ককাইদেউৰ স্মৃতিত

ৰাণু বৰগোহাঁই


২০ অক্টোবৰ, ২০২১ তাৰিখ মোৰ বাবে এটা বৰ শোকাৱহ দিন৷ ঢকুৱাখনা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা মোৰ অতিকৈ আপোন প্ৰবোধ বৰগোহাঁই ককাইদেউৰ সেইদিনটোতে বিয়োগ ঘটে৷মৃত্যু এক চিৰন্তন সত্য জন্ম লৈছো যেতিয়া এদিনটো মৃত্যু বই৷ ককাইদেউ যে আজি আমাৰ মাজত নাই এই কথা মই সহজভাৱে মানি পৰা নাই৷ ককাইদেউ বৰ উদাৰ মনৰ আছিল৷ তেওঁ সকলোকে সহায় কৰি বহুত ভাল পাইছিল৷ ১৯৯৮ চনৰ বানপানীৰ সময়ত তেওঁ মোক তেওঁৰ ঘৰতে আশ্ৰয় দি সেই বিপদৰ পৰা উদ্ধাৰ কৰিছিল৷ যদিও আমাৰ একো তেজৰ সম্পৰ্ক নাই আমাৰ দুয়োখন ঘৰৰ এটা ঘৰুৱা সম্পৰ্ক গঢ়ি উঠিল৷ তেওঁ মোক নিজৰ ভনীৰ দৰে মৰম কৰিছিল৷ সহায়ৰ হাত আগবঢ়াই বহু বিপদৰ পৰা ৰক্ষা কৰিছিল৷ তেওঁক হেৰুৱাই যথেষ্ট দুখ অনুভৱ কৰিছোঁ৷ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক এইয়ে ভগৱানৰ ওচৰত কাতৰ প্ৰাৰ্থনা৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ