পেহালৈ একাঁজলি অশ্ৰু-অঞ্জলি
বাবা আৰু ৰাণু
এক শাশ্বত সত্য, অথচ সকলোৰে বাবে মৰ্মান্তিক, বেদনাদায়ক, সেইয়া হৈছে-- মানুহৰ জীৱনৰ অন্তিম পৰিণতি ‘মৃত্যু’৷ মৃত্যু আহে সংগোপনে৷ জন্মৰ দিনাই মৃত্যুৰ তাৰিখটোও লগত লৈ আহে বুলি জানিও আশাহত হৈছিলো ২০ অক্টোবৰ, ২০২১ তাৰিখৰ খবৰটোত৷ সেইদিনা লক্ষীমপুৰ সৌমাৰপীঠ নাৰ্ছিংহোমত ৩ ঘণ্টা সময় আপোনাৰ কাষত বহি থাকোতে এবাৰো ভবা নাছিলো যে সেই দেখাই শেষ দেখা হ’ব৷ আপোনাক পেহা হিচাপে পাই নিজকে ধন্য মানিছিলো৷ আপোনাৰ অনুপস্থিতিত আমি এজন অভিভাৱক হেৰুৱালো৷ আপোনাৰ ওচৰত জীৱিত কালত জ্ঞাতে-অজ্ঞাতে কিবা ভুল কৰিছিলো যদি ক্ষমা কৰি দিয়ে যেন৷ আপোনাৰ চৰণ কমলত প্ৰণিপাত জনাইছো৷ পেহা, আপুনি পৰলোকলৈ গতি কৰা সন্ধিক্ষণত এটুপি চকুলোৰ বাহিৰে আপোনাক দিবলৈ আমাৰ একোৱেই নাই৷
শেষত, আপোনাৰ বিদেহী আত্মাই বৈকুণ্ঠত স্থান পাওঁক৷ আপোনাৰ আত্মাই শান্তিধামত ঈশ্বৰত্ব লাভ কৰক তাৰ কামনাৰে ভগৱানৰ ওচৰত সেৱা ধৰিলোঁ৷
ঔম শান্তি, শান্তি, শান্তি৷