পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু প্ৰবোধ বৰগোহাঁই চাৰৰ স্মৃতিত...
পংকজ বৰঠাকুৰ
প্ৰতিজন মানুহৰে জীৱনত শিক্ষাগুৰুৰ ভূমিকা ভৱিষ্যতৰ জীৱনৰ কাৰণে পাথেয় হয়৷ আমাৰ ব্যক্তিগত জীৱনতো প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্য্যায়লৈকে যিসকল শিক্ষাগুৰুৰ ভূমিকা আৰু শিক্ষাদান জীৱনটোনো কি তাক বুজাবলৈ চেষ্টা কৰি অন্তৰৰ নিভৃত কোণত স্থান পাবলৈ সক্ষম হৈছিল সেইসকলৰ ভিতৰত আমাৰ পৰম শ্ৰদ্ধাৰ আৰু মৰমৰ প্ৰবোধ গোহাঁই চাৰো আছিল অন্যতম৷
আমি ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অষ্টম মানৰ পৰা দশম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিলো আৰু প্ৰবোধ গোহাঁই চাৰে আমাৰ নৱম শ্ৰেণীত অসমীয়া পঢ়ুৱাইছিল৷ এদিন চাৰক মই অসমীয়াৰ কিবা এটা প্ৰশ্ন সুধিছিলো৷ পিছদিনা চাৰে সেউজীয়া কালাৰৰ কিতাপ এখন আনি দি কৈছিল এইখন ভালকৈ পঢ়িবি৷ তেতিয়া তই সোধা প্ৰশ্নটোৰ উত্তৰ পাবি৷ সেইখন আছিল বিশ্ববিদ্যালয় মহলাত পঢ়ুৱা পাঠ্যপুথি৷ লিখক আছিল ড॰ কৰবী ডেকা হাজৰিকা৷ মই কিতাপখন বুজু-নুবুজুকৈ পঢ়িবলৈ চেষ্টা কৰিছিলোঁ৷ পিছৰ কালত তেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চাকৰি কৰিবলৈ আহিলো তেতিয়া কৰবী বাইদেউৰ লগত পুৰণি কথা আলোচনা কৰি থাকোতে কৈছিলো আপোনাৰ নামটো মই নৱম শ্ৰেণীতে কিতাপৰ পাতত দেখিছিলো আৰু পঢ়িবলৈ চেষ্টা কৰিছিলো আপুনি লিখা কিতাপ৷ বাইদেৱে মোৰ মুখলৈ চোৱাত মই কৈ গৈছিলো কিদৰে প্ৰবোধ গোহাঁই চাৰে মোক সেই কিতাপখন দিছিল৷ তেতিয়া আমাৰ কাৰ্যালয়ৰ কোঠাত উপস্থিত থকা সকলোলোকে তেওঁলোকৰ স্মৃতি ৰোমন্থন কৰিছিল আৰু কৈছিল কিদৰে একোজন শিক্ষকে জীৱনলৈ অনুপ্ৰাণিত কৰিব পাৰে তেখেতৰ মহান কাৰ্যই৷ মই বৰগোহাঁই চাৰক টেলিফোন কৰোতে এইবোৰ কথা কৈছিলো আৰু চাৰে পুনৰ তেখেতৰ স্বভাৱগত সৰলতাৰে নানা উপদেশমূলক কথা কৈ আশীৰ্বাদ দিছিল৷
ব্যক্তিগত ভাবে ভালেদিন চাৰক লগ পোৱাৰ মোৰ সৌভাগ্য নহ’ল আৰু এনেকৈয়ে চাৰেও পৃথিৱীৰ পৰা মেলানি মাগিলে৷ মনত পৰে যেতিয়া চাৰে ফোন কৰি কৈছিল -- পংকজ মই এজন ল’ৰা পঠাইছো৷ তাৰ সমস্যা সমাধান কৰি দিবি৷ মই তোৰ কথা কৈ পঠাইছো৷ সেই যে সকলোকে নিজৰ বুলি ভবা সকলোকে আপোন কৰি লোৱা কোনোদিনেই কোঢ়াল কৰিলেও গালি-গালাজ নকৰি মৰমেৰে বুজোৱা আমাৰ সেই পবিত্ৰ মনৰ সৰল অন্তৰৰ প্ৰবোধ বৰগোহাঁই চাৰ আজি শাৰিৰীক ভাবে আমাৰ মাজত নাই কিন্তু আমাৰ মনৰ মাজত চাৰ জ্বলি থকা চাকিৰ দৰে সদায়েই উজ্বলি থাকিব৷ চাৰ আপুনি য’তেই আছে তাতে থাকক-- পৰম শান্তিৰে থাকক চাৰ...৷ আপোনাৰ ছাত্ৰই আপোনাক সেৱা জনাইছে...৷