অশ্ৰু-অঞ্জলি

ৰাম চন্দ্ৰ বৰুৱা


জন্ম লে মৃত্যু অনিবাৰ্য৷ এই কথা সৰ্বজন বিদিত৷ তথাপিও কিয় জানো আপোনজনে ইয়াক সহজভাৱে মানি বলৈ টান লাগে৷ তেওঁ বৰ সহজ-সৰল মানুহ আছিল৷ মন আছিল বহল, হৃদয় আছিল উদাৰ পবিত্ৰ৷ অমায়িক, সাধুতা আৰু ন্যায়পৰায়ণতা গুণৰ বাবে তেওঁ সকলোৰে শ্ৰদ্ধা আৰু মৰম বুটলিবলৈ সক্ষম হৈছিল৷

জীৱন যুদ্ধত জয়ী হোৱা এজন আদৰ্শৱান ব্যক্তি মোৰ জীৱনত লগ পাই নিজকে ধন্য মানিছো আজি তেখেতৰ আদ্যশ্ৰাদ্ধৰ দিনা তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷শু



মিনু বৰুৱা


কিছু দিনৰ পৰা ঢিমিক-ঢামাক জ্বলি থকা এটা জ্যোৰ্তিময় জীৱনৰ হঠাৎ অন্ত পৰিল৷ কথাৰ মাজত হঠাৎ নোহোৱা এটা আদৰণীয়, চিনাকী আৰু আপোন মাত৷ নিস্তব্ধ নিমাত এটা কোঠা৷ ক্ষন্তেক পাছতে কেৱল কান্দোনৰ ৰোল৷ খবৰ পালো ঢুকাল৷

হঠাৎ পৃথিৱীৰ পৰা বিদায় মাগিল৷ যাৱৰ পৰত আপোনাৰ অমিয়া মাতষাৰ শুনাৰ সৌভাগ্য মোৰ নহল৷ মৃত্যুৰ কেইদিনমানৰ আগত তেওঁৰ ওচৰত বহি কথা বতৰা পাতি অহা মানুহজন হঠাৎ আমাৰ মাজৰ পৰা আঁতৰি যাব সেই কথা ভাবিবই পৰা নাছিলোঁ৷ মানৱ সম্পদ গঢ় দিয়াত তেখেতৰ যি অৱদান সেয়া সমাজৰ বাবে মহান অৱদান৷ নিজৰ সন্তান কেইটিক উপযুক্ত শিক্ষা দীক্ষাৰে প্ৰতিষ্ঠিত কৰি লৈ যোৱা কাৰ্যই তেখেত এজন আদৰ্শৱান পিতৃ হিচাবে পুণ্য তথা অনুকৰণীয় হৈ ব৷

তেখেতেৰ আত্মাই চিৰ শান্তি লাভ কৰক, তেখেতৰ পৰিয়ালবৰ্গ সুখে শান্তিৰে থাকক এইয়ে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ