মৰমৰ পুথা
মৃগাংক শেখৰ বৰুৱা [ধুুনু]
মই পুথাক বহুত ভাল পাইছিলোঁ৷ কিন্তু তেওঁ ঢুকুৱাৰ পাছত মোৰ মনটো বহুত দুখ লাগিছে৷ তেওঁ আমাক কিমান মৰম কৰিছিল/ আমি যেতিয়া এনাই ঘৰৰপৰা নিজৰ ঘৰলৈ যাওঁ তেতিয়া আমি পুথাক প্ৰণাম কৰি যাওঁ৷ কিন্তু এতিয়া তেওঁ আমাৰ মাজত নাই৷ তেওঁক আমি ইমান সোনকালে হেৰুৱাম বুলি আশা কৰা নাছিলোঁ৷
বৰ্ণিল বিকাশ বৰুৱা [গুণগুণ]
মই পুথাক বহুত ভাল পাইছিলো৷ কিন্তু যোৱা ২০ অক্টোবৰত পুথা আমাৰ মাজৰ পৰা আঁতৰি গ’ল৷ পুথা যে আমাৰ মাজৰ পৰা ইমান সোনকালে আঁতৰি যাব মই ভবা নাছিলোঁ৷ যেতিয়া আমি এনাই ঘৰৰ পৰা নিজৰ ঘৰলৈ যাওঁ তেতিয়া পুৱাই কিবা এটা দি ‘আকৌ আহিবি’ বুলি কৈ পঠিয়ায়৷ পুথাই ওপৰৰ পৰা যেন আমাক আশীৰ্বাদ দিয়ে যেন সেয়ে মোৰ প্ৰাৰ্থনা৷
মই পুথাক বৰ ভাল পাওঁ৷ বামাই কৈছে এতিয়া পুথা আকাশত তৰা হৈ আছে৷
টিকি [নাতি]
মৰমৰ পুথাক মই বহুত ভাল পাওঁ৷ মোক মৰম কৰে৷ চক্লেট আনি দিয়ে৷ এতিয়া পুথা নমো ঘৰলে গ’ল৷
টুপুলি [নাতিনী]