উপলব্ধি

দেৱকান্ত বৰুৱা



শহুৰ দেউতা বুলিলে জন্মদাতা পিতৃৰ পিছতে আমাৰ বাবে সৎচিন্তা, দিহা-পৰামৰ্শ দি তদাৰক কৰা আৰু জোঁৱায়েকক নিজৰ ৰাৰ দৰে ভবা এগৰাকী ব্যক্তি যি গৰাকী ভগৱানৰ আশীৰ্বাদ৷ মোৰ শহুৰ দেউতাও ইয়াৰ ব্যতিক্ৰম নাছিল৷ জীৱনত দুজনকৈ দেউতাক পোৱাসকল সঁচাকৈ সৌভাগ্যবান৷

দেউতা যোৱা ইং ২০ অক্টোবৰ, বুধবাৰে পৰলোক প্ৰাপ্তি হয়৷ তেওঁক ডিব্ৰুগড় আদিত্য চিকিৎসালয়ত Vent ৰখা অৱস্থাত চাবলৈ আহি পাপুৰ [প্ৰাণকৃষ্ণ বৰগোহাঁই] সৈতে ICU লৈ গৈছিলো৷ নাৰ্চগৰাকীয়ে দেউতাক চুপ অলপ খোৱাবলৈ লৈছিল৷ পাপুৱে দেতা জোন বা ভিনিদেও আহিছে বুলি কোৱাত, দেউতাই মোলৈ পাৰ্যমানে চকুযোৰ ডাঙৰকৈ মেলি চালে আৰু অপ্ৰস্তুত ভাৱে কিবা কবলৈ চেষ্টা কৰি আছিল৷ মই তেখেতক হাতেৰে ইংগিত দি দেউতাবুলি একে থৰে চাই আছিলো৷ কিনো বা লৈছিল-- ভাৱি থাকোতেই পাপুৱে Doctor আহিছে বুলি মোক বাহিৰলৈ মতাত ICU  পৰা ওলাই আহিলো৷ মনটো বৰ দুখেৰে ভৰি থাকিল৷ কৰ্মস্থলীলৈ গৈ কাম কৰাৰ বাবে মনটোক কোনো প্ৰকাৰে পতিয়ন নিয়াব নোৱাৰিলো৷ সেই চকুযোৰে মোক বৰকৈ আমনি কৰি থাকিল৷

পিছদিনাখন ৰাতি .০৫ মিঃ আমাক সকলোকে কন্দুৱাই তেখেতে ইহসংসাৰ ত্যাগ কৰিলে৷ মানুহ সঁচাকৈ বহু অসহায়, নিয়তিৰ হাতৰ পুতলা৷ সকলো গৰ্ব, অংহকাৰ ধূলিসাৎ কৰি নিমিষতে আপোনজনৰ পৰা আঁতৰ কৰি পেলায়৷ মোৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত এইয়ে প্ৰাৰ্থনা যেন-- তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰে৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ