মামা ভাগিনৰ নিভাঁজ সম্পৰ্ক
বিশ্বজিৎ চেতিয়া [বুল]
“ভাগি গ’ল বীণখনি ছিগি গ’ল তাঁৰ
ৰৈ গ’ল অৱশেষ অমিয়া ঝংকাৰ৷”
মোৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত খবৰ লোৱা ব্যক্তিজন হ’ল-- প্ৰবোধ চন্দ্ৰ বৰগোহাঁই মামা৷ মোৰ শৈক্ষিক জীৱনৰ এটি বিশেষ ক্ষণ-- যেতিয়া মই অকস্মাতে হাতৰ বাহুত দুখ পাইছিলো তেতিয়া মামাই তৎকালে চিভিলত নি চিকিৎসা কৰাইছিল সেই ক্ষণটো পাহৰিব নোৱাৰোঁ৷ মামা ভাগিনৰ নিভাঁজ আন্তৰিকতাবোৰৰ ভিতৰত বিশেষকৈ মোৰ বিয়াৰ সময়ত মামাই দিয়া সাহস বুকুত বান্ধি আগবাঢ়ি যোৱাত কৰা সহায়ক কোনোকালে পাহৰিব নোৱাৰোঁ৷ আনকি মাহৰ বিভিন্ন দিনত টেলিফোনিক বাৰ্তালোপবোৰে বৰ আমনি কৰিব৷ তদুপৰি ঘৰৰ প্ৰতিটো মাঙ্গলিক অনুষ্ঠানত মামাৰ উপস্থিতিয়ে কম সাহস দিয়া নাছিল৷
আকাশৰ বিশালতাৰ দৰে মামাৰ আছিল এক বিশাল ব্যক্তিত্ব৷ আনকি জনতাক প্ৰাণভৰি ভালপোৱা আৰু পৰিয়ালৰ লোকৰ মাজতো সাহসৰ লগতে একতাৰ এনাজৰীৰে গাঁথি ৰাখিবলৈ চেষ্টা কৰিছিল৷ শেষ বিদায় নজনাওঁ মামা, আপোনাক৷ ‘জন্মিলে মৃত্যু হয়’ এই চিৰ সত্য কথাষাৰি আজি মানি ল’বলৈ টান লাগিছে৷ এটা সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী মামাই জীৱনৰ প্ৰতিটো পদক্ষেপতে বিভিন্ন সু-পৰামৰ্শৰে এজোপা বটবৃক্ষৰ দৰে ছাঁ দি ৰাখিছিল৷ মামাই দি যোৱা আদৰ্শ, হিতোপদেশ আমাৰ বাবে আজীৱন মাইলৰ খুঁটি স্বৰূপ হৈ ৰ’ব৷ যদিও মামাৰ পাৰ্থিৱ দেহাই কৰ্তব্যৰ পম খেদি আঁতৰি গ’ল তথাপি তেওঁক জীয়াই ৰাখিব অনাদি কাললৈ-- তেওঁৰ বিশাল হূদয়ৰ আন্তৰিকতা আৰু কৰ্মৰাজিয়ে৷
“জীৱনৰ অন্ত ক’ত
জীৱনৰ অন্ত নাই কোনো কালে
সহস্ৰজনৰ চকুত যি
জ্ঞানৰ শলিতা জ্বলালে৷
ঔম শান্তি, ঔম শান্তি, ঔম শান্তি৷