‘নিচাদেউ’ৰ সোঁৱৰণত
কৰিস্মা গগৈ
মৃত্যু মানৱ জীৱনৰ শেষ বাস্তৱ৷ যাক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ৷ সেইদিনা ৰাতি দুঃসংবাদটো পালো মেছেজত৷ কিৰণে WhatsApp ষ্টেটাচ দিছে ‘Deta .......’ মই অলপ সময় মৌন হৈ ৰ’লো৷ আকৌ মোৰ ‘বাবা’ক হেৰুওৱাৰ দিনটোৰ কথা মনলৈ আহিল৷ বহুত অসহায় হৈ পৰিছিলোঁ৷ মই মনতে ঠিৰাং কৰিলো কিৰণ আৰু ঘৰখনক এই সময়ত সাহস দিব লাগিব৷ এইখিনি সময়ত ধৈৰ্য্য ধৰিবি বুলি মেচেজতে জনালো৷ ফোন কৰাৰ সাহস নহ’ল..৷ বহুত দুখ লাগে–মা-দেউতাকক যিয়ে হেৰুৱাইছে, সেইজনেহে বুজি পায় হেৰুওৱাৰ বেদনা কিমানঞ্জ এটা বুজাব নোৱাৰা সময়, মাত্ৰ মানুহৰ লগত ব্যস্ত থাকি নীতি-নিয়মৰ মাজতে আগবাঢ়ি যায় সময়বোৰ৷
কিৰণময়ীহঁতৰ লগত আমাৰ ঘৰখনৰ এক আত্মীয়তা গঢ়ি উঠিছিল৷ কিৰণময়ী মোৰ সহপাঠী হোৱা হেতু আৰু সৰুতে একেলগে সত্ৰীয়া নৃত্য নচাৰ সময়খিনিত আমাৰ দুয়োখন ঘৰৰ মাজত সঘন আহ-যাহ হৈছিল৷ কৰ্তব্যৰ ধামখুমীয়াত অহা-যোৱা অলপ কমি গ’লেও আগৰ সেই আত্মীয়তা এতিয়াও অটুট আছে৷
‘নিচাদেউ’ক আমাৰ মায়ে ‘দদাইদেউ’ সম্বোধন কৰিছিল আৰু আমাৰ দেউতাৰ লগত ঢকুৱাখনা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত একেলগে শিক্ষকতাও কৰিছিল৷
আমাৰ অতি মৰমৰ ‘নিচাদেউ’ অতি উদাৰ আৰু কোমল মনৰ লোক আছিল৷ য’তেই নেদেখক কিয় ‘কৰিস্মা’ বুলি যি হেঁপাহেৰে মাতিছিল..সেয়া মনত সজীৱ হৈ ৰ’ব৷ ‘দেউতা’ ঢুকোৱাৰ পাছত তেখেতে আমাৰ ঘৰখনৰ খবৰ-বাতৰি লোৱাৰ উপৰিও দিহা-পৰামৰ্শ, সাহস প্ৰদান কৰি মোক মানসিকভাৱে শক্তিশালী কৰি তুলিছিল৷
আপোনাৰ আত্মাই অনন্তধামত চিৰশান্তি লাভ কৰক৷ এয়ে নেদেখাজনৰ ওচৰত কাতৰ প্ৰাৰ্থনা৷