শ্ৰদ্ধাঞ্জলি

দিব্যজ্যেতি কোঁৱৰ

অথিৰ ধন জন      জীৱন যৌৱন

অথিৰ এই সংসাৰ

পুত্ৰ পৰিবাৰ      সবহি অসাৰ

কৰবো কাহেৰি সাৰ৷”.

      --- কীৰ্তন ঘোষা

জন্মিলে মৃত্যু অনিবাৰ্য৷ এয়াই সংসাৰৰ নিয়ম৷ কিন্তু মই যে বৰ অকলশৰীয়া হৈ পৰিলো গোহাঁইদেউ৷ একমাত্ৰ আপুনিয়েই আছিল যাৰ সৈতে মই মোৰ সকলো সুখ-দুখ নানা সমস্যাৰ বিষয়ে আলোচনা কৰিছিলো আৰু আপুনিয়ে আমাৰ অতিকৈ আপোনজন যাৰ এখন সহায়ৰ হাত বা মাত আমাৰ পৰিয়ালৰ সৈতে সদায়ে আছিল৷ 

অলপ অসুস্থ অনুভৱ কৰিলেই আপুনি মোলৈ ফোন কৰি সকলো জনাইছিল আৰু প্ৰয়োজন সাপেক্ষে অসুস্থ দেহাৰেও আমাৰ ঘৰলৈ আহিবলৈ জেদ ধৰিছিল৷ 

আনকি মৃত্যুৰ দুদিন আগতে আপোনাকসৌমাৰপীঠ ভৰ্তি কৰোতে আমাৰ বোৱাৰী ৰাণুক সুধিছিলবৌদেৱে মোৰ খবৰটো পাইছেনেআৰু মই ফোন কৰোতে আপুনি কথাও পাতিছিল৷ মই আপোনাক চাবলৈ যাব নোৱাৰিলো৷ গোহাঁইদেউ, কাৰণ মই যে পংগু৷

আপোনাৰ অনুপস্থিতি আমি প্ৰতি ক্ষণতে অনুভৱ কৰিব লাগিব৷ আপোনাৰ বিয়োগে সমাজৰ সকলো দিশতে অপূৰণীয় ক্ষতি কৰিলে৷

আজি পৱিত্ৰ আদ্য-শ্ৰাদ্ধৰ দিনা আপোনাৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ