দদাইদেউৰ পূৰ্ণ স্মৃতিত

অপু [অনুপম দাস]


ৰবীন দদাইদেউ৷ শৈশৱ-যৌৱনৰ অবাটে যোৱা সময়খিনিৰ পৰা উদ্ধাৰ কৰা মানুহজন, মোৰ বাবে ৰবীন দদাইদেউ৷ বৈবাহিক সূত্ৰে যদিও তেখেত মোৰ শহুৰ দেউতা, সম্পৰ্ক বা সম্বোধন কিন্তু দদাইদেউৱেই হৈ থাকিল৷ অসুস্থতাৰ সময়চোৱাত ব্যস্ততাৰ দোহাই দি আজি স্মৃতিচাৰণ কৰাৰ ধৃষ্টতাক সৰগৰ পৰাই নি( মোক দদাইদেৱে ক্ষমাৰ চকুৰে চাব৷ 

১৯৯১-৯২ চন মানৰ কথা৷ সদ্য যৌৱন প্ৰাপ্ত আমিবোৰে উশৃংখল জীৱনৰ সোৱাদ লৈ ফুৰিছো৷ লক্ষ্য-এক লক্ষ্যহীন জীৱন৷ সাঁজ লাগো লাগো, কোনোবা এটা শীতৰ সন্ধিয়া৷ দদাইদেৱে আমাক মাতি লৈ শিমলুতলেৰে হঘূলি চাপৰিলৈ যোৱা গো-বাটটোৰে৷ মোক অপু বুলি মাতিছিল তেখেতে৷ অপু, তই ইহঁত কেইটাতকৈ ডাঙৰ, গতিকে ইহঁতক এটা শুদ্ধ পথ দেখুওৱাৰ দায়িত্বও তয়েই লাগিব৷ মৌনতাৰে পাৰ হৈ কিছু সময়৷ নিজৰ বিবেকৰ সৈতে লিপ্ত লো যুদ্ধত৷ অবাটে যোৱা এজনে আনক কেনেকৈ পথ দেখুৱাব৷ মৌনতা ভংগ কৰি দদাইদেৱে মাত লগালে-- অভিজ্ঞতা৷ তোৰ অভিজ্ঞতাই ইহঁতক সঠিক পথৰ সন্ধান দিব৷ বাবা, তপন, নীলমণি, ব্ৰজেন..... সকলো নিমাত৷ মই ঠিকেই বুজিছিলো৷ সিহঁতৰ অন্তৰত চলি আছে, এক অন্তহীন যুদ্ধ৷ কেইটামান উদণ্ড ডেকাক নিৰ্বাক-নিস্পন্দ কৰিব পৰা দদাইদেউ আছিল আজন্ম শিক্ষক৷ মোৰো শিক্ষক৷ ঢকুৱাখনা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ ৰবীন দদাইদেউ আছিল প্ৰবোধ বৰগোহাঁই চাৰ৷

উদয়ন সংঘ আৰু চন্দ্ৰশেখৰ দাস অধ্যয়ন চক্ৰ৷ দদাইদেউৰ নেতৃত্বত কিতাপ পঢ়াৰ এটা আন্দোলৰ উক্মুকনি৷ আমাক এটা লাইব্ৰেৰী লাগে৷ এই বিষয়ে পৰামৰ্শ বিচাৰি আমি হোমেন বৰগোহাঞি ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিছিলো৷ তেখেতে এখন ৰচনাত এই বিষয়ে উল্লেখ কৰিছে৷ আৰম্ভ হৈছিল লাইব্ৰেৰী গৃহ নিৰ্মাণৰ জল্পনা-কল্পনা৷ প্ৰতিটো আবেলি দদাইদেউৰ নেতৃত্বত গোট খাই আমি ভৱিষ্যতৰ কাৰ্য্যপন্থা সম্পৰ্কে আলোচনা কৰিছিলো৷ মেট্মৰা কিতাপেৰে এটি পুথিভঁৰালৰ স্বপ্নৰে কল্পনাৰ সাগৰত উটি ভাঁহি ফুৰিছিলো৷ আমাৰ কলুষিত মনবোৰ কিতাপ পঢ়াৰ আনন্দৰে ভৰাই দদাইদেৱে তেতিয়াৰ আমাৰ প্ৰজন্মটোক সঠিক পথ দেখুৱাইছিল৷ এতিয়া অনুভৱ কৰিছো আচলতে দদাইদেৱে গঢ়ি তুলিছিল এক প্ৰশিক্ষণ কেন্দ্ৰ৷ প্ৰতিটো সৰু-ডাঙৰ ঘটনাৰ পৰা শিক্ষা লোৱাৰ সামৰ্থ্য, গৃহ-নিৰ্মাণৰ কামত হাতে কামে লগাই কাৰিকৰী শিক্ষাৰ আভাস, নিৰ্মাণৰ সামগ্ৰী ক্ৰয় কৰিবলৈ দি অৰ্থনৈতিক পৰিকল্পনাৰ সৈতে পৰিচয় গঢ়ি আমাৰ জীৱনবোৰৰ প্ৰকৃত কাৰিকৰ আছিল তেখেতেই৷

তেতিয়া চুমকি, জোন, মুনুহঁত সৰু সৰু, বুল পানীকেঁচুৱা৷ দদাইদেউৰ ঘৰখন আমাৰ অঘোষিত কাৰ্য্যালয়৷ আমাৰ উৎপাতবোৰ চেনেহৰ চকুৰেই চাইছিল খুড়ীদেৱে৷ইয়াতে টকা কেইটামান থৈছিলো নাই দেখোন৷ হেৰি শুনিছেনে”-- খুড়ীদেউৰ মাত৷ দেখিলোঁ, নুশুনাৰ ভাও ধৰি খৰখোজেৰে দদাইদেউ ওলাই আহিছে৷ কালি চিমেণ্ট কম হোৱাত চাইকেলখনত চিমেন্ট বস্তা লৈ থেলি অনা দৃশ্যটো মনত পৰি ল৷ সেয়াই আছিল মোৰ ৰবীন দদাইদেউ আৰু আমাৰ আনসকলৰ বাবে প্ৰবোধ বৰগোহাঁই চাৰ৷ আমি বুজিছিলো অনুভৱ কৰিছিলো তেখেতৰ মনৰ মাজত চলি থকা ভাব বোৰ৷ ত্যাগৰ আনন্দবোৰ৷ সৰুৰ লগত সমনীয়াৰ দৰে আৰু জ্যেষ্ঠ সকলৰ লগত গাম্ভীৰ্যতা বজাই ৰাখি বাৰ্তালাপ কৰা দদাইদেৱে সদায় আমাক কৈছিল-- অতীতৰ বাবে অনুতাপ, অনুশোচনা আৰু ভৱিষ্যতৰ বাবে দুশ্চিন্তা নকৰিবি৷ হয়তো সেইবাবেই এক পৰিপূৰ্ণ জীৱন পৰিক্ৰমা সফলভাৱে অতিক্ৰমী তেখেত লগৈ৷ এজন সফল স্বামী, পিতৃ হিচাপে পৰিয়ালে তেখেতক মনত ৰাখিব৷ এজন ভাল প্ৰতিবেশী হিচাপে ওচৰ-চুবুৰীয়াই মনত ৰাখিব৷ এজন আজন্ম শিক্ষক আৰু সমাজৰ হিতৰ বাবে অহোপুৰুষাৰ্থ কৰা পুৰুষ হিচাপে সমাজৰ প্ৰতিজন লোকৰ হূদয়ত অমৰ হৈ থাকিব তেখেত৷

Having attained Me, these great souls do not take birth again here on earth, which is the place of pain and is non-eternal. They have reached the ultimate Perfection.

এইদৰেই শোকদগ্ধ মনটোক সান্তনা দিছো৷ মই জানো তেখেতে সৰগৰপৰাই আমাক আশীৰ্বাদ কৰি থাকিব৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ