ঢকুৱাখনাত লগ পোৱা মোৰ বৰেণ্য প্ৰয়াত খুড়ালৈ অশ্ৰুভৰা একাষাৰ

 শান্তি কুমাৰী দাস

ৰাতি প্ৰায় ১১.১৫ বজাত ফোনটো বাজি উঠিল৷ দীপ্তিয়ে খবৰটো দিলে যিটোৰ বাবে মই একেবাৰে প্ৰস্তুত নাছিলো অলপ সময় মই নিজক প্ৰশ্ন কৰিলো ঠিকেই শুনিছোতো?

মনত পৰিল  বছৰৰ আগৰ দিনটোলৈ ঢকুৱাখনা শিশু উন্নয়নত কৰ্মসূত্ৰে যোগদান কৰি ভাৰা ঘৰ বিচাৰি লগৰ কৰ্ম্মচাৰী এগৰাকীৰ সৈতে কাৰ্যালয়ৰ পৰা ওলাই আহিছিলো৷ মোৰ বাবে যেন ভগৱানে এনে এটি ঘৰ সাজু কৰি ৰাখিছিল পিতৃৰ দৰে এজন খুড়া আৰু বান্ধবী সদৃশ খুড়ী৷ পৰিয়ালৰ বাকী সদস্য সকলৰ কথাটো বই নালাগে আনকি আদিত্য নামৰ কুকুৰটোৱেও যেন মোক স্বাগতম জনাইছিল সেই ঘৰটোলৈ [বৰ্তমান আদিত্য নাই, সি মৰিল] প্ৰায় কেইদিনমান ঘৰটোত থকাৰ পিছতে খুড়াৰ লগত মোৰ এনে দৰে সম্বন্ধ গঢ়ি উঠিছিল যেন আমি দুয়ো বহুত দিনৰ চিনাকী৷ খুড়াৰ প্ৰতিটো কথা আমি আলোচনা কৰিছিলো৷ এষাৰ কথা নকৈ নোৱাৰো৷ মোক অফিছৰ পৰাস্বাধীনতা দিৱসতএটা কবিতা লিখিবলৈ দিছিল৷ খুড়াক কোৱাত তেখেতে মোক কিতাপ সংগ্ৰহ কৰি মোৰ লিখাত সহায় কৰি দিছিল৷ আনকি সৰু জীয়েকৰ বিয়ালৈ মাতিবলৈ দুয়ো আহিছিল ইমান দূৰ৷ কাৰণ আন্তৰিকতা থাকিলেহে মানুহ ইমান দূৰ আহিব পাৰে৷ যাবৰ সময়ত কৈ গৈছিল দাস আপোনাৰ ঘৰত এসপ্তাহ মান থকাকৈ আহিম কিন্তু/ খুড়া আপুনি তেই থাকক শান্তিৰে থাকক আৰু এই অভাগিনীৰ প্ৰতি সু-দৃষ্টি দিব যাতে আপোনাৰ দৰে এজন খুড়া জনমে জনমে পাওঁ৷

ঔম শান্তি, শান্তি, শান্তি৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ