পৰম মিত্ৰ বিয়ৈদেউলৈ শ্ৰদ্ধাঞ্জলি
কুশল গগৈ
গোহাঁইদেউ আৰু আমি একে বিদ্যালয়ত পঢ়া নাছিলো যদিও ছাত্ৰাবস্থাৰ পৰাই সমবয়সীয়া হিচাবে দুয়ো বন্ধু আছিলো৷ গোহাঁইদেউ পঢ়িছিল উত্তৰ লক্ষীমপুৰ চৰকাৰী হাইস্কুলত আৰু মই পঢ়িছিলো ঢকুৱাখনা হাইস্কুলত৷
শিক্ষা সাং কৰি তেখেতে ঢকুৱাখনা হাইস্কুলত শিক্ষক হিচাবে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰিছিল৷ ছাত্ৰ-ছাত্ৰীৰ মাজত তেখেত এজন আদৰ্শবান শিক্ষক আছিল৷ এনে আদৰ্শ তেখেতৰ প্ৰয়াত পিতৃ আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু গণ নাথ গোহাঁইদেৱৰ পৰাই লাভ কৰিছিল৷
অত্যন্ত সৎ, অমায়িক আৰু স্পষ্টবাদী ব্যৱহাৰত তেখেতৰ সংস্পৰ্শলৈ অহা যিকোনো লোকেই গোহাঁইদেৱৰ প্ৰতি শ্ৰদ্ধাশীল হৈছিল৷
পূৰ্বৰ বন্ধুত্বৰ পৰা তেখেতৰ জ্যেষ্ঠা কন্যা শ্ৰীমতী গীতাৰ্থী বৰগোহাঞি আমাৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীমান ভৰদ্বাজৰ লগত বিবাহ সূত্ৰে আমাৰ বোৱাৰী হৈ অহাৰ পিছত আমাৰ দুয়োৰে মাজৰ বন্ধুত্ব বিয়ৈ হিচাবে মহামিত্ৰ ৰূপত স্থায়ী হ’ল৷
তেখেত ঢকুৱাখনাৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ উন্নয়নৰ কামত লাগি থাকি ভাল পাইছিল৷ এই ক্ষেত্ৰত “চন্দ্ৰ শেখৰ অধ্যয়ণ চক্ৰ আৰু পুথিভঁৰাল” নামৰ অনুষ্ঠানটিৰ তেখেত আছিল সভাপতি৷ এই অনুষ্ঠানটিৰ উন্নয়ন হোৱাটো তেখেতে মনে-প্ৰাণে কামনা কৰিছিল৷
এই সংক্ৰান্তত তেখেতে এদিন তদানীন্তন মাননীয় মন্ত্ৰী শ্ৰীযুত নব কুমাৰ দলে ডাঙৰীয়াক কোঁৱৰ গাঁওস্থিত বাসভৱনত গৈ লগ কৰিছিল আৰু লিখিত আবেদন যোগে প্ৰতিষ্ঠানটিৰ জৰাজীৰ্ণ ঘৰটি মেৰামতি আৰু চাৰিওফালৰ স্থায়ী দেৱাল দিবলৈ প্ৰয়োজনীয় আৰ্থিক অনুদান দিবৰ বাবে অনুৰোধ জনাইছিল৷ মইয়ো তাত উপস্থিত আছিলো৷ তদানীন্তন মন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত আশ্বাস প্ৰদান কৰিছিল৷ অৱশ্যে পৰৱত¹ সময়ত মন্ত্ৰী মহোদয়ৰ ফালৰ পৰা কেনেধৰণৰ পদক্ষেপ ল’লে বা লৈছিল তাক জানিব পৰা নগ’ল৷
অৱশ্যে ইয়াৰ পিচৰে পৰা গোহাঁইদেউ বিভিন্ন ৰোগত আক্ৰান্ত হৈছিল৷ বিশেষকৈ পূৰ্বৰে পৰা ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ উপৰিও চকুৰ অসুখে তেখেতক বাৰুকৈয়ে জুৰুলা কৰিছিল, দৃষ্টি শক্তিও সামান্য ভাবে হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল৷ শেষত শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাৰ বাবে যথাক্ৰমে উত্তৰ লখিমপুৰৰ সৌমাৰপীঠ নাৰ্ছিংহোম আৰু শেষত ডিব্ৰুগড়স্থিত আদিত্য নাৰ্ছিংহোমত চিকিৎসাধীন হৈছিল৷ চিকিৎসকৰ নেৰা-নেপেৰা প্ৰচেষ্টা আৰু তেখেতৰ শুভাকাঙ্খীসকলৰ প্ৰাৰ্থনাইও তেখেতক আমাৰ মাজলৈ ঘূৰাই আনিব নোৱাৰিলে আৰু সকলোকে কন্দুৱাই ইহসংসাৰৰ পৰা মেলানি মাগিলে৷
তেখেতৰ আজিৰ আদ্যশ্ৰাদ্ধৰ দিনত মন্ত্ৰীত্ব নাথাকিলেও স্থানীয় জনপ্ৰিয় বিধায়ক হিচাবে দেশৰ অগ্ৰণী মুক্তিযুদ্ধা, ঢকুৱাখনাৰ বৌদ্ধিক, শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰৰ পথ প্ৰদৰ্শক প্ৰয়াত চন্দ্ৰ শেখৰ দাসদেৱৰ সোঁৱৰণত প্ৰতিষ্ঠা হোৱা “চন্দ্ৰ শেখৰ অধ্যয়ণ চক্ৰ আৰু পুথিভঁৰাল”টিৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় আৰ্থিক অনুদান দিয়াৰ লগতে প্ৰয়াত প্ৰবোধ বৰগোহাঁইদেৱৰ অন্তিম আশা সফল কৰিবৰ বাবে ঢকুৱাখনা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত নৱ কুমাৰ দলেদেৱক অনুৰোধ জনালোঁ৷
সদৌ শেষত মোৰ পৰম মিত্ৰ প্ৰয়াত প্ৰবোধ বৰগোহাঁইদেৱৰ পূণ্য আত্মাৰ চিৰ শান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জনাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ৷