সৰু পেহাদেউলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি
বিনীতা দুৱৰী
এখন বহল অন্তৰৰ গৰাকী, এগৰাকী ভদ্ৰ অমায়িক, নীৰৱ সমাজকম¹ তথা ‘ঢকুৱাখনা’ৰ সু-সন্তান এজন গ’লগৈ৷ কেতিয়াও ঘূৰি নহা ঠাইলৈ৷ আৰু ঢকুৱাখনাৰ সেই সু-সন্তানজনেই আছিল আমাৰ মৰমৰ সৰু পেহাদেউ৷
জন্ম-মৃত্যু এক চিৰন্তন সত্য৷ তথাপি আপোনজনক হেৰুৱাৰ বেদনা সহিবলৈ যথেষ্ট কঠিন৷ তেখেত ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যাব বুলি ভবাও নাছিলো৷ পেহাদেউৰ মৃত্যুৱে মোৰ মনত এক বুজাব নোৱৰা শূণ্যতাৰ সৃষ্টি কৰিলে৷ পেহাদেউৰ বহু কথাই এইকেইদিন মনত পৰিছে৷ তেখেতৰ মধুমেহ ৰোগ আছিল৷ সেয়েহে মাজে মাজে হতাশ হ’লে পেহীদেৱে লগাই কয় “আইমণি, পেহাৰৰ লগত কথা পাত৷” মই পেহাদেউক কৈছিলো, “কি হ’ল পেহাদেউ কিয় মন মাৰি আছেঞ্জ” পেহাদেৱে কয় ‘এনেই চিন্তা কিছুমান আহি আছে বুজিছা৷’ মই পেহাদেউক কৈছিলো ‘কিহৰ চিন্তা পেহাদেউঞ্জ আপোনাৰ দৰে ভাগ্যবান এই বিশাল পৃথিৱীখনত কেইজন আছেঞ্জ চাৰিগৰাকীকৈ ৰূপে-গুণে উচ্ছ শিক্ষিতা কন্যা, এজন শিক্ষিত গুণী-জ্ঞানী সুযোগ্য পুত্ৰ আৰু চাৰিজনকৈ পেহাদেৱে হা হা কৈ হাঁহিছিল আৰু মোৰ লগত সুখ-দুখৰ কথাপাতি মন ফৰকাল কৰিছিল৷
পেহাদেউৰ পেহীদেউৰ প্ৰতি আছিল বহুত মৰম আৰু শ্ৰদ্ধা৷ কাৰণ এই কথা মোক কেইবাবাৰো তেওঁ কৈছিল৷ তেখেতে কৈছিল, মোৰ সংসাৰখন সুন্দৰকৈ পৰিচালনা কৰিছিল তোমাৰ পেহীয়েৰাই৷ তেওঁৰ ত্যাগ, কষ্ট আৰু কঠোৰ পৰিশ্ৰম অবিহনে মোৰ সন্তান কেইটিক মই মানুহ কৰিব নোৱাৰিলোহেঁতেন৷ বহুত কষ্ট কৰিছে তোমাৰ পেহীয়েৰাই৷ ময়ো এতিয়ালৈকে জীয়াই আছো তোমাৰ পেহীয়েৰাৰ শুশ্ৰূষাৰ কাৰণে৷
পেহাদেউৰ নিজ জ্ঞাতি আৰু মাতৃভূমিৰ প্ৰতি আছিল অগাধ প্ৰেম৷ এই কথা বহুবাৰ মই তেওঁৰ কথাতেই প্ৰমাণ পাইছিলোঁ৷ মোক পেহাদেৱে কৈছিল, তোমাৰ সম্বোধনলৈ মোৰ ভাল লাগে৷ তুমি চমুকৈ পেহা বুলি নকৈ পেহাদেউ বুলি কোৱা ৷ ‘দেউ’ শব্দটো আহোমসকলৰ শ্ৰদ্ধা আৰু সন্মানাৰ্থে ব্যৱহাৰ হোৱা এক শব্দ৷
পেহাদেৱে নিজৰ কৰ্মজীৱনত বিশেষভাৱে কৃতিত্ব অৰ্জন কৰিছিল৷ ২০০৯ চনত কৃতী শিক্ষকৰ বঁটাৰে সন্মানিত হৈ সমগ্ৰ ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই আনিছিল৷ এনে এজন জ্ঞানী-গুণী, মানৱপ্ৰেমী অধ্যয়নশীল আৰু সমাজ সংগঠকক আমাৰ পেহাদেউ হিচাপে পাই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছিলোঁ৷
আজি তেখেতৰ আদ্যশ্ৰাদ্ধৰ দিনা বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত গভীৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ আৰু সমূহ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ৷
ঔম শান্তি, শান্তি, শান্তি৷