বন্ধু প্ৰয়াত প্ৰবোধ চন্দ্ৰ বৰগোহাঁইৰ সোঁৱৰণত একলম...
দেৱ কুমাৰ গগৈ
“কমল দল জল চিত্ত চঞ্চল
থিৰ নোহে তিল এক
নাহি ভয়ো ভৱ ভোগে হৰি হৰি
পৰম পদ পৰতেক৷৷”
[বৰগীতঃ মহাপুৰুষ শংকৰদেৱ]
মানুহজন সঁচাকৈ গুচি গ’লগৈ সেইটো বাটেৰে, যি বাটেৰে কোনো উলটি নাহে৷ জীৱন-মৃত্যুৰ লগত যুঁজি যুঁজি ক্লান্ত হৈ অৱশেষত আজীৱন যুঁজাৰু মানুহজনে নিয়তিৰ ওচৰত হাৰ মানিলে৷
২১ তাৰিখে ৰাতি প্ৰায় একমান বজাত বেদান্তৰ ফোন পালো যে মোমাইদেউ আৰু নাই৷ খবৰটো শুনি বহুসময় মৌন হৈ ৰ’লো৷ বন্ধুৰ বাবে মৌন ভাৱেই প্ৰাৰ্থনা জনালোঁ৷
জন্ম মানেই মৃত্যু, ই এক চিৰ সত্য, প্ৰকৃতিৰ নিয়ম৷ অথচ সেই অপ্ৰত্যাশিত মুহূৰ্ত কাৰ কেতিয়া আহে কোনেও ক’ব নোৱাৰে৷
শৈশৱ, কৈশোৰকালত গোহাঁইদেৱৰ লগত মোৰ বিশেষ ঘনিষ্ঠতা হোৱা নাছিল৷ আমি একে বছৰতে প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ত নামভৰ্তি কৰিছিলো যদিও বেলেগ বেলেগ স্কুলত তেখেত ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত আৰু মই গোহাঁইবাৰী মজলীয়া বিদ্যালয়ত৷ তেতিয়াই প্ৰাথমিক বিদ্যালয়ত মোৰ আৰু মজলীয়া বিদ্যালয়ত তেখেতৰ সহপাঠী শ্ৰী কৃষ্ণপদ গগৈ আৰু শ্ৰী সোণাপুৰ বৰুৱাৰ মুখে গোহাঁইকে ধৰি কেইজনমান ছাত্ৰৰ মেধাশক্তিৰ কথা জানিব পাৰি আমি সমীহেৰে আঁতৰৰ পৰাই তেওঁলোকক নিৰীক্ষণ কৰিছিলো৷
পঢ়াৰ শেষত মই ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰিলো আৰু গোহাঁই লখিমপুৰ কলেজিয়েট হাইস্কুলত শিক্ষকতা আৰম্ভ কৰিলে৷ সেই স্কুলৰে এজন শিক্ষক মোৰ সহপাঠী [নৰ্মাল স্কুল] বন্ধু শ্ৰী পূৰ্ণ গোহাঁইৰ লগত প্ৰয়াত গোহাঁইৰ বন্ধুত্ব গঢ়ি উঠিল আৰু তেনেকৈয়ে মোৰ লগতো প্ৰয়াত গোহাঁইৰ বন্ধুত্ব স্থাপন হ’ল যি আজি চল্লিশযপঞ্চলিশ বছৰ ধৰি অটুট আছে৷ ইয়াৰোপৰি পাছলৈ আমাৰ কন্যা মাধুৰীমা আৰু গোহাঁইৰ কন্যা ত্ৰিবেণীৰ বন্ধুত্বইয়ো আমাৰ বন্ধুত্ব অধিক গাঢ় হোৱাত সহায় কৰিলে৷
গোহাঁই প্ৰায় ত্ৰিশ বছৰৰ পৰা মধূমেহ আৰু তাৰ ফলত হ’ব পৰা অন্যান্য ৰোগত আক্ৰান্ত হৈ আছিল৷ যেতিয়াই তেওঁৰ চুগাৰৰ মাত্ৰা বাঢ়ি গৈছিল, মানসিক ভাৱে একেবাৰে ভাগি পৰিছিল আৰু সেই সময়ত তেখেতে মোৰ সান্নিধ্য খুউৱ বিচাৰিছিল৷ ময়ো ‘বনপাতকে মহৌষধ’ হওক,এই আশাৰে অনেক কথা কৈ মনটোক সৰল কৰাৰ চেষ্টা কৰিছিলো৷ যিমান পাৰো তেখেতক সময় দিবলৈ চেষ্টা কৰিছিলো৷ মোৰ এই সামান্য প্ৰচেষ্টাই তেখেতক যদি কিঞ্চিত মানো সকাহ দিছিল তেন্তে মোৰ জীৱনৰ সাৰ্থকতা উপলব্ধি কৰিম৷
শেষত শোক সন্তপ্ত তেখেতৰ পৰিবাৰ, পুত্ৰ, জী-জোঁৱাই, নাতি-নাতিনী, বংশ-পৰিয়াল সকলোলৈকে সমবেদনা জনাইছোঁ৷ মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰক এয়ে প্ৰাৰ্থনা৷