দেউতা

ৰাকেশ গগৈ 


জীৱনৰ পৰম সত্য হৈছে মৃত্যু৷ যিটো সত্য আমি পাহৰি থাকি ভাল পাওঁ৷ বয়স বাঢ়ি যোৱাৰ আটাইতকৈ ডাঙৰ বেয়া লগা কথাটো আত্মীয়সকলক চিৰদিনৰ বাবে হেৰুৱাব লগা হোৱাটো৷

দেউতা এজন সহজ-সৰল, অমায়িক ব্যক্তি৷ প্ৰথমবাৰৰ বাবে আপোনাক যেতিয়া লগ পাইছিলো এনে লাগিছিল যেন আপোনাৰ সৈতে চিনাকি মোৰ বহু পুৰণি৷ আপোনাৰ সান্নিধ্যত খুব কম বয়সতে মা-দেউতাক হেৰুৱাইছিলো যদিও তেওঁলোকৰ অনুভৱখিনি আপোনাৰ মাজত বিচাৰি পাইছিলো৷ আপোনাৰ ঘৰখনৰ এজন সদস্য বলৈ পোৱাতো মোৰ বাবে যেন পৰম সৌভাগ্য৷ শেষবাৰৰ বাবে যেতিয়া আপোনাৰ জাপ খাই থকা চকুযুৰি লক্ষ্য কৰিছিলো মই চাব পৰা নাছিলো৷ পুনৰ সেই মুখখনি দেখা নোপোৱাৰ হেঁপাহকণ যেন চিৰদিনৰ বাবে হেঁপাহ হৈ ল৷

হে মহান মনিষী আপুনি যদিও আমাৰ মাজত নাই আমাৰ অন্তৰত আপুনি চিৰদিনৰ বাবে বিদ্যমান হৈ থাকিব৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ