বিয়ৈদেউ প্ৰবোধ বৰগোহাঁইৰ পূণ্যাত্মাৰ চিৰ শান্তি কামনাৰে...

বাসন্তী মৰাং [গগৈ]



পো-বোৱাৰীৰ বিবাহ সূত্ৰে সম্বন্ধ হোৱা পূৰ্বৰে পৰা বিয়ৈদেউ প্ৰবোধ বৰগোহাঁইক জানিছিলো৷ ঢকুৱাখনাৰ ম্ভ্ৰান্ত বৰগোহাঁই পৰিয়ালৰ বংশজ প্ৰবোধ বৰগোহাঁইদেৱ এজন ব্যক্তিত্বসম্পন্ন স্পষ্টবাদী লোক আছিল৷ তেখেত নিজৰ লগতে ভাৰ্য্যা শ্ৰীযুক্তা চন্দ্ৰমা বৰগোহাঁই, চাৰি গৰাকী কন্যা আৰু একমাত্ৰ পুত্ৰ শ্ৰীমান প্ৰাণকৃষ্ণ বৰগোহাঞি আটাইকেইজনেই উচ্চ শিক্ষিত আৰু অমায়িক ব্যক্তিত্ব সম্পন্ন৷ উপৰোক্ত সকলৰ মিঠা ব্যৱহাৰে আমাক অতিকৈ আপ্লুত কৰে৷ পুত্ৰ শ্ৰীমান প্ৰাণকৃষ্ণৰ সৰল ব্যৱহাৰ আৰু তীক্ষ্ণ মেধাসম্পন্ন ব্যক্তিত্বই উঠি অহা চামক নিশ্চ উৎসাহিত কৰিব৷

বৰগোহাঁইদেৱ এজন সমাজ সচেতন ব্যক্তি হিচাবে অঞ্চলটোৰ প্ৰায়বিলাক সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল৷ তেখেতৰ মৃত্যুত ঢকুৱাখনাই এজন সমাজ হিতৈষী ব্যক্তি হেৰুৱালে৷

আজি আদ্যশ্ৰাদ্ধৰ দিনত শ্ৰদ্ধাঞ্জলি যাচি ভগৱানৰ ওচৰত তেখেতৰ পুণ্যাত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ