শ্ৰদ্ধাঞ্জলি
দিব্যজ্যেতি কোঁৱৰ
“অথিৰ ধন জন জীৱন যৌৱন
অথিৰ এই সংসাৰ
পুত্ৰ পৰিবাৰ সবহি অসাৰ
কৰবো কাহেৰি সাৰ৷”.
--- কীৰ্তন ঘোষা
জন্মিলে মৃত্যু অনিবাৰ্য৷ এয়াই সংসাৰৰ নিয়ম৷ কিন্তু মই যে বৰ অকলশৰীয়া হৈ পৰিলো গোহাঁইদেউ৷ একমাত্ৰ আপুনিয়েই আছিল যাৰ সৈতে মই মোৰ সকলো সুখ-দুখ নানা সমস্যাৰ বিষয়ে আলোচনা কৰিছিলো আৰু আপুনিয়ে আমাৰ অতিকৈ আপোনজন যাৰ এখন সহায়ৰ হাত বা মাত আমাৰ পৰিয়ালৰ সৈতে সদায়ে আছিল৷
অলপ অসুস্থ অনুভৱ কৰিলেই আপুনি মোলৈ ফোন কৰি সকলো জনাইছিল আৰু প্ৰয়োজন সাপেক্ষে অসুস্থ দেহাৰেও আমাৰ ঘৰলৈ আহিবলৈ জেদ ধৰিছিল৷
আনকি মৃত্যুৰ দুদিন আগতে আপোনাক ‘সৌমাৰপীঠ’ত ভৰ্তি কৰোতে আমাৰ বোৱাৰী ৰাণুক সুধিছিল “বৌদেৱে মোৰ খবৰটো পাইছেনে” আৰু মই ফোন কৰোতে আপুনি কথাও পাতিছিল৷ মই আপোনাক চাবলৈ যাব নোৱাৰিলো৷ গোহাঁইদেউ, কাৰণ মই যে পংগু৷
আপোনাৰ অনুপস্থিতি আমি প্ৰতি ক্ষণতে অনুভৱ কৰিব লাগিব৷ আপোনাৰ বিয়োগে সমাজৰ সকলো দিশতে অপূৰণীয় ক্ষতি কৰিলে৷
আজি পৱিত্ৰ আদ্য-শ্ৰাদ্ধৰ দিনা আপোনাৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷