মোৰ অনুভৱত প্ৰবোধ গোহাঁই চাৰ [বৰদেউতা]
দেৱযানী বৰুৱা
মোৰ অনুভৱীৰ হূদয়খনত চাৰৰ বহুগুণৰাজীয়ে ভুমুকি মাৰিছে৷ কিন্তু মোৰ কাপেৰে জানো তেওঁৰ গুণবোৰ লিখি শেষ কৰিব পাৰিম৷ কবিৰ ভাষাৰে ক’ব পাৰি--
"তোমাৰ জীৱনী দেৱ
লিখে এনে সাধ্য কাৰ৷”
তথাপিও অনুভৱৰ ধলে বোৱাই নিয়া দুশাৰীমান বাক্য লিখিবলৈ হেপাঁহ জাগিছে৷ মই তেখেতক লগ পাইছিলো ঢকুৱাখনা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ [প্ৰতিদিনৰ] প্ৰাৰ্থনা সভাত চাৰৰ ৰূপত৷ তাৰ পাছতে লগ পালো চাৰৰ ভায়েকৰ জীয়েক পম্পী লগত সিহঁতৰ ঘৰলৈ গৈ বৰদেউতাৰূপে আৰু চাৰৰ বিয়লি বেলাত লগ পালো মেধাবী স্কুলৰ গুৰিয়াল ৰূপত৷ বাৰু যেই কি নহওঁক চাৰক এই কেইটি দিন লগ পায় বুজি উঠিছিলো চাৰ আছিল অতি মেধা সম্পন্ন সাধাৰণ যেন লগা অসাধাৰণ ব্যক্তি৷ তেওঁক ক্ৰোধ, অসং ভাৱে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিছিল৷ নিজৰ বক্তব্যত আছিল অটল৷ শৰীৰৰ বাদ্ধৰ্ক্যতা নেওঁচি তেওঁ জীৱনৰ শেষ বয়সলৈকে ওলাই আহিছিল বক্তব্যৰ খাতিৰত৷ তাৰ জলন্ত প্ৰমাণ সৌ-সিদিনা বিদ্যাপীঠত হৈ যোৱা শিক্ষক দিৱসত তেওঁৰ উপস্থিতি, তাৰোপৰি বিদ্যালয়ে যোৱা শিক্ষামূলক ভ্ৰমণত৷ চাৰৰ দেহৰ হাজাৰ বাধা নেওঁচি আমাৰ লগত বাছতে গৈছিল মালিনীথান, গেৰুকামুখ, লক্ষীমপুৰ হনুমান মন্দিৰ, গণেশ মন্দিৰ, দূৰ্গা মন্দিৰ আদিলৈ৷
মুঠতে কত্তৰ্ব্য কৰিবলৈ পালে দুখ, ভাগৰ, শৰীৰৰ জিৰণি পাহৰি পেলায়৷ তেনে এক লক্ষণ দেখা পাইছিলো যোৱা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগত৷ সকলো পৰীক্ষাৰ্থীৰ ঘৰলৈ চাৰ আমাৰ লগত গৈছিল৷ মই কিন্তু অনুভৱ কৰিছিলো প্ৰতিটো খোজতেই যেন চাৰে কষ্ট পাইছে, ভাগৰ লাগিছে, আমনি পাইছে৷ কিন্তু চাৰ আছিল সম্পূৰ্ণ বিপৰীত৷
শেষত “মৃত্যু এক শাশ্বতঃ চিৰন্তন সত্য৷ তাকেই মানিলৈ তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো৷
লগতে অবুজন মনবোৰক বুজনিৰে লাইখুঁটা পুতাৰ প্ৰয়াস কৰিলো বিখ্যাত কবিৰ দুফাঁকি কবিতাৰে--
“কোন কাৰ জগতৰ কোন কাৰ মৰমৰ
চকুৰ চিনাকী দুদিনৰ৷”
“মৃত্যুটো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা
নিলোৰ্ভ ভাস্কৰ্য্য৷”