অশ্ৰু-অঞ্জলি

বিজু কোঁৱৰ চেতিয়া


ফুফাশ্ৰী, এয়া আছিল আন্তৰিকতাৰ এক সম্বোধন, আমাৰ পেহালৈ৷ আমাৰ মানে জান, বাবা আৰু মোৰ মৰমৰ পেহা আৰু আমাৰ লগৰ সকলোৰে বাবে সমজুৱা পেহা৷ 

শেষবাৰৰ বাবে পেহাক লগ পাইছিলো যোৱা ২০ ছেপ্তেম্বৰত মোৰ দেউতাৰ বছেৰেকীয়া শ্ৰাদ্ধত৷ একেখন প্ৰসাদৰ পাতকে দুয়ো খাইছিলো৷ লৈছিলো ২০ টকা৷ ঠিক আগৰ দিনবোৰৰ দৰেই পকা চুলি উঘালি দি৷ গাভৰু দিনৰে পৰা এতিয়া বুঢ়ী দিনলৈকে৷ 

মনতো ভাৰাক্ৰান্ত হৈ পৰিছে৷ যেন আমি পেহাক হেৰুৱাই আকৌ এবাৰ পিতৃহাৰা লো৷

কৃতী শিক্ষকৰ বঁটা লাভ কৰা পেহা আছিল অধ্যয়ন প্ৰয়াসী অবিৰত সাধক, ব্যক্তিত্ব সৰ্বস্ব সামাজিক কম¹ পেহা আছিল এজন সফল পিতৃ, সফল অভিভাৱক৷ 

শেষত, পেহী, ভনীকেইজনী আৰু ভাই পাপুক সমবেদনা জ্ঞাপন কৰিছো গুৰুজনাৰ এফাঁকি ঘোষাৰে৷

অথিৰ ধন জন    জীৱন যৌৱন

অথিৰ এই সংসাৰ

পুত্ৰ পৰিবাৰ     সবহি অসাৰ

কৰবো কাহেৰি সাৰ৷

-- কীত্তৰ্ন ঘোষা

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ