷ বাবাদা [সঞ্জীৱ বৰুৱা] আহিছিল, আমাৰ লগতে কথা পাতি চাহ খাইছে৷ চাহ খাই খাই দেউতাই হঠাতে আৰম্ভ কৰিলে, “বুইচ বাবা, আমাৰ পাপুৱে আজিকালি বহুত কথা জানে৷ আমাৰ স্কুলৰ বিজ্ঞান শিক্ষকে কিবা বলৈ পোৱাৰ আগয়েই টপৰাই প্ৰশ্নও সোধে, কিন্তু সোধা প্ৰশ্নৰ উত্তৰ আকৌ জানে, সোধাজনে জানে নে নাজানে পৰীক্ষাহে কৰি চায়৷ দেখিছনে আৰু কিমান ভাল কথা৷ মোক কৈছে নহয় অমুকেভৰিৰ তলৰ পৰা যিসোঁতা তেজ মূৰৰ ওপৰলৈ যিদৰে বৈ আহিছিল সেয়া বৰ্ণাব নোৱাৰিম৷ মোৰ ইমান লাজ লাগিল, সিমানে দুখো লাগিল, বেয়া লাগিল৷ নিজকে জাহিৰ কৰি নুফুৰিবি, অহংকাৰ নকিৰিবি ধৰণৰ কথা এটা মনত খাজ কাটি দেউতাই মোৰ মনত ভৰাই দিলে৷ 

দেউতাই থিয়েটাৰ চাই খুব ভাল পাইছিল আৰু ভাল পাইছিল ঘূগুণী খাই৷ অকলে নাটক চাবলৈ গৈছিল আৰু তাত ঘূগুণী, কণী এইবোৰ খাই থাকিছিল৷ পাছত আৱিষ্কাৰ কৰিলোঁ দেউতাৰ বিছনাৰ কাষত ভূজিয়া পৰি থাকে৷ তেওঁ মনে মনে ভূজিয়াৰ পেকেট আনি আনি খাই থাকে৷ ডায়েবেটিছৰ বাবে দেউতাৰ খোৱাত যথেষ্ট হকা-বাধা আছিল আৰু মায়ে সেই দিশটো সম্পূৰ্ণ কাঢ়া নজৰত ৰাখি থৈছিল৷ কেতিায়াবা বহুত বেছি লোভ সামৰাত ব্যৰ্থ লে তেওঁ আহি মাৰ কাষলৈ আহি মনে মনে খোজে, “হেৰা দিয়া, কল আধা দিয়া, একো নহয় মাই দেউতাৰ মুখলৈ কাঢ়া চকুৰে চায়, আৰু দেউতাই সিফালে মিচিকীয়া হাঁহি এটা মুখত ওলমাই ৰাখে৷ শেষত সেই ভূৱনভূলোৱা হাঁহি মাৰি দেউতা জিকে আৰু মাই আধাফাল কল দিবলৈ বাধ্য হৈ পৰে৷ অৱশ্যে এনেকুৱা মা-দেউতাৰ মাজত হোৱা সৰু-সুৰা খুট-খাটবোৰত কেৱল দেউতাহে যে জিকে, সেয়া নহয়৷ কেতিয়াবা মাও জিকিছিল৷ আৰু তেনেকুৱাত দেউতাই পাছত আহি আমাৰ আগত প্ৰায়েই ককাৰ কথা উলিয়াইছিল, “আজি মই এতিয়া মই বুলিহে, মোৰ জেগাত ককা হোৱা লে মাই ইমান সুযোগ পালেহেঁতেন...”

তাৰ পাছত আমি, ‘ দেতা, ককাৰ কথা এতিয়া উলিয়াই ৰণ জিকিব নালাগেধৰণৰ কিবা লে ধেই বুলি চকু তকু মুদি হাঁহি উৰুৱাই দিছিল৷ 

কেইদিনমানৰ আগেয়ে দেউতাক এদিন লো যে আপোনাৰ ৩৫ বছৰ মানেই ডায়েবেটিছ হৈ থকা, গতিকে ডায়েবেটিছৰ ওপৰতে কিতাপ এখন লিখক৷ ইমান বছৰ এনেদৰে ডায়েবেটিছক পৰাস্ত কৰি থকাটো কম ডাঙৰ কথা নহয়৷ পিছে ডায়েবেটিছৰ কথা ওলালেই দেউতাই চিধাই মাৰ ফালে টোঁৱাই কয় এই সকলোবোৰ মাৰৰ বাবেহে সম্ভৱ হৈছে৷ মাৰে নথকা লে ইমানদিনে মোৰ তথৈবচেই লহেঁতেন৷ মই কোৱা ডায়েবেটিছৰ কিতাপখনৰ কথা ওলাওতে কৈছিল, ‘ৰহ লিখিম সেইখন, তাৰ আগেয়ে মোৰ বেলেগ এখন কিতাপ লিখাৰহে প্লেনিং আছে৷ মামুক [বৰদেউতাৰ ছোৱালী] কৈছোঁ, সেই উপন্যাসখনৰ নাম ‘‘প্ৰিয়তমাৰ চিঠি মন ভাল থাকিলে দেউতাই প্ৰায়েই সেই কিতাপখন লিখাৰ কথা উলিয়াইছিল৷

এনেকুৱা বহুত কিবাকিবি কথা আছে, কেইটামান কথা ইয়াতে সুবিধা পাই সকলোকে ভাগ দিলোঁ৷ বহুত কথা মই নিজলৈ ৰাখি লো। হয়তু কেতিয়াবা দেউতা পুনৰ বাইছাইকেলখন লৈ দখনত ঘামি-জামি আহি ফাইলটো খুলিব, কিবাকিবি নতুন জেৰক্স কৰা কাগজ এসোপা আনি নতুন ফাইল এটাত ভৰাব, অলপ সময় বিছনাখনত শুই বুকুত হাতখন ৰাখি আঙুলিকেইটা জব্দ কৰি কিবা কিবি চিন্তা কৰি থাকিব আৰু তাৰ পাছত মাক , ‘হেৰা দিয়াচোন দিয়াহে মিঠাইটোৰ অকমাণ খাই চাওঁ, একো নহয় আৰু তেতিয়াই আমি সকলোৱে ঘূৰি চাই তেওঁৰ সেই মিচিকীয়া হাঁহিটো দেখা পাই থাকিম৷

'There is a tribe in the North American Arctic, for example, who believe that all things on earth have a soul that exists in a miniature form of the body that holds it- so that a deer has a tiny deer inside it, and a man has a tiny man inside him. When the large being dies, that tiny form lives on. It can slide into something being born nearby, or it can go to a temporary resting place in the sky, in the belly of a great feminine spirit, where it waits until the moon can send it back to earth. Sometimes, they say, the moon is so busy with the new souls of the world that it disahpears from the sky. That is why we have moonless nights, But in the end, the moon always returns, as do we all."

--- Tuesdays with Morrie.

Popular posts from this blog

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ