শ্ৰদ্ধাঞ্জলি

মীনা বৰগোহাঁই


মৃত্যু এটা চিৰন্তন সত্য৷ কিন্তু এটা অতি ভয়লগা শব্দ৷ জীৱন মানেই মৃত্যু বুলি জানি, শুনি দেখিও নিজৰ বংশ পৰিয়ালৰ তথা আপোনজনৰ মৃত্যু কেৱল দুখজনকেই নহয়, হৃদয়বিদাৰকো৷

ৰবীনৰ বিয়োগৰ খবৰ পাই বজ্ৰপাত পৰাৰ দৰে হৈছিলো, যদিওবা যিকোনো মুহূতৰ্ত অশুভ কিবা এটা বুলি মানসিকভাৱে সাজু আছিলোঁ৷ আৰু অৱশেষত সেই খবৰটোকে মামুৱে [ডাঙৰ জী] ৰাতি  মান বজাত দিছিল৷ 

১৯৭৫ চনত বিবাহ সূত্ৰে ঢকুৱাখনাৰ ঘৰখনলৈ অহাৰ পিছৰ কালছোৱাৰ পৰা তোমাক ঘনিষ্ঠভাৱে লগ পাই আহিছিলো৷ উচ্চ শিক্ষাৰে শিক্ষিত হৈয়ো কোনো গৰ্ব অহংকাৰ নকৰি, মাৰ্জিত ব্যৱহাৰ, পৰোপকাৰী, বহল হৃদয় এখনৰ অধিকাৰী আছিলা তুমি৷ তোমাৰ সহজ-সৰল মনটোৰ সুবিধাও লৈছিল বহুতে৷

তুমি এজন সফল পিতৃ, স্বামী, ভাই-ককাই৷ তোমাৰ দৰে কেইজনে পাইছে চাৰিজনী কৈ সু-শিক্ষিতা, শান্ত স্বভাৱৰ জী-জোঁৱাই, নাতি-নাতিনীৰে ভৰা এখন সুন্দৰ সংসাৰজ্ব তোমাৰ পুত্ৰ পাপুৰ দৰে অতি মেধা সম্পন্ন, শান্ত, ধীৰ স্থিৰ, সকলো দিশতে আগবঢ়া পুত্ৰ পোৱাটো এজন সফল পিতৃৰ পৰিচায়ক বুলিয়ে ম৷ চন্দ্ৰমাৰ দৰে এগৰাকী আদৰ্শবান, গুণী, সহজ-সৰল উচ্ছ শিক্ষিতা, বহল মনৰ পত্নী পোৱাটো পৰম সৌভাগ্য৷ তোমাৰ প্ৰতিটো ক্ষেত্ৰতে সংগ দিয়া, তোমাক প্ৰতিপালন কৰা এনে এগৰাকী পত্নী পোৱাটো বহুতৰ ভাগ্যত নঘটে৷ জীৱনৰ শেষ মুহূৰ্তলৈকে পত্নীৰ যত্ন আৰু পৰিচাৰ্য্য পোৱাটো কম সৌভাগ্যৰ কথা নহয়৷ ৰবীন তুমি সঁচাকৈয়ে বৰ ভাগ্যৱান আছিলা৷ এনে সুখ খুব কম মানুহৰ ভাগ্যতহে ঘটে৷

সীমাহীন ধৈৰ্যৰ অধিকাৰিণী, পতিব্ৰতা তোমাৰ পত্নী, তোমাৰ জী- জোঁৱাই, নাতি-নাতিনী সকলোকে তুমি তে আছা তাৰ পৰাই আশীৰ্বাদ কৰিবা যাতে তোমাৰ অবিহনেই তেওঁলোক সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰে৷ তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ