চাৰৰ চিতাৰ কাষত

গণেশ চমুৱা


আপুনি আপোনাৰ কক্ষপথ তেজি 

আমাৰ মাজৰ পৰা গুছি

হঠাতে বিলীন

হৃদয় জগোৱা আশাৰ দিপালী...

কোনো এক অজান স্থানত

সেউজীয়া পোহৰ....

আৰু হেৰুওৱা বেদনাত

আমিবোৰ 

ক্লান্ত...দিকভ্ৰান্ত...মৰ্মাহত....

আপোনাৰ সাহস....প্ৰেৰণা

আমাৰ যাত্ৰাৰ সুৰুজমুখী সাক্ষী...৷৷

ৰাতিপুৱা / সদায় খোজকঢ়াৰ মোৰ যাত্ৰা৷  দূৰৈৰ পৰা দেখিছিলো চাৰৰ পদূলি মুখত তিনিখন সৰু গাড়ী৷ মনত এক অজান ভয়ৰ চিৎকাৰ৷ অলেখ ভাবনাৰ প্ৰশ্ন-- উত্তৰ৷ লাহে লাহে পদূলিমুখ পাইয়ে ইফালে-সিফালে ভয়ে ভয়ে চাব ধৰোঁতে দাদুল দা, মৃদুল দা আৰু বিপুলদাৰ চিত্ৰতৰু৷ ৰাস্তাৰ পৰা ভিতৰলৈ যাব ধৰোঁতে দেখিলো বগা কাপোৰত ফুলেৰে সু-সজ্জিত এটা শৱ৷ আৰু কিৰণময়ীক দেখিয়েই পলকতে আনন্দ ধূলিসাৎ হৈ -- চাৰ আমাৰ মাজত নাই৷ হঠাৎ পৰিকল্পনা অনুসৰি থকা দিনটোৰ কাৰ্যসূচী থান-বান লাগি ল৷

জীৱনৰ নিষ্ঠুৰ পৰিণতিৰ সৈতে মুখামুখি বলৈ হাঁহি সাজু হৈ থকা ফুলৰ দৰে কোমল অথচ বজ্ৰৰ দৰে দৃঢ়মনা মানৱ দৰদী, লৌহ মানৱ, প্ৰকৃতিপ্ৰেমী, সমাজ সংগঠক মানুহজন প্ৰবোধ বৰগোহাঁই চাৰ আমাৰ মাজৰপৰা হেৰাই ল৷ চাৰৰ সৈতে কৰিবলগীয়া বহু থাকি ল৷ কথাবোৰ ভাবিবলৈ টান লাগিছে৷ বৰ মৰ্মন্তুদ৷ চাৰৰ সপোনৰ উদয়ন সংঘত একে লগে কাম কৰাৰ কথা আছিল৷ মনৰ মাজত কথাবোৰ সামৰি থোৱাৰ দৰে থাকি ল৷ 

কথাবোৰ ভাবি ভাবি সময়বোৰ গৈ আছে৷ শেষত চাৰৰ শ্মশান যাত্ৰা৷ চিতাৰ কাষত ধূপ জ্বলাই, এডাল খৰি জাপি সেৱা জনাই লো চাৰ- আপোনাৰ উদয়ন সংঘটিক প্ৰতিষ্ঠা কৰিম, আধৰুৱা কামবোৰ আমি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম৷ আপোনাৰ ওচৰত কেতিয়াবা যদি ভুল কৰিছিলো ক্ষমা কৰিব৷ ভগবান, চাৰৰ বিদেহী আত্মাৰ চিৰ শান্তি লাভৰ সুবিধা দিয়ক৷ তেখেতৰ কৰ্মৰাজি নতুন প্ৰজন্মৰ পাথেয় হওক৷ চাৰৰ আশা পূৰণ কৰিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ৷

ঔম শান্তি, শান্তি, শান্তি৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ