পেহাৰ সোঁৱৰণ
কৃষ্ণা [পুতু] বৰা কোঁৱৰ
পেহা আমাৰ মাজৰ পৰা ইমান সোনকালে আঁতৰি যাব বুলি আমি কল্পনাও কৰা নাছিলো৷ তথাপিও নিয়ঁতিৰ লিখন কোনেও খণ্ডাৱ নোৱাৰে, যদিও মনে মানি ল’ব নিবিচাৰে৷ পেহা আমাৰ দেউতাৰ দৰে আছি৷ পেহাক আমি বহুত শ্ৰদ্ধা-ভক্তি কৰিছিলো৷ আমাক কেতিয়াও পেহাই বোৱাৰী ব্যৱহাৰ কৰা নাছিল৷ পেহাই আমাৰ ঘৰলৈ আহি ‘পুতু কি বনাইছা দিয়া” বুলি নিজেই খুজিছিল আৰু মই যি বনাইছিলো তাকেই পেহাক খাবলৈ দিছিলো৷ পেহাই চুগাৰ থকা বাবে যিটি খাব পৰা নাছিল কাৰণে দালি, শাক-পাছলি ভাজি আদি বেছিকৈ দিছিলো৷ প্ৰতিটো বিহুতে আমি সকলোৱে পেহাৰ পৰা আশীৰ্বাদ লৈছিলো৷ সেই পেহা আৰু আমাৰ মাজত নাই৷ পেহাই মনৰ কথা কিছুমানো আমাৰ মাজত ব্যক্ত কৰিছিল৷ পেহাৰ স্মৃতি কিছুমানে আমাক বৰকৈ আমনি কৰি থাকিব৷ তেওঁক আমি কেতিয়াও পাহৰিব নোৱাৰো৷ তেওঁ আমাৰ মাজত সদায় থাকিব৷ শেষত তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো৷