প্ৰয়াত প্ৰবোধ বৰগোহাঁই বৰদেউতাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি

বনশ্ৰী চমুৱা বৰগোহাঁই


মানৱ জীৱনৰ আটাইতকৈ চিৰন্তন সত্যটোৱেই হৈছে মৃত্যু আৰু এই সত্যক আগত ৰাখিয়েই আমাৰ প্ৰত্যেকৰে জীৱনবোৰৰ আগবাঢ়ে৷ কিন্তু কিছুমান মৃত্যুৰ সত্যতাক মানি বলৈ বৰ কষ্ট হয়৷ মোৰ শহুৰদেউতা আৰু মোৰ দেউতা মাৰ মৃত্যুৰ পাছতেই ঠিক তেনেকুৱা এটা মৃত্যুৰ খবৰ পালো ২০ অক্টোবৰ ৰাতি ১১ বজাত বিতুৰ মুখেৰে যে বৰদেউতা আৰু নাই৷ মনটোৱে বিশ্বাস কৰিব নোখোজা মানি বলৈ টানি পোৱা বাবে ৰাতিয়ে বৰমাৰ ওচৰলৈ গৈ খবৰটোক মানি বলৈ বাধ্য লো৷

কেৱল বৰগোহাঁই পৰিয়ালৰ এগৰাকী বোৱাৰী হিচাপেই যে বৰদেউতাক লগ পাইছিলো এনে নহয়, জীয়ৰী কালতো তেখেত মোৰ জন্মৰ ঘৰখনলৈ অহা-যোৱা কৰিছিল আৰু আমাৰ লগত এটা খুউব অন্তৰংগ সম্পৰ্ক আছিল৷ তেতিয়াৰ পৰাই বৰদেউতাক মোৰ মনত এজন শিক্ষাগুৰু, অভিভাৱক, সৎ নিষ্ঠাবান, উৎসাহ প্ৰেৰণা যোগোৱা ব্যক্তি হিচাপে খোদিত হৈ আছিল আৰু এতিয়াও তেওঁৰ অবৰ্তমানত থাকি যাব৷ বৰমাৰ ওচৰলৈ লে মোৰ মাতটো শুনিলেইবনশ্ৰী নেকিবুলি ভিতৰৰ পৰা ওলাই আহি বৰদেউতা মতা মাতষাৰ আজিও কাণত ভাঁহি আহে৷ দুই এদিনৰ মূৰে মূৰে মই বৰমাৰ ওচৰলৈ অহা যোৱা কৰি থাকো আৰু তেতিয়াই বৰমাৰ লগতে বৰদেউতাৰ স্বাস্থ্যৰ কথাও বুজ লৈছিলো৷ মোৰ হাতেৰে বনোৱা খাদ্য অলপ লেও মৃত্যুৰ কেইদিন মানৰ আগতে খুৱাবলৈ পাই মনটোক সকাহ দিছিলো৷ কিন্তু এতিয়া খোৱা-বোৱাৰ বাদেই মাতষাৰ দিবলৈও মানুহজন লগৈ৷ বৰদেউতা লগৈ সঁচা কিন্তু তেওঁৰ কৰ্মৰাজিৰে আমাক দেখুৱাই যোৱা বাট আমি মনত ৰাখিব লাগিব৷ জীয়াই থাকোতে বৰদেউতাই মোক দি যোৱা আশীৰ্বাদ সদায়ে শিৰত থাকি যাব৷ 

শেষত দৈৱ শক্তিৰ ওচৰত এয়ে আৰাধনা কৰিছো যেন বৰদেউতাৰ বিদেহী আত্মাই বৈকুণ্ঠ ধামত চিৰ শান্তি লাভ কৰক৷ তেওঁৰ প্ৰতি থকা মোৰ অশেষ শ্ৰদ্ধা আৰু ভক্তিৰে গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলো৷

ঔম শান্তি, শান্তি, শান্তি৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ