স্মৃতিলেখাঃ প্ৰবোধ বৰগোহাঁই চাৰৰ সোঁৱৰণত

  নৰেন্দ্ৰ নাথ দত্ত


২১ অক্টোবৰ পুৱাবেলাৰ কথা৷ মহাবিদ্যালয়ৰ অগ্ৰজ সহকৰ্মী ইন্দু হাজৰিকা বাইদেউৱে টেলিফোন কৰি প্ৰবোধ চন্দ্ৰ বৰগোহাঁই চাৰৰ মৃত্যুৰ খবৰটো দিলে৷ তেখেতৰ পৰা জানিব পাৰিলো বুধবাৰৰ নিশা ঠিক আঠ বজাৰ পিছতেই চাৰৰ ইহলীলা সম্বৰণ ঘটিল৷ এই খবৰটোৱে-- যিটো বাস্তৱিকতে অপ্ৰত্যাশিত, মোৰ মনটো সঁচাকৈয়ে ভাৰাক্ৰান্ত কৰি তুলিলে৷ চাৰৰ সান্নিধ্যৰ সুদীৰ্ঘ দিনৰ অনেক খণ্ডিত চিত্ৰ, বহু ঘটনা-পৰিঘটনা যেন স্মৃতিৰ মণিকোঠাত সজীৱ হৈ ধৰা দিলেহি৷ সেই সময়তে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ প্ৰয়াত বৰগোহাঁই চাৰৰ সান্নিধ্যৰ দিনবোৰৰ সোঁৱৰণত এটি লেখা প্ৰস্তুত কৰিম৷ দুদিনমানৰ পিছতেই তেখেতৰ গুণগ্ৰাহী দুই-এজনে মোক এটি সৰু স্মৃতিলেখা প্ৰস্তুত কৰিবলৈ কোৱাত মই সন্তোষ পালো৷ এই লেখাটি প্ৰকৃততে তেখেতৰ আদ্যশ্ৰাদ্ধৰ উপলক্ষে প্ৰকাশ কৰিব খোজা স্মৃতিগ্ৰন্থখনৰ বাবে বিচৰা হৈছে বুলি মোক জানিবলৈ দিছিল৷

বৰগোহাঁই চাৰক কেনেকৈ প্ৰথম লগ পাইছিলো সেই কথা মোৰ বাৰুকৈয়ে মনত আছে৷ ১৯৮৫ চনৰ এপ্ৰিল মাহৰ এটা দিনৰ কথা৷ সেই দিনটো আছিল সেই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিন৷ গাঁৱৰ স্কুলত পঢ়া-শুনা কৰা এজন ছাত্ৰ হিচাপে ঢকুৱাখনা মহাবিদ্যালয়ৰ পৰীক্ষাগৃহত বহি থাকোতে যথেষ্ট মানসিক চাপ অনুভৱ কৰিছিলোঁ৷ কিছু সময়ৰ পিছতে এগৰাকী অতি নিৰ্জু-স্বভাৱৰ শিক্ষাগুৰুৱে উত্তৰ বহীসমূহ হাতত লৈ আমাৰ কোঠাটোত বিতৰণ কৰিবলৈ ধৰিলে৷ আমি প্ৰথমতে তেখেতক সম্ভাষণ জনোৱাত তেখেতেও আমাক পৰীক্ষাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলে৷ আমি তেখেতৰ বিনয়ী আচৰণত মুগ্ধ লো৷ পিছৰ তিনিটা ণ্টা তেখেতে অতি দক্ষতাৰে-নিয়াৰীকৈ কৰ্তব্য সম্পাদন কৰিলে৷ পৰৱৰ্তী সময়ত জানিব পাৰিলো তেখেত আছিল ঢকুৱাখনা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক প্ৰবোধ চন্দ্ৰ বৰগোহাঁই৷ বাস্তৱ জীৱনত এগৰাকী অতি নম্ৰ, বিনয়ী, জ্ঞানপিপাসু, সমাজমুখী তথা পৰিবেশ সচেতন ব্যক্তি আছিল বৰগোহাঁই চাৰ৷ দিন বাগৰি যোৱাৰ লগে লগেমেগামিক্স প্ৰকৃতি সংঘ মঞ্চত তেখেতৰ সান্নিধ্য লাভ কৰি অনেক কথাই শিকিলোঁ৷

১৯৫০ চনৰ ১১ নৱেম্বৰ তাৰিখে ঢকুৱাখনাৰ বালিগাঁৱৰসম্ভ্ৰান্তপৰিয়াল অৰ্থাৎ বৰগোহাঁই পৰিয়ালত জন্মগ্ৰহণ কৰি উচ্চ শিক্ষাৰে শিক্ষিত হৈ তেখেত ঢকুৱাখনাৰ সমাজ জীৱনলৈ প্ৰচুৰ অৰিহণা আগবঢ়ালে৷ শিক্ষাকতাকে জীৱনৰ মুখ্য সেৱা-ধৰ্ম হিচাপে গ্ৰহণ কৰি সুদীৰ্ঘকাল ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞানৰ পোহাৰ মেলিলে৷ পৰৱৰ্তী সময়ত তেখেতে ২০১০ চনত জিলা পৰ্যায়ৰ কৃতী শিক্ষকৰ বঁটাৰে সন্মানিত বলৈ সক্ষম হৈছিল৷ শিক্ষকতাৰ কালচোৱাত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ লক্ষ্মীনাথ দত্ত [পিছলৈ মোৰ শহুৰ দেউতা] যেতিয়া দুৰ্ঘটনাত পতিত হৈ এখন ভৰি চিৰদিনৰ বাবে অকামিলা লগা অৱস্থা , সেই সময়ত আমি লক্ষ্য কৰিছিলোঁ-- বৰগোহাঁই চাৰে সঘনে ঢকুৱাখনাৰ পৰা জালভাৰীলৈ বাইচাইকেল চলাই গৈ দত্তদেৱৰ খা-খবৰ লৈছিল৷ এগৰাকী গুণগ্ৰাহী চাৰ তথা অনুজ সহকৰ্মী দায়িত্ব আৰু কৰ্তব্য তেনেদৰে সম্পাদনা কৰি তেখেতে এক উজ্বল চানেকী দেখুৱালে৷ এনে গুৰু-শিষ্যৰ মধুৰ সম্পৰ্ক নি(য়কৈ আজিৰ চামৰ বাবে আদৰ্শ স্বৰূপ পাৰে৷

১৯৯৩ চনত ঢকুৱাখনাত কেইগৰাকীমান দূৰদৰ্শী তথা প্ৰকৃতিক অন্তৰেৰে ভাল পোৱা ব্যক্তিৰ উদ্যোগত অসম বিজ্ঞান সমিতি ঢকুৱাখনা শাখাৰ ছাঁতে জন্ম লভিছিল আজিৰ ৰাজ্যখনৰ এক অগ্ৰণী পৰিবেশ সংগঠনমেগামিক্স প্ৰকৃতি সংঘই৷ দেৱজিৎ ফুকন, মৃগনাভ গগৈ,  মুক্তানাথ গগৈ, বম্বেশ্বৰ চুতীয়া, যতীন্দ্ৰ কুমাৰ বৰুৱা, সৰ্বেশ্বৰ সূত বৰুৱা, লিখন চন্দ্ৰ বুঢ়াগোহাঁই, চেনীৰাম বৰুৱাকে প্ৰমুক্ষ কৰি এইসকল ব্যক্তিয়ে এক উচ্ছ খাপৰ চিন্তাৰে তথা উৎসাহীত মনোভাৱেৰে প্ৰকৃতি সুৰক্ষা আন্দোলনৰ দ্বাৰ উন্মোচন কৰিছিল৷ এই পূৰ্বে উল্লেখ কৰা ব্যক্তিসকলৰ মাজৰ অন্যতম এগৰাকী কৰ্মী হিচাপে বৰগোহাঁই চাৰে অৰিহণা আগবঢ়াই গৈছিল৷ মেগামিক্স প্ৰকৃতি সংঘৰ সেইসময়ৰ স্থায়ী ভৱনটি নিৰ্মাণত তেখেতৰ অৰিহণা যথেষ্ট আছিল৷ ১৯৯৭ চনৰ পৰা একেৰাহে চাৰিটা বছৰৰ বাবে মোক যেতিয়া সংগঠনটিৰ সম্পাদকৰ দায়িত্ব দিয়া হৈছিল সেইখিনি সময়ত চাৰৰ পৰা সদায় যোগাত্মক সহযোগিতা পূৰ্ণমাত্ৰাই লাভ কৰিছিলোঁ৷ তেখেতৰ পুৰণি ভেঁটিৰ ঘৰখন যেন আমাৰ সংঘৰ দ্বিতীয় কাৰ্যালয় আছিল৷ তেখেতৰ পৰিবাৰ চন্দ্ৰমা বৰগোহাঞি বাইদেউৰ সহযোগিতাও কোনোগুণে কম নাছিল৷ আমাৰ সংগঠনটিয়ে বৰদৈবাম বিলমুখ প্ৰস্তাৱিত পক্ষী উদ্যানৰ সমীপবৰ্তী গাঁও বিলাকত Assam Science Technology and Environment Council (ASTEC) অৰ্থ সাহাৰ্যত এলানি পৰিবেশ কৰ্মশালা অনুস্থিত কৰিছিলোঁ৷ তাৰ লগত সংগতি ৰাখি আমি পক্ষী উদ্যানখনৰ এখনিচেকলিষ্টতৈয়াৰ কৰিছিলোঁ৷ এই কামবিলাকত চাৰে আমাক উৎসাহিত কৰিছিল৷ বৰদৈৰ কেম্পত নিশা যাপন কৰি কাৰ্যসূচী ৰূপায়নত পূৰ্ণ সহযোগিতা আগবঢ়াইছিল৷ ১৯৯৮ চনত Centre for Environment Education (CEড্ৰ) North East য়ে গুৱাহাটীৰ North East Institute of Bank Bank Management (NEIBত্ত) সভাকক্ষত অনুষ্ঠিত হোৱা উত্তৰ-পূৰ্বাঞ্চল ভিত্তিক পৰিবেশ কৰ্মশালাত ঢকুৱাখনাৰ মেগামিক্স প্ৰকৃতি সংঘৰ প্ৰতিনিধি হৈ চাৰ আৰু মই অংশগ্ৰহণ কৰি পৰিবেশৰ ভালেমান সমস্যাৰ কথা উপস্থাপন কৰিছিলোঁ৷

প্ৰকৃতি সংঘৰ প্ৰায় প্ৰতিখন সভাতেই নিৰ্ধাৰিত সময়ত উপস্থিত থাকি আলোচনা বিলাকত অংশ গ্ৰহণ কৰাতো তেখেতৰ ব্যক্তিত্বৰ এক সুকীয়া পৰিচয় আছিল৷ কেৱল মেগামিক্স সংঘই নহয় ঢকুৱাখনাৰ অন্যান্য সংগঠন যেনে-- অসম বিজ্ঞান সমিতি ঢকুৱাখনা শাখা, ঢকুৱাখনা টাউন ক্লাৱ, উদয়ন সংঘ, চন্দ্ৰশেখৰ অধ্যয়ন চক্ৰ, ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সংস্থা আদিৰ লগত তেখেত ঘনিষ্ঠভাৱে জড়িত হৈ আছিল৷ এটা সময়ত তেখেতে এগৰাকী ফুটবল খেলুৱৈ হিচাপেও আত্মপ্ৰকাশ কৰিছিল৷ কিছুদিনৰ বাবে ঢকুৱাখনা বালিকা মহাবিদ্যালয়ত শিক্ষাতত্ব বিভাগত পাঠদান কৰি চালুকীয়া অনুষ্ঠানটিৰ হিত সাধন কৰিছিল৷ 

সেই সময়ত মেগামিক্স প্ৰকৃতি সংঘই লখিমপুৰ জিলা, ধেমাজি জিলা আৰু মাজুলীৰ বিভিন্ন স্থানত বিশ্ব পৰিবেশ দিৱস, বন্যপ্ৰাণী সপ্তাহ, ধৰিত্ৰী দিৱস, পৰিবেশ বিষয়ক পথ সভা, আলোচনা চক্ৰ, ক্ষেত্ৰ অধ্যয়ন, নামঘৰ বিলাকত হোৱা পৰিৱেশ বিষয়ক সভা-সমিতি আদিলৈ সংঘৰ অন্যান্য সদস্যসকলৰ লগতে বৰগোহাঁই চাৰেও চাইকেল চলাই গৈ অংশ গ্ৰহণ কৰিছিল৷ অকল সেইয়াই নহয় তেখেতৰ বক্তব্যৰ মাজেদি পৰিবেশৰ সুৰক্ষা যে অতি সময় সাপেক্ষ কাম তাক জনসাধাৰণৰ মাজলৈ লৈ গৈছিল৷ এনেবোৰে কৰ্মৰ দ্বাৰা তেখেতে নতুন চামৰ বাবে চিন্তাৰ দুৱাৰ মুকলি কৰিছিল, বহুগুণৰ অধিকাৰী বৰগোহাঁই চাৰৰ সুদীৰ্ঘ জীৱন পৰিক্ৰমাৰ নানান দিশ সমূহৰ আলোকপাত সম্বলিত লেখা নি(য়কৈ ভিন্নজনৰ কাপৰ পৰা ওলাব৷ এই লেখাটিৰ জৰিয়তে প্ৰকৃতিক ভাল পোৱা এগৰাকী ব্যক্তিৰ এটি মাত্ৰ দিশৰ কিছু অংশ আলোকপাত কৰিবলৈ চেষ্টা কৰা হৈছে৷ প্ৰকৃতি, বন-অৰণ্য, বন্যপ্ৰাণী আদিক অন্তৰেৰে ভালপোৱা, সেই বিলাকৰ বিষয়ে জানিবলৈ বুজিবলৈ সদা-উৎসুক এগৰাকী পৰিৱেশ কৰ্মী হেৰুৱাই মেগামিক্স প্ৰকৃতি সংঘ আজি গভীৰ ভাৱে ব্যথিত৷ ব্যক্তিগতভাৱে আমিও এগৰাকী শিক্ষাগুৰু তথা শুভাকাংক্ষীক হেৰুৱাই গভীৰ দুখত মজি আছোঁ৷ তেখেতৰ সেই সংঘৰ বাবে যিখিনি অৱদান সেইয়া সদায় স্মৰণীয় হৈ ব৷

চাৰি গৰাকী কন্যা আৰু এটি পুত্ৰক উপযু্ক্ত শিক্ষাৰে শিক্ষিত কৰি লগতে প্ৰতি গৰাকীকে উপযুক্ত পাত্ৰৰ হাতত গতাই তেখেতে এগৰাকী সফল অভিভাৱকৰ দায়িত্ব পালন কৰিলে৷ শেষত তেখেতৰ আদ্যশ্ৰাদ্ধৰ পবিত্ৰ দিনটোত তেখেতলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু সন্তাপগ্ৰস্ত পৰিয়াল তথা আত্মীয়বৰ্গক সমবেদনা নিবেদিছোঁ৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ