ঢকুৱাখনাত লগ পোৱা মোৰ বৰেণ্য প্ৰয়াত খুড়ালৈ অশ্ৰুভৰা একাষাৰ
শান্তি কুমাৰী দাস
ৰাতি প্ৰায় ১১.১৫ বজাত ফোনটো বাজি উঠিল৷ দীপ্তিয়ে খবৰটো দিলে যিটোৰ বাবে মই একেবাৰে প্ৰস্তুত নাছিলো অলপ সময় মই নিজক প্ৰশ্ন কৰিলো ঠিকেই শুনিছোতো?
মনত পৰিল ৫ বছৰৰ আগৰ দিনটোলৈ ঢকুৱাখনা শিশু উন্নয়নত কৰ্মসূত্ৰে যোগদান কৰি ভাৰা ঘৰ বিচাৰি লগৰ কৰ্ম্মচাৰী এগৰাকীৰ সৈতে কাৰ্যালয়ৰ পৰা ওলাই আহিছিলো৷ মোৰ বাবে যেন ভগৱানে এনে এটি ঘৰ সাজু কৰি ৰাখিছিল য’ত পিতৃৰ দৰে এজন খুড়া আৰু বান্ধবী সদৃশ খুড়ী৷ পৰিয়ালৰ বাকী সদস্য সকলৰ কথাটো ক’বই নালাগে আনকি আদিত্য নামৰ কুকুৰটোৱেও যেন মোক স্বাগতম জনাইছিল সেই ঘৰটোলৈ [বৰ্তমান আদিত্য নাই, সি মৰিল]৷ প্ৰায় কেইদিনমান ঘৰটোত থকাৰ পিছতে খুড়াৰ লগত মোৰ এনে দৰে সম্বন্ধ গঢ়ি উঠিছিল যেন আমি দুয়ো বহুত দিনৰ চিনাকী৷ খুড়াৰ প্ৰতিটো কথা আমি আলোচনা কৰিছিলো৷ এষাৰ কথা নকৈ নোৱাৰো৷ মোক অফিছৰ পৰা ‘স্বাধীনতা দিৱসত’ এটা কবিতা লিখিবলৈ দিছিল৷ খুড়াক কোৱাত তেখেতে মোক কিতাপ সংগ্ৰহ কৰি মোৰ লিখাত সহায় কৰি দিছিল৷ আনকি সৰু জীয়েকৰ বিয়ালৈ মাতিবলৈ দুয়ো আহিছিল ইমান দূৰ৷ কাৰণ আন্তৰিকতা থাকিলেহে মানুহ ইমান দূৰ আহিব পাৰে৷ যাবৰ সময়ত কৈ গৈছিল দাস আপোনাৰ ঘৰত এসপ্তাহ মান থকাকৈ আহিম কিন্তু/ খুড়া আপুনি য’তেই থাকক শান্তিৰে থাকক আৰু এই অভাগিনীৰ প্ৰতি সু-দৃষ্টি দিব যাতে আপোনাৰ দৰে এজন খুড়া জনমে জনমে পাওঁ৷
ঔম শান্তি, শান্তি, শান্তি৷