বৰদেউতাৰ সোঁৱৰণত
পিংকু
জন্ম, মৃত্যু, বিবাহ৷ এটা আনটোৰ পৰিপূৰক৷ ই যেন অদৃশ্যজনে খোদিত কৰা শিলৰ ৰেখা৷ জন্ম আৰু বিবাহে মানুহক যেনেদৰে উৎফুল্লিত কৰে, তেনেকৈ মৃত্যুৱে সকলোকে মৰ্মাহত কৰে৷ আপোনজনক হেৰুৱাৰ বেদনাই আমাক বেদনাগ্ৰস্ত কৰে৷ সেইদৰে অচিনাকী জনৰ মৃত্যুৱেও আমাৰ প্ৰত্যেককে ক্ষণিকৰ বাবে হ’লেও মৰ্মাহত কৰি তোলে৷ তথাপিও মৃত্যু শ্বাশ্বত সত্য৷ কবিৰ ভাষাৰে মৃত্যুওটো এটা শিল্প৷
বৰদেউতাৰ মৃত্যু এতিয়াও মই মানি ল’ব পৰা নাই৷ যেন এটা সপোন৷ সাৰ পাই৷ অমংগলীয় সপোন দেখাৰ বাবে নিজকে ধিক্কাৰ দিম৷ এপষেক আগত লগ পাই অহা মানুহজন হঠাতে নোহোৱা হৈ গ’ল ই যে সপোনৰো অগোচৰ৷ আমি মানে আমাৰ পৰিয়ালটো শিৱসাগৰত থাকো৷ ঘৰলৈ গ’লে বৰদেউতাক এবাৰ লগ কৰি অহাটো মোৰ বাবে অপৰিহাৰ্য্য৷ এইবাৰ লগ পাওঁতে কিছু দুৰ্ববল দেখিছিলো৷ ভাবিছিলো সাধাৰণ স্বাস্থ্যজনিত দুৰ্বলতা৷ নিয়তিয়ে হয়তো হাঁহিছিল৷ শৈশৱৰ দিনবোৰ দেউতা বৰদেউতাৰ লগতে আমিবোৰ একেখন ঘৰতে ডাঙৰ হৈছিলো৷ ভালদিনবোৰত আমি আমাৰ আনন্দবোৰ ভগাই লৈছিলো৷ সেইদৰে বেয়া দিনবোৰত প্ৰত্যেকেই প্ৰত্যেকৰ দুখৰ সমভাগী হৈছিলো৷ বৰদেউতাই আমি ডাঙৰ হোৱাৰ পাছত কিছু আঁতৰত ঘৰ সাজি থাকিবলৈ ল’লেও আগৰ দৰেই আমাৰ মাজত স্নেহ-প্ৰীতি বাঢ়িহে গৈছিল৷ নিজৰ শাৰিৰীক অসুস্থাতাকো নেওচি আমাৰ ৰোগগ্ৰস্ত মাৰ খবৰ ল’বলৈ আহিছিল বৰদেউতা৷ ঘৰলৈ গ’লে বৰদেউতাক “স্বাস্থ্য ভালে আছে দেই আপোনাৰ” বুলি ক’লে দুগুণ উৎসাহেৰে বৰদেউতাই কৈছিল “মইচোন ডেকাই হৈ আছো৷”
যিটো সত্য সেইয়া মানিবই লাগিব৷ তেখেত আমাৰ মাজত কায়িক ভাবে নাথাকিলেও আমাৰ হূদয়ত সদায় থাকিব৷
য’তেই থাকক বৰদেউতা শান্তিৰে থাকক৷ বৰদেউতাৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে পৰমপিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ৷