বৰতাৰ আশীৰ্বাদ বিচাৰি
দীপ্তি বৈশ্য
“দীপ্তি চাহ একাপ দিয়া”-- পাহৰিব নোৱৰা এষাৰ কথা৷ যদিও মোৰ শাহু-শহুৰ নাছিল বৰতা-বৰমাকেই মই শাহু-শহুৰ হিচাপে মানিছিলোঁ আৰু আনন্দেৰে থাকিছিলোঁ৷ বৰতা বুলি মাতিছিলোঁ৷ ক’ৰবাৰ পৰা আহিলে মাতষাৰ দি চাহ একাপ কৰি বাৰাণ্ডাতে দিওঁ৷ তেতিয়া তেখেতে কয় “ভালেই কৰিলা দিয়া”৷ মাঘবিহুৰ উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱা কথাটো সদায় মনত থাকিব৷ তেখেতে কোৱামতে মোৰ মানুহজন আৰু মোৰ ল’ৰাটোৱে সজোৱা সৰু মেজিটো তেখেতৰ বৰ প্ৰিয়৷ নদীত গা ধুবলৈ যাবলৈ তেখেতৰ বৰ হেঁপাহ৷ কনচেং মোৰ একমাত্ৰ সন্তান৷ তাক দেখা নাপালেই মোক তাৰ কথা সুধি থাকে৷ আনকি চিকিৎসাৰ বাবে লখিমপুৰলৈ যাবৰ দিনাও “কনচেং কি কৰি আছে” বুলি খবৰ লৈছিল৷ বিহুৱে সংক্ৰান্তিয়ে তেখেতৰ আশীৰ্বাদ ল’লেহে মনটো ভাল লাগিছিল৷ মোৰ মাৰ ঘৰ আমলোগুৰিলৈ যাবলৈ তেখেতৰ বৰ মন আছিল৷ দুখৰ কথা যাবলৈ নাপালেগৈ৷ তেখেতৰ আত্মা চিৰ শান্তিত থাকক৷ বৰতা আপুনি য’তেই থাকক মোক আশীৰ্বাদ দিব৷