বৰতাৰ সোঁৱৰণিত

বুমনি

 

বৰতা লগৈ [বৰদেউতাক আমি সকলোৱে চমুকৈ বৰতা বুলি মাতিছিলোঁ] ভবা নাছিলো এনেকৈ হাস্পতালৰ আই. চি.ইউ কক্ষত সোমাই গুচি যাবগৈ বুলি৷ প্ৰকল্পই এবাৰ দেখা কৰিবলৈ যদিও মই যাব নোৱাৰিলোঁ৷ বৰতাক পূজাত দেখাই শেষ দেখা বুলি ভবা নাছিলোঁ৷ বিছনাত শুই শুই বৰতাই ধুনীয়াকৈ কথা পাতিছিল৷ কথাখিনি স্পষ্ট আছিল৷ বেমাৰী যেন লগা নাছিল৷ মই সুধিলোঁ- “গাটো অলপ ভাল পাইছেনেঞ্জবৰতাই লে- “দুৰ্বল অনুভৱ কৰি আছো৷মই বোলো পৰিস্থিতি অলপ ভাল হৈছে, ডিব্ৰুগড়লৈ গৈ স্বাস্থ্যটো পৰীক্ষা কৰি আহিব৷ বৰতাই লে- “যাম, যাম৷ দেখাই আহিব লাগিব৷সেয়াই আছিল বৰতাৰ লগত শেষ দেখা৷ কথাখিনি লিখি থাকোঁতে বৰতাই বিছনাখনত শুই থকা দৃশ্যটো মনত পৰি ল৷ বৰতাৰ গাটো বেয়া লাগিলে বৰমাই খুব যত্ন লয়, ছাঁটোৰ দৰে লাগি থাকিছিল৷ এনেকুৱা এটা পৰিস্থিতি চম্ভালিবলৈ ভগৱানে বৰমাক সাহস দিয়ক৷ সৰুৱে পৰা আমি সকলো একেলগে ডাঙৰ হৈছো- বৰতা, দদাই আৰু আমাৰ পৰিয়ালটো৷ ইঘৰে সিঘৰৰ সাহস হৈছিল৷ আমাৰ দেউতা এতিয়া অকলশৰীয়া হৈ পৰিল৷ বৰতাক আজিলৈকে খং উঠা বা কাজিয়া লগা দেখা নাপালো৷ বহাগ বিহুত সদায় বৰতাই পৰিয়ালৰ সকলোৱে ঘৰলৈ গৈ মাত এষাৰ দিছিল৷ বিভিন্ন ধৰণৰ সামাজিক কামত জড়িত হৈ ভাল পাইছিল৷ কেতিয়াবা মনটো বা গাটো বেয়া লাগিলে আমাৰ ঘৰলৈ আহি পম্পীহঁতৰ লগত কথা পাতিছিল৷ এটা কথা মনত পৰিছে বৰতাই বৰ ডাঙৰকৈ হাঁচি মাৰিছিল৷ আমাৰ ঘৰলৈকে শুনা পাইছিলোঁ৷ বৰতাৰ এনেধৰণৰ বহুতো সৰু-বৰ কথা আমাৰ মনত স্মৃতি হৈ ব৷ বৰতা আপুনি তেই আছে শান্তিত থাকক৷ শ্ৰদ্ধাঞ্জলি জনালোঁ৷ 

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ