দেউতা

চুমকী 

যিসকল দেউতাৰ লগতত ঘনিষ্ঠ, দেউতাক চিনি পায় তেওঁলোকে দেউতা কেনেকুৱা জানে৷ পিতৃ হিচাপে দেউতাই নীৰৱে বহু কথাই শিকাইছে৷ বেছি উপদেশ নিদিয়ে৷ কিন্তু জীৱনটোত আগবাঢ়ি যাবলৈ, দায়িত্ববোৰ  সামৰি বলৈ সৰুৰেপৰাই বাট দেখুৱাইছিল৷ মায়ে যেতিয়াপঢ় পঢ়বুলি কয় তেতিয়া দেউতাই কয় নিজে যদি নিজৰ কৰ্তব্য আৰু দায়িত্বৰ কথা বুজি নাপায় তেন্তে পঢ় পঢ় বুলিলেও পঢ়াত মনোযোগ নবহে৷ গতিকে নিজে নিজৰ দায়িত্বৰ কথা ভাৱিব লাগিব৷ দেউতাৰ সেই আদৰ্শৰ কথা মই মানি চলিবলৈ চেষ্টা কৰোঁ আৰু কনিষ্ঠসকলকো কওঁ৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিষয়ে সৰুতেই দেউতাই বহুত কৈছিল৷ গধূলি আগফালৰ বাৰাণ্ডাত বহি এনেকুৱা পৰীক্ষাত কি প্ৰশ্ন আহে কেনেকুৱাকৈ প্ৰস্তুত লাগে কৈ থাকে৷ দেউতাই আনক সহায় কৰি ভালপোৱাৰ কথা বহুবাৰ অনুভৱ কৰিছোঁ৷ যিমান দেখিছোঁ দেউতাৰ ওচৰলৈ কোনোবাই সহায় বিচাৰি আহিলে কোনো বিমুখ নহয়৷ সাধ্য অনুসৰি তেখেতে সহায় কৰে৷ আমি সিদ্ধান্তবোৰ লোৱাত কোনোদিন বাধা দিয়া নাই৷ কেতিয়াবা দেউতাৰ নীৰৱ মুখখন চাই আমাৰ সিদ্ধান্ত ভুল হোৱাৰ কথা গম পাওঁ৷ বহু কথাই দেউতাক কৈ থাকোঁ৷ দেউতাই মনে মনে শুনি থাকে৷ দেউতাৰ লগত মোৰ বহু ৰসাল ঘটনাও ঘটিছে৷ কোনোদিন গালি নিদিয়ে৷ ধেমালি কৰোঁ৷ ৰবাৰপৰা আহি পোনছাটেই মাক বিচাৰিমা আছে বুলি সুধিলেধেমালি কৰি কওঁ৷মা লণ্ডনলৈ দেতা৷ কি এতিয়া৷’ ‘ধেই এইজনীবুলি দেউতা সোমাই যায় ভিতৰলৈ৷ ঘৰৰ গৰুকেইটাক দেউতাক বৰ মৰম কৰিছিল৷ দীৰ্ঘদিন ধৰি ডায়েবেটিছ বেমাৰ দেউতাৰ৷ কিন্তু যি খাব নালাগে কোনোদিন খোৱা নেদেখিলোঁ৷ আগেয়ে স্কুলত চাকৰি কৰি থাকোঁতে স্কুলত কোনোবাই মিঠাই খুৱালে দেউতাই মিঠাইটো কাগজত বান্ধি আমালৈ লৈ আহে৷ দেউতাৰ হাতৰ সেই বস্তুটো দেখিলে আমাৰ মনত কিমান যে স্ফূৰ্তি লাগে-- দেউতাই সামাজিক কাম কৰি ভাল পাইছিল৷ এবাৰ শ্মশানৰ কামত দেউতা গধূলি যাবলৈ ওলোৱাত মই দেউতাৰ বয়স আৰু ৰোগটোলৈ চাই যাব নালাগে বুলি বাধা দিছিলোঁ৷ দেউতাই তেতিয়া কৈছিলআমি যদি নাযাওঁ আমি মৰিলে খৰি দিব৷বাধা নিদিলোঁ৷ এতিয়া সেই ঠাইতে হাঁহি থকা মুখখনৰে দেউতাৰ শৰীৰটো নীৰৱে শুই আছে৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ