আপুনি গ’লগৈ...
মামু
এক অনিবাৰ্য যাত্ৰা-- আজি আপোনাৰ, কালিলৈ মোৰ, সকলোৰে... এক অৱশ্যম্ভাৱী পৰিণতি, ইয়ে হৈছে মৃত্যু৷ যদিওবা আপোনজনৰ মৃত্যু আমাৰ কাৰোৰে কাম্য নহয়, কিন্তু প্ৰকৃতিৰ নিয়ম আমি জানো খণ্ডাব পাৰোঞ্জ সেইদিনা মুনুৰ পৰা যেতিয়া মেচেজ পাইছিলো-- “দেউতাৰ গা বেয়া, লক্ষীমপুৰ হস্পিটেলত ভৰ্তি কৰিছোঁ,” ভাবিছিলো সচৰাচৰ হোৱাৰ দৰেই ছুগাৰ বঢ়াৰ বাবে অসুখ কৰিছে৷ ভবাই নাছিলোঁ তাৰ তিনিটা দিনৰ পিছতেই আপোনাক হেৰুৱাব লগা হ’ব৷ পিছদিনাই ডিব্ৰুগড়ত ভৰ্তি হোৱাৰ পিছত চুমকিয়ে যেতিয়া ফোন কৰিছিল, “দেউতাক ভেণ্টিলেছনত দিয়াৰ কথা কৈছে, কি হৈছে খবৰ কৰকচোন,” তেতিয়াও ভবা নাছিলোঁ আপুনি গুচি যাবগৈ৷ আপোনাৰ ওচৰলৈ, পাপুৰ ওচৰলৈ ঢপলিয়াই গৈছিলো, তেতিয়াও ভাৱ অহা নাছিল আপোনাক শেষ বাৰৰ বাবে দেখা কৰিছোঁ৷ শুনিব নোখোজা কথাষাৰ ডাক্তৰৰ মুখৰ পৰা শুনিছিলো, “আমি কৰিব পৰা সকলোখিনি কৰিলোঁ, কোনো মেডিচিনে ৰেচপন্দ কৰা নাই৷” তথাপিও কৈছিলো, “আৰু যি কৰিব পাৰে সকলোখিনি কৰক...৷” কিন্তু নিয়তিৰ ওচৰত আজি আমিও শিৰণত৷
মনত পৰা দিনৰে পৰা আমাৰ সুখ-দুখৰ সকলো সময়তে আপোনাক আমাৰ লগত পাই আহিছোঁ৷ শৈশৱৰ স্মৃতি হিচাবে খুব ভালকৈ মনত আছে আপোনাৰ বিয়াখন... খুড়ীৰ সৈতে দুয়োকে কলতলত যে ভৰি ধুৱাইছিলো৷ দহ টকা পাই কিমান যে ফূৰ্তি পাইছিলো৷ ৰাজমণিৰ প্ৰতি আপোনাৰ বিশেষ মৰম- তাৰ প্ৰতিটো সফলতাত আপোনাৰ আনন্দ৷ সেই সময়বোৰে বৰকৈ আমনি কৰিছে আজি৷
এজন সফল পুত্ৰ, ভাই, ককাই, স্বামী, পিতৃ আপুনি৷ জীৱনৰ প্ৰতিটো ঘাত-প্ৰতিঘাত সাহসেৰে মোকাবিলা কৰি আহিছে৷ প্ৰতিটো খোজতে লগ দিছে, সাহস হৈ থিয় দিছে সাদৰী আমাৰ খুড়ীজনীয়ে৷ জীৱন বাটত অনেক ছাত্ৰ-ছাত্ৰীৰ প্ৰেৰণা আৰু উৎসাহৰ স্বৰূপ হৈছে আপুনি৷ আনৰ লগতে আপোনাৰ প্ত সন্তানক সুযোগ্য হিচাপে গঢ় দিছে৷ আপোনাৰ প্ৰতি অপৰিসীম মৰম আৰু শ্ৰদ্ধা সিহঁতৰ৷ আজিৰ দিনত এয়াই জানো পিতৃ হিচাপে আপোনাৰ সফলতাৰ নিদৰ্শন নহয়ঞ্জ আপোনাৰ মৰম চেনেহেৰে বহুতৰ হূদয় চুই গৈছে আপুনি৷
শৈশৱ কালটো দেউতাৰ চাকৰি সূত্ৰে বিভিন্ন ঠাই ঘুৰি ফুৰাৰ বাবে নিজৰ শিপাডালৰ প্ৰতি হয়তো বৰকৈ টান অনুভৱ কৰিব পৰা নাছিলোঁ৷ ডাঙৰ হৈ বুজিব পৰা হোৱাৰ পৰাই শিপাডালৰ লগত বান্ধ খাবলৈ বাৰে বাৰে মনটো ঢকুৱাখনালৈ উৰা মাৰে৷ সেয়ে ২০১৯ চনৰ মাঘৰ বিহুত আকৌ গ’লো আপোনালোকৰ সান্নিধ্য বিচাৰি৷ উৰুকাৰ ৰাতি সকলোৱে মিলি ভোজ খোৱাৰ সময়ত আপুনি কৈছিল, “তোক কথা দিলো, অহাবাৰ তই আহিলে, তোৰ হাতত মই নিজে লিখা এখন উপন্যাস তুলি দিম... উপন্যাসৰ নাম হ’ব “প্ৰেম’’৷ আপোনাৰ ‘‘প্ৰেম” আজি আধৰুৱা হৈয়ে ৰ’ল দদাইদেউ৷ আহিবৰ পৰত কৈছিল, “আহি থাকিবি এনেকৈয়ে মাজে মাজে”৷ আপোনাৰ সেই কথাষাৰত আপোনাৰ মৰম হেঁপাহবোৰ অনুভৱ কৰিছিলোঁ৷ মই তো যাম... কিন্তু “আহিলি” বুলি ক’বলৈ আজি আপুনি হে নাই৷
দেউতা আৰু ৰাজমনি যোৱাৰ পিছত কান্দিবলৈ পাহৰি গৈছিলো৷ আজি আপোনাৰ বাবে দুচকু আকৌ পানীৰে ভৰি পৰিছে৷ বাৰে বাৰে চকুৰ আগত ভাঁহি আহিছে হস্পিতেল বেডত শয্যাগত আপোনাৰ ছবিখন৷ ঘন ঘনকৈ উশাহ লৈ চকু মেলি চাব খোজা অসহায় যেন আপোনাৰ মুখখন৷ এতিয়াও বিশ্বাস হোৱা নাই আপুনি আমাৰ মাজৰ পৰা হেৰাই গ’ল৷ এটাই মাত্ৰ সান্তনা আপুনি শান্তিত আছে, দেউতা আৰু ৰাজমণিৰ লগত আছে৷ পাপুৱে কোৱাৰ দৰে, আপুনি ঘৰৰ কথা একেবাৰে চিন্তা নকৰিব, ইয়াত সকলো ভালে আছে, থাকিব৷ আমিবোৰ ইটোয়ে-সিটোৰ বাবে সদায় থাকিম৷ সময় আহিলে আটায়ে এদিন আকৌ একেলগ হ’মগৈ৷ তেতিয়ালৈকে...
"Your memory is my keepsake
with which I'll never part
God has you in His keeping
I have you in my heart."