প্ৰয়াত দদাইদেউ প্ৰবোধ বৰগোহাঁইদেৱলৈ শ্ৰদ্ধাঞ্জলি
ৰমেন্দ্ৰ বৰগোহাঁই
জীৱন এটা অভিনয়, আয়ুবেলি মাৰ যোৱাৰ লগে লগে জীৱন অভিনয়ৰ যৱনিকা ঘটে৷ জন্ম হ’লে মৃত্যু অনিবাৰ্য, ইয়াক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ সেইহে কবিয়ে কৈছে--
“আহিছে মানুহ, গৈছে মানুহ,
মানুহ ময়াপী জীৱ....”
সংসাৰ নামৰ বজাৰলৈ মানুহ চামে চামে আহে, বজাৰৰ কাম সমাপ্ত হওঁক বা নহওঁক তেওঁ এদিন বজাৰ এৰি নিজৰ ঘৰলৈ যাবই লাগিব৷ এয়ে প্ৰকৃতিৰ নিয়ম৷
প্ৰয়াত দদাইদেউ [প্ৰবোধ বৰগোহাঁই]ৰ ইহলীলা সম্বৰণৰ সংবাদটি ২০-১০-২০২১ তাৰিখে ৰাতি প্ৰায় ১১.৪০ বজাত এটা ম’বাইল কলত পালো৷ “দদাইদেউ ঢুকাল বুলি”৷ সংবাদটি দিছিল আমাৰ পৰিবাৰ অঞ্জু বৰগোহাঁইয়ে তেওঁ গুৱাহাটীৰ পৰা নৈশ বাছত ঢকুৱাখনালৈ আহি আছিল৷ মই আচৰিত নহ’লেও মূৰত কিবা এটা গধুৰ বস্তু পৰি যোৱা যে.ন লাগিল৷ মনক প্ৰবোধ দিবলৈ যত্ন কৰিলো৷
“যেন জোকে তৃণ পাইলে এৰয় অপৰ৷
জীৱন মৰণ জানা এহি পটন্তৰ...” --- [ভাগৱত]
তেখেত পৰিয়ালৰ সম্বন্ধত দদাইদেউ আছিল৷ আমি দুয়োজনে সমবয়সীয়া আৰু সহপাঠী আছিলো৷ আমাৰ মাজত কথা-বতৰা বন্ধুৰ দৰেই আছিল৷ আমি ‘ক’ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত পঢ়িছিলো আৰু আমাৰ লগতে মোৰ বৰদেউতাৰ ল’ৰা প্ৰশান্ত বৰগোহাঁই [বৰ্তমান বিহপুৰীয়াৰ বাসিন্দা] ও সহপাঠী আছিল৷ আমি তিনিওজনে ১৯৬২ চনত মজলীয়া বৃত্তি পৰীক্ষা দিছিলো আৰু তিনিওজনেই বৃত্তি পাইছিলো৷ প্ৰয়াত দদাইদেউ অসমৰ ভিতৰত বৃত্তি পৰীক্ষাত দ্বিতীয় স্থান অধিকাৰ কৰিছিল৷ ইয়াৰ পাছত তেখেত উচ্চ শিক্ষাৰ বাবে উত্তৰ লখিমপুৰলৈ যায় আৰু শিক্ষা শেষ কৰি তাতেই শিক্ষকতা কৰে৷ সেই সময়চোৱাৰ ভিতৰত আমাৰ যোগাযোগ কমি গৈছিল৷ ঘৰৰ অসুবিধাৰ হেতুকে উত্তৰ লক্ষীমপুৰৰ চাকৰি এৰি ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুনৰ শিক্ষক পদত যোগদান কৰে৷ সুখ্যাতিৰে শিক্ষকতা কৰি ২০১০ চনত লক্ষীমপুৰ জিলাৰ পৰা কৃতী শিক্ষক হিচাবে মনোনীত হৈছিল৷ আৰু সেই চনৰ নৱেম্বৰ মাহত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে৷
অৱসৰ গ্ৰহণ কৰাৰ পাছত মাজে সময়ে আমাৰ গৃহলৈ আৰু দুয়োজনৰ মাজত নানা ধৰণৰ কথা-বতৰা পতা হৈছিল৷ আৰু তেখেতে আমাৰ কথা-বতৰাত সম্পূৰ্ণ অংশগ্ৰহণ কৰিবলৈ মোৰ পৰিবাৰকো মাতিছিল৷
তেখেত সৰুৰে পৰা অতি অমায়িক, ধীৰ, স্থিৰ আৰু শান্ত প্ৰকৃতিৰ আছিল৷ আমি কেতিয়াও তেখেতৰ খং উঠা, আনক টান কথা কোৱা দেখা পোৱা নাছিলো৷
তেখেত বহুগুণৰ অধিকাৰী আছিল৷ বিশেষকৈ আনৰ দুখত বা অসহায় অৱস্থাত দেখা দিয়া বা সহায় কৰা গুণ আছিল৷ তেখেত এজন আদৰ্শবান ব্যক্তি আছিল৷
সেই গুণৰ বাবেই আৰু খুড়ীদেউৰ পাঁচোটি সন্তানকে সুযোগ্য সন্তান হিচাবে গঢ় দিব পাৰিছিল৷
এনে এজন আদৰ্শবান, গুণী, পূজ্য ব্যক্তিৰ বিষয়ে কেইটামান বাক্যৰে লিখি সামৰা সম্ভৱ নহয়৷ এই লিখনি তেখেতলৈ শ্ৰদ্ধা নিবেদনৰ নামন্তৰহে মাথোন৷
শেষত অশ্ৰু অঞ্জলিৰে হিয়াভৰা ভক্তিৰে আপোনাৰ স্মৃতিত শ্ৰদ্ধা জনাই এই লিখা আগবঢ়ালো৷ আপোনাৰ স্মৃতি অমৰ হওঁক, আপুনি বৈকুণ্ঠগামী হওঁক৷ আপুনি য’তেই থাকক শান্তিৰে থাকক৷
ঔম শান্তি, শান্তি, শান্তি৷