দেউতা...

বুলবুলি


দেউতা....

দেতা... নিহিত হৈ আছে আমাৰ উশাহ... লৈ গুচি দেতা... এই যেন বুল চাহ একাপ দে আকৌ.... এই টেলিফোন নম্বৰতো লগাই দেচোন... চকুৰ ডাক্তৰজনলৈ ফোন কৰিবি মই আকৌ দেখাব যা লাগে৷ স্কুলৰ পৰা সোমালে সোধে-কোন? বুল নেকি মই বোলো নহয় মই চুমকি৷ দেতাই মাতটো বুজি পাই হাঁহি মাৰি কয়-ধেই৷ সৰুতে মই বেছিকৈ মাংস খোৱাৰ জেদ কাৰোতে দেতাই কয় তই অহা জনমত ৰাক্ষস বি৷ দেতা বৰ শান্ত প্ৰকৃতিৰ আছিল যদিও তেওঁৰ খঙৰ ছবিখন দেখাৰো সৌভাগ্য মোৰ হৈছিল৷ দেতাই সদায় গধূলি খোজ কাঢ়িবলৈ লে আমালৈ খোৱা বস্তু বলিয়া চানা আনে৷ সেইদিনা আকৌ তাৰ বিপৰীতে আনিছিল ৰেডিঅ বেটেৰী৷ মই আকৌ পোনেই কি মিঠাই আনিছে বুলি পলিথিনটো টানি দিছিলো৷ দেতাই খঙতে এটা পূৰ্ণহতীয়া চৰ সোধাই দিলে৷ সেইদিনা মোৰ বৰ দুখ লাগিছিল৷ কিন্তু এতিয়া মই নিজকে সৌভাগ্যবান বুলি ভাবিছো যে আমাৰ পাঁচোটাৰ ভিতৰত মইয়ে সেই সোৱাদ পালো৷ সৰুতে দেতাৰ চাইকেলৰ আগৰ ধামডালত বহি কিমান যে সত্ৰীয়া নৃত্য কৰিবলৈ লো৷ বৰ মনত পৰিছে দেতা৷ দেতাই এটা চাকৰিয়ে আমাৰ আবদাৰবোৰ হেলাৰঙে পূৰণ কৰিছিল৷ বিশেষকৈ মই দেতাক ঢকুৱাখনাতে কলেজ পঢ়াৰ চৰ্ত দি স্কুটিখন লৈছিলো৷ সেয়েহে ভগৱানে মোক পাছত দেতাক গাড়ী এখনত উঠোৱাৰ শক্তি দিছিল৷

দেতাই ৰেডিঅশুনি বৰ ভাল পাইছিল৷ ৰাতিপুৱা বজাৰ পৰা একেবাৰে ৰাতি ১০ বজালৈ ৰেডিঅশুনিছিল৷ কেতিয়াবা ৰাতি তেওঁ টোপনি গুচি যায় কিন্তু ৰেডিঅবাজিয়ে থাকে আৰু বেটেৰী শেষ হয়৷ ৰাতিপুৱাই আকৌ বেটেৰী আনি মাক লগাবলৈ দিয়ে৷ দীৰ্ঘদিনীয়া মধুমেহ ৰোগৰ বাবে দেতাৰ দৃষ্টি শক্তি অলপ কম হৈছিল৷ সেইবাবে তেওঁ প্ৰায়ে বেলেগৰ সকামৰ পৰা ঘৰৰ নতুন চেণ্ডেল থৈ আনৰ পুৰণা চেণ্ডেল লৈ আহিছিল যাৰ ফলত আমাৰ সকলোৰে গালিবোৰ হাঁহি হাঁহি খাইছিল৷ এবাৰ তেওঁ মোৰ নীলা চেণ্ডেল যোৰ পিন্ধি চাইকেল চলাই চাৰিআলিৰ পৰা আহিলগৈ৷ কলেজলৈ যাবলৈ চেণ্ডেল বিচাৰি নোপোৱাৰ কথা লগৰ জনীৰ আগত কওঁতে তাই হাঁহি হাঁহি লে যে তাই দেখিছে চাইকেলৰ পেডেলত মোৰ চেণ্ডেল পিন্ধাজন দেতা৷ বৰ লাজ লাগিছিল সেইদিনা, কিন্তু আজি মনত পৰি বৰ ৰোমাঞ্চকৰ লাগিছে৷ যিকোনো নথিপত্ৰ ফাইলত জমা কৰি ৰখাৰ তেওঁৰ এটা চখ আছিল৷ বিবাহ ফাইল, ষ্টুডেণ্ট ফাইল, মাটি ফাইল, জেৰক্স ফাইল ইত্যাদি বিভিন্ন নামাকৰণেৰে ফাইলবোৰ এতিয়াও আৱদ্ধ হৈ আছে আলমাৰিত৷ কাগজ পত্ৰ উলিয়াওঁতে প্ৰায়ে সৰু সৰু কাগজৰ লগত কেতিয়াবা পইচা পৰি যায় কিন্তু খৰধৰৰ কোবত তেওঁ চাবলৈ পাহৰি যায়৷ আৰু আমাৰ যি জনীয়ে দেতাৰ ৰুমটো সাৰিবলৈ যাওঁ সেইজনীৰ লাভ হয়৷ পূজা বিহুৱে প্ৰতি আমি দেতাৰ পৰা ৫০০ টকাকৈ লৈছিলো৷ বিশেষকৈ সৰু বা আৰু মই দেতাৰ পৰা জোৰ জবৰদস্তি লৈছিলো আৰু তেওঁ চকুকেইটা মুদি মিচিকীয়া হাঁহি মাৰি আমাৰ আবদাৰ পূৰাইছিল৷ 

ঘৰৰ বাহিৰত ঘটা কিছু সৰু-ডাঙৰ ঘটনা তেওঁ আমাৰ পৰা লুকুৱাইছিল৷ তেওঁ দুই-তিনিবাৰ চাইকেলৰপৰা পৰি নিজে প্ৰাথমিক চিকিৎসা কৰি আহে৷ তাৰ পিছত আমি গম পাই তেওঁক সুধিলে তেওঁ কয়ধেই তহঁতি আকৌ গম পালি? 

এই কথাবোৰে বৰকৈ মনত পৰিছে দেতা৷ দেতা ইহঁতি মোক মিছা কথা লে নহলে মই আপোনাৰ ওচৰলৈ এপাক লোহেঁতেন৷ কিন্তু চাব জানো পাৰিলোঁহেঁতেন আপোনাৰ সেই অসহায় মুখখন৷ যদিও আপোনাক শেষ মুহূৰ্তত নাপালো লেও ঘৰৰ পৰা হস্পিতাললৈ যাওঁতে ভাতকেইটা খুৱাই দিয়াৰ সৌভাগ্য মোৰ ল৷ দেতা আপুনি মৃত্যুৰ ক্ষণতো আমাক সেই এটি দাঁতৰ মিচিকীয়া হাঁহিটোৱে দি ল৷ আপোনাৰ অলপো ম্লান নপৰা মুখখন যাতে প্ৰত্যেক জনমতে মই দেতা হিচাপে পাওঁ৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ