শ্ৰদ্ধাৰ পিতৃতুল্য দদাইদেউৰ সোঁৱৰণত...
লাৱণ্য সূত গগৈ
‘‘কোন কাৰ মৰমৰ কোন কাৰ চেনেহৰ
চকুৰ চিনাকি দুদিনৰ৷’’
এই মায়াময় পৃথিৱীত কোনো মানুহেই চিৰস্থায়ী নহয়৷ কথাষাৰ চিৰন্তন সত্য, কিন্তু মানি ল’বলৈ কঠিন হয়৷
ল’ৰালি কালৰেপৰা দদাইদেউহঁতৰ ঘৰখনৰ লগত ঘনিষ্ঠতা আছিল৷ এই মুহূৰ্তত মোৰ মানসপটত ভাঁহি অহা দদাইদেউৰ বিষয়ে থূলমূলকৈ দুআষাৰ লিখিবলৈ হাতত কলম তুলি ল’লো৷ ক’ৰবাত যদি ভুল-ত্ৰুটী ৰৈ যায় তাৰ বাবে ক্ষমা কৰিব৷
সৌ সিদিনা মৃত্যুৰ চাৰিদিন পূৰ্বে দদাইদেউৰ ঘৰলৈ গৈছিলো৷ তেখেতৰ স্বাস্থ্যৰ কিছু কথা তেখেতৰ লগত আলোচনা কৰিছিলো৷ কিন্তু, হঠাৎ নিয়তিৰ বিধি মানি চিৰজীৱনৰ বাবে ঠিক দুদিনৰ পাছতে এই পৃথিৱীৰ পৰা গুচি গৈছিল৷ তেওঁৰ অকস্মাৎ হোৱা মৃত্যুৰ খবৰ শুনি অতিশয় মৰ্মাহত হৈ পৰিছিলো৷
তেখেতক যথেষ্ট শ্ৰদ্ধা কৰিছিলো৷ তেখেতে প্ৰায়েই প্ৰাতঃভ্ৰমণলৈ আহোতে আমাৰ ঘৰত সোমাই চাহ একাপ খাই গৈছিল৷ পদূলিৰপৰা ডাঙৰকৈ মাত দি আহে–‘লক্ষী, লাৱণ্য..’ বুলি৷ সেই মাতষাৰ আৰু কেতিয়াও শুনিবলৈ নাপাম৷ মানুহৰ জীৱন ক্ষণস্থায়ী৷ এয়াই নিয়তিৰ বিধি৷ সেই সৰুতেই লগ পোৱা দিন ধৰি আজিলৈকে মিচিকিয়া হাঁহিটোৰ সৈতে দদাইদেউয়ে দিয়া সঁহাৰিক কেতিয়াও পাহৰিব নোৱাৰো৷
আমাৰ জীৱনৰ বহুতো ক্ষেত্ৰতে তেখেতে উৎসাহ উদ্দীপনা যোগাইছিল৷ তেখেতে মোৰ স্বামীৰ মৃত্যুৰ পিছত দিয়া সাহস আৰু প্ৰেৰণাই মোৰ মানসিকভাৱে বহুত শক্তিশালী কৰি তুলিছিল৷
দদাইদেউ যিদৰে আমাৰ আপোন আছিল–তেওঁৰ পৰিয়ালৰ প্ৰতিজন সদস্য–খুড়ীদেউ, গীতাৰ্থী, জুন, ত্ৰিৱেণী, বুল [কিৰণময়ী], প্ৰাণকৃষ্ণ মোৰ কাৰণে অতি হেঁপাহৰ৷ এই সুযোগতে কওঁ, খুড়ীদেউ ধৈৰ্যৰ প্ৰতীক৷ দুখ-কষ্টক আপুনি ভৰিৰ তলত হেঁচি ৰাখিব পৰাৰ ক্ষমতাক মই দেখি আহিছো৷ আমি দুখন ঘৰে একেটা পৰিয়ালৰ দৰে পাৰ কৰা মুহূৰ্তবোৰ স্মৃতিৰ পটত সজীৱ হৈ ৰ’ব৷ আৰু দদাইদেউ, আপুনি কায়িকভাৱে জীৱনৰপৰা হেৰাই গ’লেও আমাৰ হৃদয়ত চিৰদিনেই জীয়াই থাকিব৷
মোৰ স্বামী আৰু দদাইদেউ হৰিভকত আছিল৷ কাঠৰবাৰীৰ জিলা নামঘৰতে তেখেত দুজনে একেলগে শৰণ লৈছিল৷ তথাপিও মই দদাইদেউ বুলিহে সম্বোধন কৰিছিলো৷ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেতে মোৰ স্বামীৰ সৈতে একেলগে শিক্ষকতা কৰিছিল৷ সহজ-সৰল, ধীৰ-গম্ভীৰ, পৰোপকাৰী আৰু স্পষ্টবাদী গুণৰ ‘দদাইদেউ’ৰ সান্নিধ্যত বহু কথাই শিকিছিলো৷
তেখেতৰ আত্মাই যেন চিৰশান্তি লাভ কৰে এয়ে ভগৱানৰ ওচৰত কাতৰ প্ৰাৰ্থনা৷