[মোমাইদেউ] ম’মাইদেউ. - মোৰ দ্বিতীয়জন অভিভাৱক

বেদান্ত লাহন



জনা-বুজা হোৱাৰ আগৰে পৰা আমিমমাইদেউবুলিয়েই সম্বোধন ধৰিছিলো৷ আমাৰ মাৰ দুজন ভায়েক ডাঙৰজন নৱকান্ত বৰগোহাঁই আৰু সৰুজন প্ৰবোধ বৰগোহাঁই৷ আমি নৱ মোমাইদেউ আৰু ৰবিন মমাইদেউ বুলি মাতিছিলো৷ কিন্তু মই সৰুহৈ থাকোতে আমাৰ মোমাইদেউ এজন বুলিয়েই ভাবিছিলো৷ কিয়নো ডাঙৰ মোমাইদেউ [নৱ মোমাইদেউ] কৰ্মসূত্ৰে বাহিৰে বাহিৰে আছিল৷ তেতিয়া মোমাইদেউ ঘৰলৈ বুলি মাৰ লগত যাওঁতে তেওঁকেই [ৰবিন মোমাই] জানিছিলো বা আমাৰ ঘৰলৈ মোমাইদেউ আহিছে বুলি লে তেওঁকেই দেখিছিলো৷ জনাবুজা হোৱাৰ পৰা আৰু সম্বোধনবোৰ অলপ অলপকৈ বুজি পোৱা হোৱাৰ পৰা আৰু এজন ডাঙৰ মোমাইদেউ থকাৰ কথা বুজি পাইছিলো৷ গতিকে স্বাভাৱিকতেই এখেতৰ প্ৰতি [ৰবীন মোমাইদেউৰ] আন্তৰিকতা অলপ বেছি আছিল৷ যি কি নহওঁক, আমাৰ মাৰ ছয়জন ভাতৃ আৰু ভগ্নীৰ ভিতৰত ৰবীন মোমাইদেউ আৰু আমাৰ মা জন্মভূমি ঢকুৱাখনাতেই আছিল৷ বাকী আটাইবোৰ বিবাহ আৰু কৰ্মসূত্ৰে ঢকুৱাখনাৰ পৰা আঁতৰত আছিল৷ স্বাভাৱিকতেই জীয়েক আৰু শহুৰেকৰ ঘৰ দুখনৰ মাজত [বৰ্তমান মোমায়েক আৰু ভাগিনীয়েক] পিঠা-পনা, জা-জলপানৰ পৰা আৰম্ভ কৰি বাৰীত উৎপাদিত শাক-পাচলি, ফল-মূললৈকে সঘন আদান-প্ৰদান আছিল৷ আমি চেঙেলীয়া হোৱাৰ পৰা এই আদান-প্ৰদানৰ কাম ফেৰা মোৰ দ্বাৰাই বেচিকৈ সম্পন্ন হৈছিল৷ গতিকে প্ৰতিদিন নহলেও সপ্তাহত তিনি-চাৰিদিন মোমাইদেউ ঘৰলৈ যাব লগা হৈছিল৷ বহু সময়ত, বিভিন্ন বিষয়ৰ [সামাজিকেই হওক বা ব্যক্তিগত হওক] সমস্যাৰ সম্পৰ্কত মোমাইদেউ আহি মা আৰু দেউতাৰ লগত আলোচনা কৰা দেখিছিলো৷ মা-হঁতেও বিভিন্ন সমস্যাৰ সমাধানৰ পথ বিচাৰি মোমাইদেউ আৰু মামীদেউৰ লগত আলোচনা কৰা দেখিছিলো৷ আমি কেতিয়াবা কিবা বিষয়ত অসুবিধা অনুভৱ কৰিলে মায়েই হওক বা দেউতায়েই হওক যাচোন মোমায়েৰ লগতে আলোচনা কৰি চাঞ্জ বুলি তেখেতৰ ওচৰলৈ পঠিয়াইছিল৷ বিশেষকৈ পঢ়ি-শুনি কৰ্মহীন হৈ থকা অৱস্থাত কৰ্ম-সংস্কৃতি আৰু জীৱিকা সম্পৰ্কত তেখেতৰ পৰা বহু দিহা-পৰামৰ্শ লোৱা হৈছিল৷ তেখেতক নিজৰ জীৱনৰ অভিজ্ঞতাৰ ভাল বেয়া বিশে¡ষণ কৰি আমাৰ জীৱনৰমাৰ্গদৰ্শন কৰিবলৈ যত্ন কৰিছিল৷ তেতিয়াই তেখেতৰ আমাৰ প্ৰতি থকা গভীৰ অভিভাৱকত্ব অনুভৱ কৰিছিলো৷ এইখিনি অভিজ্ঞতাৰ পৰাই তেখেত নিজৰ সতি-সন্ততি কেইটাৰ জীৱন আৰু জীিৱকাৰ সম্পৰ্কত সদা সচেতন আছিল৷ 

মোমাইদেউ আছিল সমাজ সংগঠক উদয়ন সংঘ, মেগামিক্স প্ৰকৃতি সংঘ, জ্যেষ্ঠ নাগৰিক সংস্থা, সাহিত্য সভা আদিৰ দৰে কেইবাটাও সামাজিক অনুষ্ঠানৰ লগত তেখেত জড়িত আছিল৷ এইবোৰৰ ভিতৰত উদয়ন সংঘ নিজৰ হাতৰ পৰশত জন্ম দিয়া অনুষ্ঠান৷ তেখেতে উদয়ন সংঘ নিজৰ ভাড়া ৰূমত আৰম্ভ কৰি অতি কম সময়ৰ ভিতৰত চৰকাৰী পঞ্জীয়ন কৰিবলৈ সক্ষম হয়৷ লগতে সংঘৰ বাবে ভূমি আৱKI× কৰি অতি কম সময়ৰ ভিতৰত গৃহ নিৰ্মাণ কৰিছিল৷ এইয়া আছিল তেখেতৰ সামাজিক অনুষ্ঠানৰ প্ৰতি থকা নিষ্ঠা আৰু আন্তৰিকতাৰ পৰিচয়৷

তাৰোপৰি ভৱিষ্যতে পৰা কিছুমান সমস্যাৰ প্ৰতি তেখেত আছিল অতি দূৰদশ¹ মোমাইদেৱে মাৰ সৈতে কৰি থকা কিছুমান আলোচনাৰ পৰা এইটো কথা বুজি উঠিছিলো যে তেওঁলোকৰ মাটি-বাৰীখিনি ৰাজমালি পট্টা হৈ অতি জটিল অৱস্থাত আছে৷ এই জটিলতাৰ কষ্টখিনি তেওঁ ভাবিব লগা হৈছে৷ তাৰ বাবে তেওঁ মাটিখিনি নীতিগত ভাৱে কাৰ্যালয়ত ভাগ বতৰা কৰিব বিচাৰে৷ এইখিনি কাম তেওঁ অতি কষ্ট আৰু পৰিশ্ৰমেৰে সমাপন কৰিলে৷ যিটোৰ বাবে পৰবত¹ প্ৰজন্মই এটা জটিল সমস্যাৰ পৰা হাত সৰাৰ লগতে বংশৰ অন্যান্য ভাতৃ সকলো উপকৃত ল৷

মোমাইদেউ আছিল জ্ঞান পিপাসু৷ সম্ভৱত পাপু [কণিষ্ঠ সন্তান] জন্ম হোৱালৈকে তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত স্নাতকোত্তৰ পৰীক্ষা দি আছিল৷ এইয়া আছিল আমাৰ বাবে তেখেতৰ ধৈৰ্য্য আৰু একাগ্ৰতাৰ নিদৰ্শন৷ তাৰোপৰি তেখেতে যিকোনো বিষয়ৰ ওপৰত লিখা-মেলা কৰাৰ সময়ত সেই বিষয়ৰ যিমানবোৰ তথ্য তেখেতৰ হাতত জমা আছিল সেই আটাইবোৰ তথ্য একত্ৰিত কৰিহে লেখাটো লিখিছিল যাতে তথ্য যুক্ত জ্ঞানৰ অকনো ইফাল-সিফাল নহয়৷ আজিৰ পৰা ছয় মাহ মানৰ আগতে তেখেতে আমাৰ ঘৰত মাক্স¹জিমৰদণ্ডমূলক বস্তুবাদনামৰ পুথিখন বিচাৰি আহিছিল৷ আমি তেখেতৰ জ্ঞান-পিপাসু মনটোৰ গতি দেখি আচৰিত হৈছিলো৷

এই বহু গুণাকৰ মোমাইদেউজনক নিষ্ঠুৰ নিয়তিয়ে যোৱা ২০ অক্টোবৰ, ২০২১ তাৰিখে আমাৰ মাজৰ পৰা কাঢ়িলৈ ল৷ আমি বৰ অভিভাৱকহীন হৈ পৰিলো৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ