দদাইদেউৰ সোঁৱৰণত
মমী
মৃত্যু এক নিষ্ঠুৰ চিৰন্তন সত্য বুলি জানিও উপলব্ধি কৰিবলৈ টান আৰু ই আমাক বহুত আঘাত দিয়ে৷ ২০০৫ চনত ৰাজমণিৰ লগত বৈবাহিক সূত্ৰে মই দদাইদেউহঁতৰ সান্নিধ্যলৈ আহিছিলো৷ দদাইদেউ এজন অতি সহজ-সৰল আৰু নম্ৰ স্বভাৱৰ লোক আছিল৷ মই শাহুৰ পৰাও তেখেতৰ বিষে¸য় বহুত কথা জানিব পাৰিছিলো৷ ২০১৩ চনত ফাটবিহুৰ সময়ত মই আৰু মোৰ ল’ৰা [ৰিচান], শাহু আৰু ননদৰ লগত প্ৰথমবাৰ ঢকুৱাখনাৰ ঘৰখনলৈ গৈছিলো৷ দদাইদেউ আৰু খুৰীদেউৱে বৰ আটোমটোকাৰিকৈ ঘৰখন ৰাখিছিল৷ তেওঁলোক দুয়োজনৰ মিলাপ্ৰীতি দেখি বৰ ভাল লাগিছিল৷ দদাইদেউ খুৰীদেউৰ লগত মাজে-সময়ে ফোনৰ যোগেদিয়েই কথা বতৰা হৈছিল৷ তেখেতৰ কথাই মোক আৰু বহুতক সাহস আৰু প্ৰেৰণা যোগাইছিল৷ পূজাৰ সময়তে দদাইদেউৰ গা বেয়া বুলি শুনিছিলো৷ তাৰ পাছত ডিব্ৰুগড় হস্পিতেলত আছিল যদিও মনত ক্ষীণ আশা এটা ৰাখিছিলো দদাইদেউ আকৌ সুস্থ হৈ ঘূৰি আহিব৷ কিন্তু সেয়া নহ’ল৷ লক্ষ্মীপূজাৰ দিনাই ৰাতি মামু [ননদ]ৰ পৰা সেই বেয়া খবৰটো পালো৷ দদাইদেউ আপুনি য’তে আছে শান্তিৰে থাকক আৰু আপোনাৰ নিৰ্মল আত্মাই সদ্গতি পাওক৷ আজি আদ্যশ্ৰাদ্ধৰ দিনা আপোনালৈ আমাৰ এয়ে শ্ৰদ্ধাঞ্জলি৷