শহুৰ দেউতালৈ শ্ৰদ্ধাঞ্জলি...
মনোজ বৰুৱা
“জন্মিলে মৰিব লাগে
নীতি এই ধৰা বন্ধা
দৰেই চলি আছে
সৃষ্টি পাতনিৰে পৰা৷”
জন্ম হ’লে মৃত্যু হ’বই, ই চিৰন্তন সত্য৷ তথাপি মৃত্যু অতি এক মৰ্মান্তিক বেদনা৷ যেতিয়া অতি আপোন এজন আঁতৰি যায় সেইয়া এক বুজাব নোৱাৰা অনুভৱ৷
সময় বৰ নিষ্ঠুৰ, সময়ৰ কুটিল সোঁতত দেউতা চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা আঁতৰি গ’ল৷ তথাপি তেওঁৰ লগত হোৱা কিছুমান বিশেষ বাৰ্তালাপ, সময় চিৰস্মৰণীয় হৈ ৰ’ব৷
দেউতা কেৱল মোৰ শহুৰেই নহয়, তেওঁ মোৰ শিক্ষাগুৰু আৰু পথ প্ৰদৰ্শকও আছিল৷ মই তেওঁক লগ পোৱাৰ সময়খিনিত তেওঁক যিমান জানিছিলো আৰু যিমান বুজিছিলো তেওঁৰ সেই সুদক্ষতাৰ বিষয়ে প্ৰকাশ কৰি তেওঁৰ দক্ষতাক অপমানিত নকৰো৷
আপুনি বুকুৰ মাজত এক মচিব নোৱাৰা সাঁজ বহুৱাই থৈ গ’ল৷ দেউতা, আপুনি য’তেই নাথাকক, আপোনাৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰক, এইয়েই মোৰ প্ৰাৰ্থনা৷