মানস পটত মোৰ সৰু ককাইদেউজন...
মঞ্জু গগৈ [ভগ্নী]
মোৰ সৰু ককাইদেউ বৰ শান্ত স্বভাৱৰ আছিল, সেই কাৰণে তেওঁক সকলোৱে ভাল পাইছিল৷ মই ঘৰৰ একেবাৰে সৰু আছিলো৷ মোক তেওঁ বহুত মৰম কৰিছিলে, যেতিয়াই যিটো বিচাৰিছিলো সেইটোৱেই তেওঁ মোক আনি দিছিল৷ এদিনৰ কথা আজিও মোৰ মনত পৰে, তেওঁ যেতিয়া প্ৰথম চাকৰি পাইছিলে, মই এখন শাৰী বিচাৰিছিলো, সেই সময়ত তেওঁ কথাটো মন দিয়া নাছিল, কিন্তু যেতিয়া মোৰ বিয়া হৈ গৈছিল আৰু প্ৰথম বাৰ ঘৰলৈ আহিছিলো তেতিয়া মোক এখন ধুনীয়া শাৰী কিনি দিছিল৷ সেইদিনা মোৰ বহুত ভাল লাগিছিল, মই বুজি পাইছিলো তেওঁৰ মৰমৰ কথা৷ মনত পৰিলে আজিও বহুত ভাল লাগে৷ এনেকুৱা বহুত সৰু সৰু কাহিনী আছে৷
যেতিয়া তেওঁ নিজৰ কামত গুৱাহাটীলৈ আহে, নাইট চুপাৰত আহি ৰাতিপুৱা ৭ বজাত পায়হি৷ মই সোনকালে উঠি গেট খুলি ৰাখিছিলো, আহিয়েই ভণ্টী বুলি বেগ লৈ সোমাই ভাগৰত মোৰ বিছনাখনত বাগৰ দিছিল আৰু টোপনি গৈছিল৷ মই সময়ত জগাই দিছিলো খাবৰ কাৰণে আৰু কি কামত আহিছে সময়মতে যাবলৈ৷ আজিও মোৰ চকুৰ আগত ভাহি উঠে৷
মই ভাৱো মোৰ সৰু ককাইদেউ এজন সফল ব্যক্তি৷ তেওঁৰ চাৰি জনী ছোৱালী পঢ়াই শুনাই সময়মতে বিয়া দিলে৷ ল’ৰাটো পাপুক উচ্ছ শিক্ষাৰে শিক্ষিত কৰিলে৷
শেষত মই তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো৷ তেওঁ য’তেই আছে চিৰ শান্তি লাভ কৰক৷
ঔম শান্তি, শান্তি, শান্তি