মামা ভাগিনৰ নিভাঁজ সম্পৰ্ক

বিশ্বজিৎ চেতিয়া [বুল]

ভাগি বীণখনি ছিগি তাঁৰ

ৰৈ অৱশেষ অমিয়া ঝংকাৰ৷

মোৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত খবৰ লোৱা ব্যক্তিজন -- প্ৰবোধ চন্দ্ৰ বৰগোহাঁই মামা৷ মোৰ শৈক্ষিক জীৱনৰ এটি বিশেষ ক্ষণ-- যেতিয়া মই অকস্মাতে হাতৰ বাহুত দুখ পাইছিলো তেতিয়া মামাই তৎকালে চিভিলত নি চিকিৎসা কৰাইছিল সেই ক্ষণটো পাহৰিব নোৱাৰোঁ৷ মামা ভাগিনৰ নিভাঁজ আন্তৰিকতাবোৰৰ ভিতৰত বিশেষকৈ মোৰ বিয়াৰ সময়ত মামাই দিয়া সাহস বুকুত বান্ধি আগবাঢ়ি যোৱাত কৰা সহায়ক কোনোকালে পাহৰিব নোৱাৰোঁ৷ আনকি মাহৰ বিভিন্ন দিনত টেলিফোনিক বাৰ্তালোপবোৰে বৰ আমনি কৰিব৷ তদুপৰি ঘৰৰ প্ৰতিটো মাঙ্গলিক অনুষ্ঠানত মামাৰ উপস্থিতিয়ে কম সাহস দিয়া নাছিল৷ 

আকাশৰ বিশালতাৰ দৰে মামাৰ আছিল এক বিশাল ব্যক্তিত্ব৷ আনকি জনতাক প্ৰাণভৰি ভালপোৱা আৰু পৰিয়ালৰ লোকৰ মাজতো সাহসৰ লগতে একতাৰ এনাজৰীৰে গাঁথি ৰাখিবলৈ চেষ্টা কৰিছিল৷ শেষ বিদায় নজনাওঁ মামা, আপোনাক৷জন্মিলে মৃত্যু হয়এই চিৰ সত্য কথাষাৰি আজি মানি বলৈ টান লাগিছে৷ এটা সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী মামাই জীৱনৰ প্ৰতিটো পদক্ষেপতে বিভিন্ন সু-পৰামৰ্শৰে এজোপা বটবৃক্ষৰ দৰে ছাঁ দি ৰাখিছিল৷ মামাই দি যোৱা আদৰ্শ, হিতোপদেশ আমাৰ বাবে আজীৱন মাইলৰ খুঁটি স্বৰূপ হৈ ব৷ যদিও মামাৰ পাৰ্থিৱ দেহাই কৰ্তব্যৰ পম খেদি আঁতৰি তথাপি তেওঁক জীয়াই ৰাখিব অনাদি কাললৈ-- তেওঁৰ বিশাল হূদয়ৰ আন্তৰিকতা আৰু কৰ্মৰাজিয়ে৷

জীৱনৰ অন্ত

জীৱনৰ অন্ত নাই কোনো কালে

সহস্ৰজনৰ চকুত যি

জ্ঞানৰ শলিতা জ্বলালে৷

ঔম শান্তি, ঔম শান্তি, ঔম শান্তি৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ