শ্ৰদ্ধাঞ্জলি...
প্ৰণৱ শৰ্মা
“মৃত্যুওটো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা
নিলোৰ্ভ ভাস্কৰ্য” --- হীৰুদা
খবৰটো শুনি মানসিকভাবে ভাগি পৰিলো৷ অধিক দুখ পালো অন্তিম সময়ত তেখেতৰ সান্নিধ্য এটি নোপোৱাৰ যাতনাত৷ হয় মই সদ্য প্ৰয়াত কৃতী শিক্ষক প্ৰবোধ বৰগোহাই ছাৰৰ কথাই ক’বলৈ খুজিছো৷ মৃত্যুও যে তেনেকৈয়ে আহে সেইটো মুঠেও সহজ ভাবে ল’ব পৰা নাই৷ এজন কৃত¹ শিক্ষক আৰু সফল পিতৃ হিচাবে তেখেত জীৱন পৰিক্ৰমাত কৰণীয় সকলো খিনিয়েই কৰি থৈ গ’ল৷ সেই অনুপাতে পিতৃৰ সু-আদৰ্শ আৰু সংস্কাৰেৰে মহীয়ান হ’ল ল’ৰা-ছোৱালীসকল৷ তথাপিও মৃত্যুটো জানো সবাৰে কাম্য? বিগত প্ৰায় ১২ বছৰে তেখেতৰ ঘৰত কৰ্ম সূত্ৰে ভাড়াতীয়া হিচাপে থাকি তেখেতক নিচেই ওচৰৰ পৰা পোৱাৰ সৌভাগ্য ঘটিছিল৷ কেতিয়াবা পুৱা-গধূলিৰ নিঃসঙ্গ সময়ছোৱাত মোক মাতিছিল দু-আষাৰ কথা পাতিবলৈ বা নিজেও মোৰ কোঠালৈ আহিছিল৷ কেতিয়াবা ধেমেলীয়া ভঙ্গীত “শৰ্ম্মাজী” বুলি বহল আগ চোতালৰ বাৰাণ্ডাখনৰ পৰা চিঞৰি মাতিও আনন্দ লভিছিল৷ স্বাভাবিকতে মই কিছু অল্পভাষী যদিও নিঃসঙ্গতাৰ বিষন্ন প্ৰহৰবোৰত তেখেতৰ হাস্য মধু সনা কথাবোৰে কোঠাৰ বতাহ জাকত সিঁচৰতি হৈ বহু সময়লৈকে জীপাল কৰি ৰাখিছিল৷ মানুহৰ সঙ্গ ভাল পোৱা এজন ব্যক্তি৷ অকৃত্ৰিম মৰম চেনেহৰ লগতে পাকঘৰৰ ভিতৰ চ’ৰাৰ পৰা বাৰীৰ শাক-পাছলিলৈকে ভগাই খাই ভাল পোৱা মানুহজনৰ পৰিয়ালৰ সৈতে একাত্ম হ’বলৈ শিকিলো স্ব-গৃহৰ দৰেই৷ কিন্তু বিধাতাৰ ক্ৰোৰ বিধানবোৰক জানো আমি সামান্য নৰ মনীষ হৈ নস্যাৎ কৰিব পাৰোঞ্জ অধিক দুখ পালো, যেতিয়া এই মৰ্মান্তিক বতৰাটো পাই তাৎক্ষণিকভাবে পৰিয়ালবৰ্গক সমবেদনা এটা জনাবলৈ অসমৰ্থ হোৱাত৷ যিহেতু অবাঞ্চিত বাতৰিটো পোৱাত মোৰ পলম হৈছিল৷ এতিয়া ঘৰখনত কিবা এটা শূণ্যতা পলে পলে অনুভৱ কৰিছো৷ শেষত এটাই কামনা তেখেতৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰক এই দুখৰ ক্ষণত শোক সন্তপ্ত পৰিয়ালটিলৈও গভীৰ সমবেদনা জ্ঞাপন কৰিলো৷
ঔম শান্তি, শান্তি, শান্তি