দে’তা
মুনু
৩৩ বছৰ ৬ মাহ ২০ দিনৰ এটা মধুৰ অধ্যায় আপোনাৰ সৈতে দেতা৷ যোৱা জনমৰ কিবা পুণ্যৰ ফলত আপোনাক মই পিতৃ হিচাপে পালোঁ৷ আৰু সাত জনম্ লৈ আপোনাৰে জী হৈ থাকিব বিচাৰোঁ৷
খুব সৰুৰে পৰা আপোনাৰ লগত শোৱাৰ মোৰ এটা অভ্যাস হৈ পৰিছিল৷ মই গাভৰু হোৱাৰ পাছতো আপোনাৰ সৈতে বহুত বছৰ শুলোঁ৷ মানা কৰিলেও কিন্তু মই শুইছিলোঁ, কিয়নো সদায় ৰাতি আপুনি মোৰ পিঠি খজুৱাই আবদাৰ পূৰণ কৰিছিলোঁ৷ যিটো অভ্যাস মোৰ আজিও ৰৈ গ’ল৷ আপুনি খুব শান্ত আছিল দে’তা৷ খং নাছিল তেনেকুৱা নহয়, কিন্তু স্বভাৱত আপুনি শান্ত আছিল৷
মনত পৰে দে’তা, বলিয়া ছানা মোৰ খুব প্ৰিয় আছিল৷ আপুনি চাৰিআলিলৈ গ’লে দে’তা মোলে আপুনি বলিয়া ছানা আনিব বুলি ক’লেই আপুনি লৈ আনিছিল আৰু সেইখিনি সময়ত যদি মই নাথাকো আপুনি কিন্তু বেলেগত নিদি মই অহাৰ পাছত ‘মুনু তোৰ চানা’ ল’ বুলি দিছিল৷
মাছ মোৰ খুব প্ৰিয়৷ মই যেতিয়া লখিমপুৰ-গুৱাহাটীত পঢ়ি আছিলোঁ৷ যিদিনা ঘৰলৈ আহোঁ আপুনি সদায় মোৰ বাবে ভালৰো ভাল মাছ আনি থৈছিল ভাত খোৱা টেবুলত কয় “মুনু মাছটো ভাল পাইছেনে তই আহিছ বাবে আজি এইটো মাছ আনিলোঁ৷ মোৰ ছোৱালীৰ জন্মদিনা আপুনি ডেৰ কেজি ওজনৰ এটা শাল মাছ লৈ মোৰ ঘৰ ওলাইছিল৷ কিন্তু Hospital Admit হোৱাৰ বাবে মোৰ সৰু বৰতাৰ ঘৰত দি আহি মোক কৈছিল ‘মুনু বৰতাৰ ঘৰত মাছ দি থৈ আহিছোঁ৷ তোক খোৱাবলে এইখিনি সময়ত বহুত ইচ্ছা আছিল৷ ডাক্তৰ বাইদেউক সুধি মাছেৰে ভাত কেইটামান খাবি৷ এইয়াই ছাগৈ আপোনাৰ মোৰ প্ৰতি অপৰিসীম মৰম আছিল৷ যিটো আজি বাৰে বাৰে উপলব্ধি কৰিছোঁ৷
আপোনাৰ সৈতে মোৰ ঘনিষ্ঠতা বাকী কেইজনীতকৈ অলপ বেছি আছিল৷ আপোনাৰ বেংকৰ পৰা পেঞ্চনৰ বহুখিনি কাম মই কৰিছিলোঁ৷ মই গুৱাহাটীত থাকোঁতে পেঞ্চনৰ অফিচত এজন ব্যক্তিয়ে কৈছিল৷ “আপুনি বেমাৰী দেহাৰে গাভৰু ছোৱালীজনী লৈ অফিচ অহা-যোৱা কৰি থকাতকৈ মোকেই অলপ টকা দিয়ক মই কৰি দিম”৷ আপুনি পোনচাতেই কৈছিল ‘এই মোৰ ছোৱালী-ল’ৰা চব৷ আপুনি চিন্তা নকৰিব মোৰ ছোৱালীক চব ফালৰ পৰা মই উপযুক্ত কৰি তুলিছোঁ৷
এইষাৰ কথাই মোক তেতিয়াও আৰু এতিয়াও বহুত গৰ্বিত কৰি তুলে দে’তা৷
লাহে লাহে আপোনাৰ মধুমেহ বেমাৰটোৱে ভিতৰি আপোনাক বছৰটোৰ কেবা মাহ দিন মনৰ অস্থিৰতাক জগাই তুলিছিল৷ কেতিয়াবা ঘপ্কৈ ফ’ন কৰি আপুনি মোক নানানটা সমস্যাৰ কথা কয়৷ কেতিয়াবা মাতি পঠায়৷ কেতিয়াবা ফোনতে দুখৰ কথাই সামৰণি মাৰে৷ মইও কেতিয়াবা শুনো৷ কেতিয়াবা মনৰ অস্থিৰতাত থাকিব নোৱাৰি ঢপলিয়াই গুচি আঁহো৷ আপোনাৰ ওচৰলৈ৷ ওচৰত পোৱাৰ লগে লগে আপোনাৰ সকলো সমস্যা যেন নিমিষতে হেৰাই যায় তেনে অনুভৱ হয়৷
লিখিলে বহু কথাই ওলাব৷ যাৰ কোনো অন্ত নাই৷ কিছুমান কথা মোৰ মাজতেই সজীৱ হৈ থাকক৷ লিখি শেষ কৰিব নোৱাৰো কথাবোৰ৷ সহজ-সৰল নিমাখিত শান্ত প্ৰকৃতিৰ ব্যক্তি আপুনি৷ কিমান নীৰব হ’লে ধৈৰ্য থাকিলে চাৰিজনী ছোৱালী এটি ল’ৰাৰ আৱদাৰবোৰ পূৰণ কৰিব পাৰে আপোনাক দেখিলোঁ৷ জীৱনৰ প্ৰতিটো খোজ নিশ্চিন্ত হৈ আগবাঢ়িলোঁ আপোনাৰ সাহসৰ হাতখন লৈ জীৱনটো কেনেকৈ উপভোগ কৰি আপুনি শিকাই থৈ গ’ল সহজকৈ৷
শেষ সময়ত আপোনাৰ ওচৰত থাকিব নোৱাৰিলোঁ৷ লক্ষীমপুৰতেই আপোনাৰ সৈতে শেষ দেখা হ’ব এবাৰো ভবা নাছিলোঁ৷ ডিব্ৰুগড়লৈ নিয়াৰ পাছত পাপু আৰু ৰাকেশে চব কথা আমাক কোৱা নাছিল৷ ডাঙৰ ভিনিদেৱে খালি বাৰে বাৰে কৈ আছিল “মুনু প্ৰিপেয়াৰ হ’বা মেণ্টেলি বাকীখিনি ভগৱানৰ ওচৰত৷
লক্ষ্মীপূজাৰ দিনা গধূলি বাৰাণ্ডাৰ চকীখনত বহি আপোনাৰ কথাই মনলৈ আহি আছিল৷ সেইদিনা আপুনি লোৱা আমাৰ ঘৰটোৰ ১৭ বছৰ হৈছিল৷ আনদিনা হোৱা হ’লে আপুনি যে গধূলি মিঠাই লৈ উপস্থিত হ’লহেঁতেন৷ নিষ্ঠুৰ সময়ে আপোনাক সেইদিনাই লৈ গ’ল৷
এটা শুদ্ধ মন, সৎ চিন্তাৰ ব্যক্তি আছিল বাবে পূৰ্ণিমাৰ জোনাকখিনিতে আপুনি বিলীন হৈ গ’ল৷ আপোনাৰ নিথৰ দেহাটো ঘৰ সোমোৱাৰ লগে লগে এজাক বৰষুণে গোটেইখন শুদ্ধ কৰি আপোনাক লৈ গ’ল৷
আমি মাথো চাই ৰ’লোঁ আপোনাৰ চিৰসেউজ মিচিকিয়া হাঁহিটো আৰু অকনো ম্লান নপৰা আপোনাৰ মুখখন৷
নীৰৱ প্ৰকৃতিৰ লোকজন আৰু একেৰাহে টিঙিৰতুলা হৈ থকা আপোনাৰ ‘নগা’ৰ সৈতে থকা সময়বোৰ থাকি যাব বুকুত অবিৰত ভাৱে৷ মনৰ দাপোনত ৰৈ যাব এৰি অহা দিনবোৰ৷