আপুনি গ’লগৈ...

মামু

এক অনিবাৰ্য যাত্ৰা-- আজি আপোনাৰ, কালিলৈ মোৰ, সকলোৰে... এক অৱশ্যম্ভাৱী পৰিণতি, ইয়ে হৈছে মৃত্যু৷ যদিওবা আপোনজনৰ মৃত্যু আমাৰ কাৰোৰে কাম্য নহয়, কিন্তু প্ৰকৃতিৰ নিয়ম আমি জানো খণ্ডাব পাৰোঞ্জ সেইদিনা মুনুৰ পৰা যেতিয়া মেচেজ পাইছিলো-- “দেউতাৰ গা বেয়া, লক্ষীমপুৰ হস্পিটেলত ভৰ্তি কৰিছোঁ,”  ভাবিছিলো সচৰাচৰ হোৱাৰ দৰেই ছুগাৰ বঢ়াৰ বাবে অসুখ কৰিছে৷ ভবাই নাছিলোঁ তাৰ তিনিটা দিনৰ পিছতেই আপোনাক হেৰুৱাব লগা ব৷ পিছদিনাই ডিব্ৰুগড়ত ভৰ্তি হোৱাৰ পিছত চুমকিয়ে যেতিয়া ফোন কৰিছিল, “দেউতাক  ভেণ্টিলেছনত দিয়াৰ কথা কৈছে, কি হৈছে খবৰ কৰকচোন,” তেতিয়াও ভবা নাছিলোঁ আপুনি গুচি যাবগৈ৷ আপোনাৰ ওচৰলৈ, পাপুৰ ওচৰলৈ ঢপলিয়াই গৈছিলো, তেতিয়াও ভাৱ অহা নাছিল আপোনাক শেষ বাৰৰ বাবে দেখা কৰিছোঁ৷ শুনিব নোখোজা কথাষাৰ ডাক্তৰৰ মুখৰ পৰা শুনিছিলো, “আমি কৰিব পৰা সকলোখিনি কৰিলোঁ, কোনো মেডিচিনে ৰেচপন্দ কৰা নাই৷তথাপিও কৈছিলো, “আৰু যি কৰিব পাৰে সকলোখিনি কৰক...কিন্তু নিয়তিৰ ওচৰত আজি আমিও শিৰণত৷ 

মনত পৰা দিনৰে পৰা আমাৰ সুখ-দুখৰ সকলো সময়তে আপোনাক আমাৰ লগত পাই আহিছোঁ৷ শৈশৱৰ স্মৃতি হিচাবে খুব ভালকৈ মনত আছে আপোনাৰ বিয়াখন... খুড়ীৰ সৈতে দুয়োকে কলতলত যে ভৰি ধুৱাইছিলো৷ দহ টকা পাই কিমান যে ফূৰ্তি পাইছিলো৷ ৰাজমণিৰ প্ৰতি আপোনাৰ বিশেষ মৰম- তাৰ প্ৰতিটো সফলতাত আপোনাৰ আনন্দ৷ সেই সময়বোৰে বৰকৈ আমনি কৰিছে আজি৷

এজন সফল পুত্ৰ, ভাই, ককাই, স্বামী, পিতৃ আপুনি৷ জীৱনৰ প্ৰতিটো ঘাত-প্ৰতিঘাত সাহসেৰে মোকাবিলা কৰি আহিছে৷ প্ৰতিটো খোজতে লগ দিছে, সাহস হৈ থিয় দিছে সাদৰী আমাৰ খুড়ীজনীয়ে৷ জীৱন বাটত অনেক ছাত্ৰ-ছাত্ৰীৰ প্ৰেৰণা আৰু উৎসাহৰ স্বৰূপ হৈছে আপুনি৷ আনৰ লগতে আপোনাৰ প্ত সন্তানক সুযোগ্য হিচাপে গঢ় দিছে৷ আপোনাৰ প্ৰতি অপৰিসীম মৰম আৰু শ্ৰদ্ধা সিহঁতৰ৷ আজিৰ দিনত এয়াই জানো পিতৃ হিচাপে আপোনাৰ সফলতাৰ নিদৰ্শন নহয়ঞ্জ আপোনাৰ মৰম চেনেহেৰে বহুতৰ হূদয় চুই গৈছে আপুনি৷ 

শৈশৱ কালটো দেউতাৰ চাকৰি সূত্ৰে বিভিন্ন ঠাই ঘুৰি ফুৰাৰ বাবে নিজৰ শিপাডালৰ প্ৰতি হয়তো বৰকৈ টান অনুভৱ কৰিব পৰা নাছিলোঁ৷ ডাঙৰ হৈ বুজিব পৰা হোৱাৰ পৰাই শিপাডালৰ লগত বান্ধ খাবলৈ বাৰে বাৰে মনটো ঢকুৱাখনালৈ উৰা মাৰে৷ সেয়ে ২০১৯ চনৰ মাঘৰ বিহুত আকৌ লো আপোনালোকৰ সান্নিধ্য বিচাৰি৷ উৰুকাৰ ৰাতি সকলোৱে মিলি ভোজ খোৱাৰ সময়ত আপুনি কৈছিল, “তোক কথা দিলো, অহাবাৰ তই আহিলে, তোৰ হাতত মই নিজে লিখা এখন উপন্যাস তুলি দিম... উপন্যাসৰ নাম প্ৰেম’’ আপোনাৰ ‘‘প্ৰেমআজি আধৰুৱা হৈয়ে দদাইদেউ৷ আহিবৰ পৰত কৈছিল, “আহি থাকিবি এনেকৈয়ে মাজে মাজে আপোনাৰ সেই কথাষাৰত আপোনাৰ মৰম হেঁপাহবোৰ অনুভৱ কৰিছিলোঁ৷ মই তো যাম... কিন্তুআহিলিবুলি বলৈ আজি আপুনি হে নাই৷

দেউতা আৰু ৰাজমনি যোৱাৰ পিছত কান্দিবলৈ পাহৰি গৈছিলো৷ আজি আপোনাৰ বাবে দুচকু আকৌ পানীৰে ভৰি পৰিছে৷ বাৰে বাৰে চকুৰ আগত ভাঁহি আহিছে হস্পিতেল বেডত শয্যাগত আপোনাৰ ছবিখন৷ ঘন ঘনকৈ উশাহ লৈ চকু মেলি চাব খোজা অসহায় যেন আপোনাৰ মুখখন৷ এতিয়াও বিশ্বাস হোৱা নাই আপুনি আমাৰ মাজৰ পৰা হেৰাই ল৷ এটাই মাত্ৰ সান্তনা আপুনি শান্তিত আছে, দেউতা আৰু ৰাজমণিৰ লগত আছে৷ পাপুৱে কোৱাৰ দৰে, আপুনি ঘৰৰ কথা একেবাৰে চিন্তা নকৰিব, ইয়াত সকলো ভালে আছে, থাকিব৷ আমিবোৰ ইটোয়ে-সিটোৰ বাবে সদায় থাকিম৷ সময় আহিলে আটায়ে এদিন আকৌ একেলগ মগৈ৷ তেতিয়ালৈকে...

"Your memory is my keepsake

with which I'll never part

God has you in His keeping

I have you in my heart."

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ