পেহা ককালৈ শ্ৰদ্ধাঞ্জলি
পাখি কোঁৱৰ [চুপু]
জন্মই যিদৰে আমাৰ মাজলৈ কিছুমান সম্ভাৱনা লৈ আহে, সেইদৰে মৃত্যুৱেও আমাৰ পৰা লৈ যায় আমাৰ প্ৰিয়জন, অতিকৈ আপোনজন আৰু ভাঙি লৈ যায় আমাৰ তেওঁলোকৰ লগত থকা সপোনবোৰ৷
মোৰ মনত থকাৰে পৰা স্কুললৈ যাওঁতে বৰ্তমান কলেজলৈ যাওঁতে পেহা ককাৰ ঘৰলৈ এপাক চাই যোৱাতো মোৰ এক প্ৰকাৰৰ অভ্যাস৷ বাৰন্দাত প্ৰায় ককা বহি থাকে হাতত পেপাৰখন আৰু ওচৰৰ টেবুলখনত ৰেডিঅ’টো লৈ, কিন্তু এতিয়াৰ পৰা আৰু ককাক তাত দেখা নাপাওঁ৷ ২০ চেপ্তেম্বৰ, ২০২১ তাৰিখে মই ককাৰ অন্তিমবাৰৰ বাবে লগ পাইছিলো একেবাৰে সুস্থ অৱস্থাত৷ কিন্তু এবাৰো ভবা নাছিলো সেই লগ পোৱাই পেহা ককা আৰু চুপুৰ শেষ লগ পোৱা হ’ব৷ ২০ অক্টোবৰ, ২০২১ তাৰিখে ৰাতি প্ৰায় ১১.৩০ মান বজাত পোৱা খবৰটোৱে মোক লগতে পেহা ককাকে নিজৰ অভিভাৱক বুলি ভবা মোৰ দেউতাক [বাবা] এক প্ৰকাৰে জোকাৰি পেলাইছিল৷
মই মোৰ নিজৰ ককাক দেখাৰ সৌভাগ্য হোৱা নাছিল সেইবাবে ককা বুলি ক’লে আপোনাকে বুজিছিলো৷ লগ পালে যেতিয়া মই আপোনাৰ ভৰি চুই সেৱা কৰিছিলো৷ “চুপু নেকি তই” বুলি কোৱা কথাষাৰ মোৰ মানসপটত সদায় সজীৱ হৈ থাকিব৷
যদিও মৃত্যু এক বিভীষিকা তথাপিও কোনোৱে ইয়াক গ্ৰহণ কৰে পৰম শান্তি স্বৰূপে... হে পৰম পূজনীয় ককা আপুনি য’তেই আছে শান্তিৰে থাকক৷ মুক্তিয়েই হওঁক আপোনাৰ কাম্য৷
মৃদুপৱন [দেওকন] কোঁৱৰ
২০ অক্টোবৰ, ২০২১ বুধবাৰে আমাৰ পুজনীয় ককাই আমাৰ পৰা চিৰবিদায় ল’লে৷ ইমান সোনকালে তেখেতে আমাৰ পৰা বিদায় ল’ব বুলি ভবা নাছিলো৷ ককাই সদায় বাতৰিখন নতুবা ৰেডিঅ’টো লৈ বাৰান্দাৰ চকী এখনত বহি থাকে, কাষতে আইতা বহি থাকে৷ কিন্তু এতিয়াৰ পৰা আইতা অকলে বহি থাকিব৷ কাৰণ ককাই আমাক এৰি বহুদূৰলৈ গুচি গ’ল৷
আপুনি য’তেই আছে তাৰ পৰাই আমাক সদায় আশীৰ্বাদ কৰিব যাতে আমি সদায় সৎ পথেৰে আগুৱাই যাব পাৰো৷ ককাৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো৷