দেতালৈ শ্ৰদ্ধাঞ্জলি...
জানমনি গগৈ
মৃত্যু অসহনীয় যদিও ই চিৰন্তন সত্য৷ সকলোৰে এদিন মৃত্যু হ’ব এই কথাষাৰ ক’বলৈ বা শুনিবলৈহে পাৰি কিন্তু ই সকলোকে মৰ্মাহত কৰি তোলে৷ দেতাৰ মৃত্যুৱেও অন্তৰত তোলপাৰ লগাইছে কি হ’ব আজিৰ পৰা দেখা নাই এই কথাষাৰ যেন মানি ল’বই নোৱাৰি৷ দেতাক মই খুউব ওচৰৰ পৰাই লগ পাইছিলো৷ তেওঁৰ সৰুজনী ছোৱালী কিৰণময়ী [বুল] মোৰ লগৰ আছিল যদিও তাইৰ বায়েক মুনু [ত্ৰিবেণী] বাৰ ওচৰত এ¥্ৰ¤ইদাৰী শিকিবলৈ তেওঁলোকৰ ঘৰলৈ অহা-যোৱা কৰিছিলো৷ তেতিয়াৰ পৰাই মোৰ তেওঁলোকৰ ঘৰখনৰ প্ৰতি আপোনতা৷ সেইখন যেন মাৰো ঘৰ মইও যেন তেওঁলোকৰ ঘৰৰে এজন সদস্য৷ প্ৰথম যেতিয়া তেওঁলোকৰ ঘৰলৈ গৈছিলো৷ মুনু বায়ে চিনাকি কৰি দিছিল এইৰ নাম ‘জানমনি’ আজিৰ পৰা তাই মোৰ লগত কাম কৰিব৷ মইও তেওঁক আগৰ পৰাই চিনি পাওঁ যদিও মাতবোল কৰি পোৱা নাছিলো৷ সেইদিন ধৰি তেওঁক মোৰ নিজৰ দেউতাৰ নিচিনা জ্ঞান কৰিছিলো৷ দেতাৰ এটা কথাই মোক আজি বাৰুকৈয়ে আমনি কৰিছে-মই যেতিয়াই তেওঁলোকৰ ঘৰলৈ ওলাওগৈ অলপমান দেৰিকৈ মোৰ ওচৰলৈ আহি সোধে কোন নো তুমি? মই সদায় কৈ গৈছিলো জনামনি দেতা৷ তেতিয়া তেওঁ অ’ অ’ বুলি আঁতৰি গৈছিল৷ তেনেকৈ বহুত দিন বহুত বাৰ হৈছিল৷ মুনু বায়ে কেতিয়াবা খঙতে কৈ পেলাইছি দেতা কিনো সদায় সুধি থাকে চিনি নাপায় নি/ কেতিয়াবা দেতা মোৰ ওচৰলৈ বেলেগ কথা পাতিবলৈ আহিলেও মোলৈ চাওঁতেই মই আগতিয়াকৈ কৈ পেলাইছিলো দেতা মই জানমনি৷ তেওঁলোকৰ ঘৰত যিকোনো সৰু-ডাঙৰ আয়োজনত মই সদায় উপস্থিত আছিলো৷ যেতিয়া আমি গোটেই কেইজনী বা আৰু মা লগ লাগি কথাত মছগুল হৈছিলো হাঁহিছিলো, তেতিয়া দেতা কাষৰ ৰুমটোৰ পৰা আহি কৈছিলহি “তহঁতৰ ইমান কথা ওলাইছে নে, ইমান হাঁহিছ, দে মোকো ভাগ দে” --এইবোৰ কথাই আজি বুকুত খুন্দিয়াই আছে৷ আপোনাৰ সকলোৰে প্ৰতি থকা মৰমৰ কথাই ক’বই নালাগে৷ মোকো যে আপুনি আপোনাৰ জী হিচাপে ভাবিছিল সেইটো মই অনুভৱ কৰিব পাৰো৷ শেষ মুহূৰ্তত যেতিয়া আপোনাৰ অসুস্থতাৰ কথা গম পালো তেতিয়াই যেন আপোনাৰ ওচৰ যামগৈ, আপোনাক এবাৰ হেঁপাহ পলুৱাই চাম, কিন্তু নোৱাৰিলো৷ পৰিস্থিতিয়ে মোক সেই আশাৰ পৰা বঞ্চিত কৰিলে৷ ‘দেতা’ আপোনালৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিলো৷ য’তেই আছে আপুনি শান্তিত থাকক, আৰু আমাক তাৰ পৰাই আশীৰ্বাদ কৰিব আপোনাৰ নিচিনা এজন সৎ মানুহ হওঁ৷