শহুৰ দেউতালৈ শ্ৰদ্ধাঞ্জলি...

মনোজ বৰুৱা



জন্মিলে মৰিব লাগে

নীতি এই ধৰা বন্ধা

দৰেই চলি আছে

সৃষ্টি পাতনিৰে পৰা৷

জন্ম লে মৃত্যু বই, চিৰন্তন সত্য৷ তথাপি মৃত্যু অতি এক মৰ্মান্তিক বেদনা৷ যেতিয়া অতি আপোন এজন আঁতৰি যায় সেইয়া এক বুজাব নোৱাৰা অনুভৱ৷ 

সময় বৰ নিষ্ঠুৰ, সময়ৰ কুটিল সোঁতত দেউতা চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা আঁতৰি ল৷ তথাপি তেওঁৰ লগত হোৱা কিছুমান বিশেষ বাৰ্তালাপ, সময় চিৰস্মৰণীয় হৈ ব৷

দেউতা কেৱল মোৰ শহুৰেই নহয়, তেওঁ মোৰ শিক্ষাগুৰু আৰু পথ প্ৰদৰ্শকও আছিল৷ মই তেওঁক লগ পোৱাৰ সময়খিনিত তেওঁক যিমান জানিছিলো আৰু যিমান বুজিছিলো তেওঁৰ সেই সুদক্ষতাৰ বিষয়ে প্ৰকাশ কৰি তেওঁৰ দক্ষতাক অপমানিত নকৰো৷

আপুনি বুকুৰ মাজত এক মচিব নোৱাৰা সাঁজ বহুৱাই থৈ ল৷ দেউতা, আপুনি তেই নাথাকক, আপোনাৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰক, এইয়েই মোৰ প্ৰাৰ্থনা৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ