বৰতাৰ আশীৰ্বাদ বিচাৰি

দীপ্তি বৈশ্য 


দীপ্তি চাহ একাপ দিয়া”-- পাহৰিব নোৱৰা এষাৰ কথা৷ যদিও মোৰ শাহু-শহুৰ নাছিল বৰতা-বৰমাকেই মই শাহু-শহুৰ হিচাপে মানিছিলোঁ আৰু আনন্দেৰে থাকিছিলোঁ৷ বৰতা বুলি মাতিছিলোঁ৷ ৰবাৰ পৰা আহিলে মাতষাৰ দি চাহ একাপ কৰি বাৰাণ্ডাতে দিওঁ৷ তেতিয়া তেখেতে কয়ভালেই কৰিলা দিয়া মাঘবিহুৰ উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱা কথাটো সদায় মনত থাকিব৷ তেখেতে কোৱামতে মোৰ মানুহজন আৰু মোৰ ৰাটোৱে সজোৱা সৰু মেজিটো তেখেতৰ বৰ প্ৰিয়৷ নদীত গা ধুবলৈ যাবলৈ তেখেতৰ বৰ হেঁপাহ৷ কনচেং মোৰ একমাত্ৰ সন্তান৷ তাক দেখা নাপালেই মোক তাৰ কথা সুধি থাকে৷ আনকি চিকিৎসাৰ বাবে লখিমপুৰলৈ যাবৰ দিনাওকনচেং কি কৰি আছেবুলি খবৰ লৈছিল৷ বিহুৱে সংক্ৰান্তিয়ে তেখেতৰ আশীৰ্বাদ লেহে মনটো ভাল লাগিছিল৷ মোৰ মাৰ ঘৰ আমলোগুৰিলৈ যাবলৈ তেখেতৰ বৰ মন আছিল৷ দুখৰ কথা যাবলৈ নাপালেগৈ৷ তেখেতৰ আত্মা চিৰ শান্তিত থাকক৷ বৰতা আপুনি তেই থাকক মোক আশীৰ্বাদ দিব৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ