মৰমৰ দেউতা
জোন
দেউতা শব্দটোত লুকাই আছে স্বাৰ্থবিহীন মৰমিয়াল এজন মানুহ৷ দেউতাৰ অভাৱ অনুভৱ কৰিছিলো ২০০৮ চনত বিয়া হৈ নতুন ঘৰখনত প্ৰথম পুৱাটোত৷ সদায় ৰাতিপুৱা সোনকালে উঠি চোতালখন সামৰি হাত-ভৰি ধুই তিনিকাপ চাহ বনাই মা-দেউতা আৰু মই বাৰাণ্ডাত বহি ৰাতিপুৱাৰ চাহ কাপ খাওঁ৷ কিন্তু সেইদিনা দেউতা মোৰ ওচৰত নাছিল যদিও দেউতাৰ মাতষাৰ আছিল৷ কিন্তু আজি দেউতাৰ মাতষাৰৰ লগতে শৰীৰটোও আমাৰ মাজত নাই৷ এটা অসহায় সময় যিটো সময় সকলোফালৰ পৰাই শূণ্য৷ ‘কেতিয়া আহিবি’ বুলি ফোনত ক’বলৈ নাই, ঘৰলৈ আহিলেও মোলৈ কি বনাই আনিছ বুলি সুধিবলৈ নাই, দেউতাক মাংস খাওঁ বুলি খং উঠাবলৈও দেউতা নাই৷
আগষ্ট মাহত যেতিয়া ঘৰলৈ আহোতে দেউতাক কৈছিলো “দেউতা অহাবাৰ আহিলে আমি ফুৰিবলৈ যাম৷ আপুনি মাত্ৰ চুগাৰটো কণ্ট্ৰলত ৰাখক৷” কথাষাৰ শুনি “হয় নেকি ক’লৈ যাম” বুলি কোৱা উজ্বলি উঠা চকু দুটা আজিও একেৰাহে ভাঁহি আছে৷
দেউতা আজি একেবাৰে গ’লগৈ৷ বহুত বহুত মৰম, সন্মান আৰু শ্ৰদ্ধাঞ্জলি যাচিলোঁ৷ দেউতালৈ৷ য’তে আছে কুশলে থাকক৷ মাত্ৰ তাৰপৰাই মাক সাহস দিব আৰু আমাক মৰম দিব৷