গোহাঁইদেৱলৈ শ্ৰদ্ধাঞ্জলি

প্ৰেম গগৈ

যোৱা ইং ২১ অক্টোবৰ, ২০২১ তাৰিখে পুৱা পাঁচ বজাত গোহাঁইদেৱৰ মৃত্যুৰ বাতৰিয়ে আমাক সকলোকে মৰ্মাহত কৰিছিল৷ জন্মিলে এদিন মৰিবই লাগিব৷ চিৰন্তন সত্য৷ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিযুক্তি লাভ কৰাৰ পাছৰ পৰাই গোহাঁইদেৱৰ সান্নিধ্যলৈ অহাৰ সুবিধা পাইছিলোঁ৷ গোহাঁইদেৱ বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছত বাৰীৰ পকা ফল মূলৰ সোৱাদ লোৱা, সঘন নিমন্ত্ৰণৰ ফলত আমাৰ ঘনিষ্ঠতা ক্ৰমাৎ বাঢ়ি গৈছিল৷ বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰতিখন সভাত তেখেতে বক্তব্য ৰাখিছিল৷ শিক্ষাৰ ক্ষেত্ৰখনত তেখেতে শিক্ষক আৰু ছাত্ৰ মাজত নিবিড় সম্পৰ্কটো প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল৷ তেখেত জ্যোতিবিৰ্দ্যাৰ প্ৰতি অগাধ বিশ্বাস থকাৰ বাবে মাজে সময়ে বিৰতিৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ লগত আলোচনা কৰি ৰসিকতাৰ পৰিচয় দিছিল৷ তেখেতে চাকৰি জীৱনত কৰ্তব্যপৰায়ণ, দায়িত্ববোধ আৰু নিয়মানুবত্তিৰ্তা পৰিচয় দিবলৈ সক্ষম হৈছিল৷ নিষ্ঠা আৰু একাগ্ৰতাৰে ঘৰুৱা দায়িত্ব পালন কৰি নিজৰ পৰিয়ালটিক সঠিক দিশত আগবঢ়াই নিবলৈ সক্ষম হৈছিল৷

শেষত পৰম পিতাৰ চৰণত প্ৰাৰ্থনা জনাই তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰাৰ কামনা কৰিলোঁ৷ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ  সমবেদনা জ্ঞাপন কৰিলোঁ৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ