সম্পাদকীয়
ৰাজেশ বৰুৱা
পৃথিৱীৰ বুকুত মানুহৰ গতানুগতিক আহ-যাহ৷ জন্মৰ দৰে মৃত্যুও চিৰসত্য৷ দেহৰ কুঠৰীত আত্মাৰ জিৰণিৰ সময় উকলি গ’লেই দেহৰ মৃত্যু হয়৷ আত্মীয়ই হেৰুৱাই অথবা আত্মীয়ৰ পৰা হেৰাই যাব লগা হয়৷ চিতাৰ বুকুত নশ্বৰ দেহৰ অস্তিত্ব হেৰায়৷ কিন্তু মানুহৰ বুুকুত.../ সময়ৰ বলুকাত খোজ থৈ যাব পৰা জনেই মানুহৰ হৃদয়তো বহুৱাই থৈ যাব পাৰে গভীৰ সাঁচ নিজৰ কৰ্ম আৰু ব্যক্তিত্বৰ দ্বাৰা৷ দেহৰ অৱসান হ’লেও মানসপটত জীয়াই থাকে চিৰকাল৷ তেওঁলোক নাথাকিলেও এৰি থৈ যায় সৎ আদৰ্শ আৰু গুণৰাজি৷
দেখাত সাধাৰণ যেন লাগিলেও অসাধাৰণ ব্যক্তিত্বৰ গৰাকী বৰগোহাঁই ছাৰ৷ তেখেতৰ দৰে সৎ আদৰ্শসম্পন্ন ব্যক্তিৰ আদ্যশ্ৰাদ্ধত ভকতবৃন্দৰ মাজত গুণগ্ৰাহী তথা শুভাকাংক্ষীসকলৰ ভাবানুভূতিসমূহ প্ৰকাশৰ বাবে এখনি স্মৰণিকা সম্পাদনাৰ যি গুৰু দায়িত্ব অৰ্পণ কৰিলে তাক নতশিৰে মানি ল’লো৷ চাৰৰ হৈ কিবা এটা কৰিবলৈ পোৱাটো মোৰ পৰম সৌভাগ্য৷
স্মৰণিকাখনিৰ উপদেষ্টাৰ দায়িত্বত থকা ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত লিখন চন্দ্ৰ বুঢ়াগোহাঞিদেৱৰ যি গঠন মূলক পৰামৰ্শ আৰু অকুণ্ঠ সহায়-সহযোগিতা সেয়া প্ৰশংসনীয়৷ তেওঁলোক আমাৰ পথৰ পাথেয়, প্ৰেৰণাৰ উৎস৷
সম্পাদনা সহযোগী হিচাপে থকা ভৰদ্বাজ গগৈ তথা বৰগোহাঁই ছাৰৰ পৰিয়ালবৰ্গই বহু ব্যস্ততাৰ মাজতো লিখনীসমূহ যথা সময়ত সংগ্ৰহ কৰি দিয়াৰ বাবে প্ৰকাশ সম্ভৱ হৈছে৷
শেষত চাৰৰ স্মৰণিকাখনিৰ সম্পাদনাৰ দায়িত্ব পালন কৰিবলৈ সুযোগ দিয়াৰ বাবে সন্তুষ্টি অনুভৱ কৰাৰ লগতে পৰিয়ালবৰ্গৰ ওচৰত মোৰ লগতে আমাৰ মেধাবী বিদ্যাপীঠৰ পৰিয়াল চিৰ কৃতজ্ঞ হৈ ৰ’লো৷ সদৌ শেষত যিসকল শুভাকাংক্ষীয়ে ছাৰৰ স্মৰণিকাখনলৈ লিখনি আগবঢ়ালে এই আপাহতে তেওঁলোকলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলো৷ লগতে ছপাশালৰ কৰ্মী বদন কলিতাৰ লগতে সকলো কৰ্মীবৃন্দলৈ৷ যথা সময়ত যি সমূহ লিখনি নোপোৱাত প্ৰকাশ কৰিব পৰা নহল তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো৷ প্ৰকাশত অজ্ঞাতে ৰৈ যোৱা ভুল-ত্ৰুটি আপোনাসৱে নিজ গুণে মাৰ্জনা কৰিব৷
পুনৰ ভগৱানৰ শ্ৰীচৰণত ছাৰৰ বিদেহী আত্মাৰ সদ্গতিৰ কামনা কৰি সম্পাদকীয় সামৰিছো৷