পিতৃ-তুল্য চাৰলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি
জুলী গগৈ
সেহি ধন্য লোক শুচিমন্ত সৰ্বব গুণে শ্ৰেষ্ঠ বিদ্যাৱন্ত
যজ্ঞে তপে সিসিজন আতি শুদ্ধমতি৷
সিসিজন মহাদাতা জ্ঞানী সিসি সত্যবাদী মহামোনী
পুৰুষোত্তমত আছেয় যাৰ ভকতি৷
[নামঘোষা]
এটা শ্বাশ্বত সত্য-- মৃত্যু৷ মৃত্যুৰ শীতল হাতৰ স্পৰ্শৰ পৰা কোনেও কেতিয়াও আঁতৰি থাকিব নোৱাৰে৷ মৃত্যু অনাকাংক্ষিত আৰু বেদনাদায়ক৷ চাৰ আছিল আমাৰ বিদ্যাপীঠৰ অতিকে আপোন৷ তেখেত আছিল অমায়িক মৃদুভাষী, সহজ-সৰল৷ এজন সফল শিক্ষক আৰু আমাৰ মেধাৱী বিদ্যাপীঠৰ এজন পথপদৰ্শক৷ সকলো সময়তে আছিল আমাৰ একমাত্ৰ সাৰথি, পৰামৰ্শদাতা৷ চাৰৰ আদৰ্শবান, সহানুভূতিশীল মৰমীয়াল কথাবোৰ আমি জীৱন কালত কেতিয়াও পাহৰিব নোৱাৰো৷ অজানিতে আজি আমাৰ মাজৰ পৰা আতৰি যোৱাত এই দুখৰ মুহূৰ্তত আমি অতিকৈ মৰ্মাহত হৈছো বিদ্যাপীঠৰ পৰিয়ালবৰ্গই৷ চাৰৰ সাধাৰণ পোছাক যোৰৰ লগতে বাইচাইকেলখন লৈ আজিৰ পৰা আমাৰ বিদ্যাপীঠলৈ আপুনি আৰু নাহে৷ আপোনাৰ আদৰ্শই যেন সদায় আমাৰ পাথেয় হৈ ৰওঁক৷
এনে আদৰ্শ আৰু কৰ্ম প্ৰেৰণাই আমাৰ সকলোকে যাতে উৎসাহিত কৰে৷
শেষত তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ আজি এই শ্ৰদ্ধাঞ্জলীত মই শ্ৰদ্ধাৰে সুঁৱৰি তেখেতক শ্ৰদ্ধা নিবেদন কৰিছো৷ তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ৷
“কোনে কাক বিদায় জনাব পাৰে
বুকুত খোদিত যাৰ সঠিক ঠিকনা৷”