বকুলৰ সুবাস
ড॰ ভৰদ্বাজ গগৈ
'When someone we love becomes a memory,
The memory becomes a treasure.
Your memory is being treasured loving Deuta'
এজন নিকট আত্মীয়ক অন্তিম যাত্ৰাত কান্ধত লৈ যোৱাৰ অভিজ্ঞতা নাছিলে মোৰ৷ আপোনাক কান্ধত লৈ যাওঁতে প্ৰত্যেকটো খোজত উপলব্ধি কৰি গৈ আছিলো জীৱনৰ দায়িত্ববোধৰ কথা, সৎ পথৰ মাহাত্ম্য, আপুনি শিকাই যোৱা জীৱনৰ সৰু সৰু খুটি নাতিবোৰ৷
দেউতা, আপোনতকৈ সৰল মানুহ মই চাগে দেখায়ে নাই জীৱনত৷ ইমান অকৃত্ৰিম, ইমান হোজা মানুহ জানো এতিয়াৰ যুগত আছে? আপোনাক শহুৰ দেউতা হিচাপে দহ বছৰ পালো৷ এই দহ বছৰত আমি বহুত কথায়ে পাতিলো৷ প্ৰায় সকলো কথায়ে আপুনি মোক কৈছিল৷ আপোনাৰ ডেকা দিনৰ কথা, আপোনাৰ থিয়েটাৰ আৰু ঘুগুনি প্ৰেমৰ কথা, মাটিবাৰীৰ হিচাপ৷ কেতিয়াবা আপুনি কয়, ইহঁতি ইমান নেজানে, তুমি শিকাই বুজাই দিবা৷” লুকুৱাই আপোনাক কেতিয়াবা কাজু বৰফি, Kaalakand খুৱাইছিলো৷ ঘৰৰ পৰা ওলাই যোৱাৰ আগদিনা আপুনি খুব অৰেঞ্জ স্কোৱাছ খাবলৈ বিচাৰিছিল, বজাৰত বিচাৰি নেপাই চুমকিয়ে ors লৈ গৈ আপোনাক খুৱাইছিল৷ হাস্পাতলত মৃত্যুৰ সৈতে যুঁজি থকা ছবিখন হয়তো মই কাহানিও পাহিৰব নোৱাৰিম, হ’লেও এটা কথাত সুখী যে আপুনি বেছি যাতনা ভুগিব লগীয়া নহ’ল৷ কাকো আমনি নকৰাকৈ আপুনি আঁতৰি গ’লগৈ৷ আপুনি সৃষ্টি কৰি থৈ যোৱা এই বিৰাট শূন্যখিনি কোনোদিনেই পূৰ হ’ব নোৱাৰে৷ মৃত্যু চিৰসত্য, কোনোবা আগ, কোনোবা পিচ. আপুনি আপোনাৰ সমস্ত দায়িত্ব-ঘৰুৱায়ে হওক, ৰাজহুৱায়ে হওঁক সুচাৰুৰূপে পালন কৰিলে৷ যদি কিবা বাকী থাকিলে, ডাঙৰ ল’ৰা হিচাপে তাৰ দায়িত্ব লৈ মই পূৰণ কৰিম বুলি কথা দিলো৷ দিপুলে আপোনাৰ জিৰণি লোৱা ঠাইত “বকুল” এজোপা ৰুইছে, ফুল হৈ ফুলি থাকক আপোনাৰ আশীৰ্বাদৰ সুবাস বিলাই৷