বৰদেউতাৰ সোঁৱৰণত
পুষ্প
“মৃত্যু এক চিৰন্তন সত্য
মৃত্যু কঠিন শিলত খোদিত
এটি নিপুন ভাস্কৰ্য৷”
মৃত্যুৱেই হৈছে মানৱ জীৱনৰ চিৰন্তন সত্য৷ তথাপিও মানব জীৱনৰ বাবে ই এক সহ্য কৰিব নোৱাৰা অশ্ৰুভৰা বেদনাৰ ক্ষণ যাক আমি সকলোৱে স্বীকাৰ কৰিবই লাগিব৷
বৰতা আছিল সমাজৰ নিষ্ঠাবান সমাজসেৱক, কৃতী শিক্ষক, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত নম্ৰ অমায়িক আৰু প্ৰেৰণাদায়ক ব্যক্তি৷ যিজন ব্যক্তিক ঢকুৱাখনাত সকলোৱে চিনি পোৱাৰ লগতে শ্ৰদ্ধা ও ভক্তি কৰিছিল৷ দেউতাৰ অবিহনে বৰতাকে আমি দেউতা জ্ঞান কৰিছিলো৷ বৰতা আমাৰ অভিভাৱক আছিল৷ সেইজন পিতৃসম বৰতাৰ অকাল বিয়োগত সঁচাই মৰ্মাহত হৈছো৷ অৱশ্যে আপোনজনক হেৰুৱাই দিশহাৰা হোৱা হূদয় বিদাৰক ঘটনাবোৰৰ সৈতে ইতিমধ্যে মই পৰিচিত৷ এজন এজনকৈ কেইবাজনো অভিভাৱকক হেৰুৱালো যদিও বৰতাক ইমান সোনকালে হেৰুৱাম বুলি ভবা নাছিলো৷ বুলে ফোনত কোৱা ‘পুষ্প বা দেতা নাই’ কথাষাৰে এতিয়াও বুকুত খুন্দিয়াই আছে৷
যি কি নহওঁক নিয়তিৰ নিয়ম মানি বৰতাই আমাৰ মাজৰ পৰা বিদায় ল’লে৷ বৰতাৰ আত্মা পৰমাত্মাৰ লগত মিলিত হওঁক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো৷ বৰতাৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিম৷ বৰতাৰ চিন্তা চেতনাৰে পুষ্ট আদৰ্শনীয় জীৱন আমাৰ সদায় মনত থাকিবঞ্জ৷
‘‘ভাগি গ’ল বীণখনি চিগি গ’ল তাৰ
ৰৈ গ’ল অৱশেষ অমিয়া ঝংকাৰ৷৷”
শেষত আদ্যশ্ৰাদ্ধৰ দিনটোত বৰতালৈ একাঁজলি অশ্ৰু অঞ্জলি যাচিছোঁ৷ যতে আছে শান্তিত থাকক.. কৃষ্ণ, কৃষ্ণ, কৃষ্ণ৷