জ্যোতি নাটঘৰ আৰু বৰগোহাঁই চাৰ...

জিতেন কুমাৰ দাস 


২০০২ চন৷ মোৰ স্নাতকোত্তৰ পৰীক্ষাৰ ফলাফল তেতিয়াও ওলোৱা নাই৷ ডিব্ৰুগড় আখৰাঘৰ নাট্যচৰ্চা, আজনকা, ভাবিকাল নাট্যগোষ্ঠীৰ নাটক চোৱা আৰু নিজে জড়িত হোৱাৰ অভিজ্ঞতা বুুকুত ৰাখি ঢকুৱাখনা উদ্যমী চিৰিয়াচ ধৰ্ম্মী নাটকৰ যাত্ৰা আৰম্ভ কৰিলো আৰু ২০০২ বৰ্ষৰ ১৭ জুনতজ্যোতি নাটঘৰনামেৰে এটি অনুষ্ঠানৰ জন্ম দিলো৷ নাটঘৰৰ কাম আমি প্ৰথমে মোৰ গাঁৱৰ ঘৰত [মানিকা চুক] আৰম্ভ কৰিলো৷ নাটঘৰৰ কামবোৰ ৰাইজে আদৰি লৈছিল৷ আমি বছৰেকীয়া নাট কৰ্মশালাৰ কাৰ্যসূচী হাতত লো আৰু তেতিয়াই আমাৰ এটি ঘৰৰ প্ৰয়োজন ল৷ বন্ধু দাদুলে প্ৰবোধ বৰগোহাঁই চাৰৰ নতুন ঘৰটোৰ কথা লে৷ বিনোদ, হেমন্ত, ৰুবুল, বাবা, প্ৰশান্ত আৰু মই চাৰৰ ঘৰত উপস্থিত হৈ চাৰক ঘৰটোৰ কথা কোৱাত লগে লগে সন্মতি প্ৰকাশ কৰিলে৷ সেই যি আৰম্ভণি তাৰ পিছৰ পৰা চাৰ নাটঘৰৰ এজন অভিভাৱকৰ দৰে হৈ পৰিল৷ 

এজন সহজ, সৰল, স্থিতপ্ৰজ্ঞ সদাসচেতন নীৰৱে ৰাইজৰ কাম কৰি ভাল পোৱা চাৰৰ সদায়ে নতুনক আদৰি ভাল পাইছিল৷ নাট ঘৰৰ সকলোকে নিজৰ সন্তানৰ দৰে মৰম কৰিছিল৷ চাৰৰ নতুন ঘৰটোৰ সৰু কোঠাতে নাটঘৰৰ স্থায়ী, অস্থায়ী কাযাৰ্লয় হৈ পৰিল৷ অসমৰ সাংস্কৃতিক জগতৰ বিভিন্ন ব্যক্তি বিশিষ্ট চলচিত্ৰ অভিনেতা ইন্দ্ৰ বনিয়া, নাট্যকাৰ সেৱাব্ৰত বৰুৱা, চন্দ্ৰধৰ চমুৱা, নাট পৰিচালক ৰফিকুল হুচেইন, নাজিম আহমেদ, অসীম শৰ্মা, বিশিষ্ট অভিনেতা যতীন বৰা, কবিতা চুতীয়া আদি বহুজন ব্যক্তিৰ লগত হোৱা কথোপকথনৰ অন্যতম সাক্ষী আছিল আমাৰ কাৰ্যালয়টো অৰ্থাৎ চাৰৰ ঘৰটো,   চন্দ্ৰধৰ চমুৱা চাৰ আৰু প্ৰবোধ বৰগোহাঁই চাৰ৷

২০০৪ বৰ্ষত নাটঘৰে ঢকুৱাখনা মহকুমা ভিত্তিত শ্ৰেষ্ঠ শিক্ষক, শ্ৰেষ্ঠ সমাজ কৰ্মী, শ্ৰেষ্ঠ সাংস্কৃতিক কৰ্মী, শ্ৰেষ্ঠ চৰকাৰী কৰ্মী, শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰী বঁটা প্ৰদানৰ কথা ভাবি চাৰক কথাটো অৱগত কৰিলোঁ৷ চাৰে বৰ আনন্দ পালে আৰু আমিও সেই বছৰতে হাতে কামে লাগি ১৭ জানুৱাৰীত নাটঘৰৰ প্ৰতিষ্ঠা দিৱসত চাৰৰ ঘৰৰ সন্মুখ ভাগতে ত্ৰিপাল তৰি সভা পাতি বঁটাসমূহ দিয়াৰ ব্যৱস্থা কৰিলোঁ৷

এবাৰ এটা ঘটনা ঘটিল৷ আমি চন্দ্ৰধৰ চমুৱা চাৰৰ পোৰা ভেঁটিৰ নতুন ঘৰ নাটকখন ঢকুৱাখনা ৰাজহুৱা প্ৰেক্ষাগৃহত তিনিদিনীয়াকৈ মঞ্চস্থ কৰিম৷ আমাৰ অনুষ্ঠান সময়মতে আৰম্ভ কৰাটো এটা নিয়ম হৈ পৰিছিল৷ দৰ্শকসকলো অৱগত হৈছিল, দুজন জ্যেষ্ঠ ব্যক্তি প্ৰবোধ বৰগোহাঁই চাৰ আৰু লিখন গোহাঁই চাৰ আমাৰ অনুষ্ঠানৰ নিয়মীয়া দৰ্শক আছিল৷ আমাৰ নাটকৰ আৰম্ভৰ সময় ল৷ কিন্তু উদ্বোধক চন্দ্ৰধৰ চমুৱা চাৰ তেতিয়াও আহি পোৱাহি নাই৷ আমি খবৰ কৰি গম পালো তেখেত পোন্ধৰ মিনিট পলমকৈ আহি পাব৷ দৰ্শকৰ আসনৰ পৰা লিখন বুঢ়াগোহাঁই চাৰে.... আমি নাটক আৰম্ভ কৰি দিলো৷ চাৰ আহি পোৱাৰ পাছত এটা দৃশ্য কৰি পুনৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰিব লগা হৈছিল৷

আৰম্ভনিতে ৰাইজৰ দান বৰঙণি আৰু প্ৰশিক্ষাৰ্থীৰ মাচুলেৰে নাটঘৰ চলোৱাটো কঠিন কাম আছিল৷ তাতে একে কেইজন ব্যক্তিৰ পৰা দান-বৰঙণি লৈ থাকিবলৈও বেয়া লগা ল৷ তেতিয়া আমি নাটঘৰ সুচাৰুৰূপে চলাবৰ বাবে বলাহী নদীৰ পাৰৰ নলতলী পথাৰত ১৪০ বিঘা মাটি লিজত লৈ সৰিয়হ খেতি কৰাৰ পৰিকল্পনা হাতত লৈ কাম আৰম্ভ কৰিলো৷ বাট-পথৰ কোনো সুচল ব্যৱস্থা নথকাত আমি চাইকেলেৰেই যোযোযোগ অব্যাহত ৰাখিছিলো৷ এদিন হঠাৎ চাইকেল চলাই প্ৰবোধ বৰগোহাঁই চাৰ আমাৰ কেম্পত ওলালগৈ৷ আমি হতবাক লো৷ সেইদিনাখন আমি দুপৰীয়াৰ সাজ কেম্পত খাই বৈ পুনৰ একেলগে ওভতনি যাত্ৰা কৰিছিলো৷

চাৰৰ গোটেই ঘৰখনেই নাটঘৰৰ পৰিয়াল যেন আছিল৷ মৰমিয়াল দেখিলেই ভক্তিভাৱ অহা বাইদেউ আমাৰ সকলোৰে মৰমৰ অভিভাৱক আছিল৷ ডাঙৰ আই [গীতাৰ্থী] চুম, [জাহ্নৱী] জোন, [ত্ৰিবেনী] মুনু, [কিৰণময়ী] বুল আৰু [প্ৰাণকৃষ্ণ] পাপু আটাইকেইটাই নাটঘৰৰ অনুৰাগী আছিল৷ বুল আৰু পাপুৰ নাটঘৰৰ বাবে থকা অৱদান কেতিয়াও পাহৰিব নোৱাৰো৷ সম্ভৱত পঞ্চম, ষষ্ঠ শ্ৰেণীত পঢ়ি থকা পাপুৱে হাতে লিখা এখন বাতৰিকাকত প্ৰকাশ কৰিছিল আৰু সেই বাতৰিখনৰ অন্যতম পঢুৱৈ মই আছিলো৷ বুল আছিল এগৰাকী প্ৰতিভাসম্পন্ন নৃত্যশল্পী, মুনু এগৰাকী চিত্ৰশিল্পী আৰু জোন আছিল গোটেই ঘৰ পৰিচালনা কৰাত পাকৈত৷ ডাঙৰ আই লিখা মেলাত পাৰ্গত৷ এতিয়া সেই প্ৰতিভাবোৰ কেনেদৰে বিকাশ কৰিছে গম নেপাওঁ৷ 

প্ৰতিজন সন্তানক ভিন্ন প্ৰতিভাৰে গঢ় দিব পৰা চাৰ বাইদেউৰ ব্যক্তিত্ব আৰু মহানতা সমাজৰ বাবে সদায় প্ৰশংসনীয় আৰু আদৰ্শনীয় হৈ ব৷

বহুবছৰ চাৰৰ সান্নিধ্যত থাকিব পৰা নাই যদিও মাজে মাজে চাৰে ফোন কৰি খা-খবৰ লৈ আছিল৷ ২০১৯ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰযোগে মোৰ মাত শুনি গাঁৱৰ ঘৰত গৈ চাৰে মোৰ লগতে পৰিয়ালৰ খবৰ লৈ যথেষ্ট উৎসাহিত কৰাৰ লগতে কৃতাৰ্থ কৰিছিল৷ পিতৃতুল্য চাৰৰ মৃত্যুৰ কেইদিন আগতে চাৰলৈ বৰকৈ মনত পৰি ফোন কৰি খবৰ লওঁতেই চাৰৰ খবৰটো পাই মৰ্মাহত লো৷ নাটঘৰৰ লগত থকা চাৰৰ বহু স্মৃতি এতিয়াও সজীৱ হৈ আছে৷ ক্ৰমানুসাৰে ৰোমন্থন কৰি চাৰৰ পৰম আত্মাৰ সদ্গতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ